Home গুৱাহাটী ৩৬৫ দিনত মহানগৰীত ৩৭৩ জনৰ আত্মহত্যা: পশ্চিম আৰক্ষী জিলাৰ ফটাশিল আমবাৰীত সৰ্বাধিক...

৩৬৫ দিনত মহানগৰীত ৩৭৩ জনৰ আত্মহত্যা: পশ্চিম আৰক্ষী জিলাৰ ফটাশিল আমবাৰীত সৰ্বাধিক ৭৯ জনৰ আত্মহনন

707
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ ডিচেম্বৰ ঃ মহানগৰীত এটা বৰ্ষত ৩৭৩জনে আত্মহননৰ দৰে পথ বাছি লয়। মহানগৰ আৰক্ষী আয়ুক্তালয়ৰ প্ৰতিবেদন অনুসৰি ২০২১ৰ পহিলা জানুৱাৰীৰ পৰা ২০ ডিচেম্বৰ পৰ্যন্ত মহানগৰীৰ তিনি আৰক্ষী জিলাত মুঠ ৩৭৩জন লোকে আত্মহত্যাৰ পথ বাছি লয়। এই সময়ছোৱাত সৰ্বাধিক পশ্চিম আৰক্ষী জিলাৰ ফটাশিল আমবাৰীত ৭৯জন লোকে আত্মহত্যাৰ পথ বাছি লয়। ফটাশিল আমবাৰী থানাৰ এলেকাত ৭৯জন লোকে এই সময়ছোৱাত আত্মহননৰ পথ বাছি লোৱাৰ বিপৰীত পূব আৰক্ষী জিলাৰ দিছপুৰ থানা এলেকাত ৪২জন লোকে আত্মহত্যাৰ পথ বাছি লয়। প্ৰতিবেদন অনুসৰি মহানগৰীৰ কেন্দ্ৰীয় আৰক্ষী জিলাৰ চানমাৰি থানা এলেকাত আঠজন, গীতানগৰ থানা এলেকাত চাৰিজন, নুনমাটি থানা এলেকাত ২৬জন, প্ৰাগ্‌জ্যোতিষপুৰ থানা এলেকাত আঠজন, সাতগাঁও থানা এলেকাত ২০জন, পাণবজাৰ থানা এলেকাত দুজন, পল্টনবজাৰ থানা এলেকাত ২৫জন, লতাশিল থানা এলেকাত ১২জন লোকে আত্মহত্যা কৰে।

একেদৰে পূব আৰক্ষী জিলাৰ দিছপুৰ থানা এলেকাত ৪২জন, ভঙাগড় থানা এলেকাত ৮জন, বশিষ্ঠ থানা এলেকাত ২১জন, হাতীগাঁও থানা এলেকাত ২০জন, ক্ষেত্ৰী থানা এলেকাত ১৭জন আৰু সোণাপুৰ থানা এলেকাত ১৯জন লোকে এই সময়ছোৱাত আত্মহত্যাৰ পথ বাছি লয়। আনহাতে, পশ্চিম আৰক্ষী জিলাৰ ভৰলুমুখ থানা এলেকাত দুজন, জালুকবাৰী থানা এলেকাত ২৫জন, গড়চুক থানা এলেকাত দুজন, ফটাশিল থানা এলেকাত ৭৯জন আৰু আজাৰা থানা এলেকাত ৩৩জন লোকে আত্মহত্যাৰ পথ বাছি লয়। উল্লেখ্য যে দেশত ক’ভিড মহামাৰীৰ কালছোৱাত আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে। এনচিআৰবিৰ তথ্য অনুসৰি পূৰ্বৰ তুলনাত দেশত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পাইছে। ঠিক একেদৰে গুৱাহাটী মহানগৰীতো আত্মহত্যাৰ প্ৰৱণতা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here