Home Main Stories তৃতীয় ৰাইছমোদি নুনিচা সোঁৱৰণি উত্তৰ-পূব ক্ৰিকেটত এন ডি ২৪, অসমীয়া প্ৰতিদিন ফাইনেলত

তৃতীয় ৰাইছমোদি নুনিচা সোঁৱৰণি উত্তৰ-পূব ক্ৰিকেটত এন ডি ২৪, অসমীয়া প্ৰতিদিন ফাইনেলত

251
0

গুৱাহাটী,২ ফেব্ৰুৱাৰী :  এন ডি ২৪ আৰু অসমীয়া প্ৰতিদিনে তৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি উত্তৰ-পূব ক্ৰিকেট চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰবেশ কৰিছে। জজ ফিল্ডত আজি অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত এন ডি-২৪ ৰে ২৯ ৰাণত পৰাস্ত কৰে প্ৰাগ নিউজক। এন ডি ২৪ দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটত সংগ্ৰহ কৰে ১৪৩ ৰাণ। দলৰ হৈ ৰাজ হুছেইনে সৰ্বাধিক ৬০ ৰাণ, ৰঞ্জিত চাংমাইয়ে ৪৯ আৰু অমিত বড়োৱে অপৰাজিত ১৬ ৰাণ কৰে। প্ৰতিপক্ষৰ অমিত দাসে ২ টা আৰু ৰাজেন্দ্ৰ মহাতোৱে ১ টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত প্ৰাগ নিউজে নিৰ্ধাৰিত অভাৰত ৯ উইকেটত সংগ্ৰহ কৰে ১১৪ ৰাণ। দলৰ সঞ্জিত বাছফৰে অপৰাজিত ৩৪, মৃগাংক শৰ্মাই ২২ আৰু সঞ্জীৱ নাৰায়ণে ১৮ ৰাণ কৰে। বিজয়ী দলৰ ৰাজ ভৌমিকে ৪ টা, আবুদ্দিন খানে ৩ টা আৰু বিকাশ চেত্ৰীয়ে ২ টা উইকেট দখল কৰে। মেন অৱ দ্য মেচ ট্ৰফী লাভ কৰে ৰাজ হুছেইনে। তেওঁক ট্ৰফী প্ৰদান কৰে কাৰ্বি আংলং প্ৰেছ ক্লাবৰ সম্পাদক ডেনিয়েলচন বেই। ইফালে  দ্বিতীয়খন ছেমিফাইনেলত অসমীয়া প্ৰতিদিনে কাৰ্বিআংলং প্ৰেছ ক্লাবক ১৫৪ ৰাণত পৰাস্ত কৰে। অসমীয়া প্ৰতিদিনে ২০ অভাৰত ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২২০ ৰাণ‌। দলৰ জগজিৎ সিঙে  অপৰাজিত ৮২, ৰোমাৰিঅ’ শৰ্মাই মাত্ৰ ২৯ টা বলত ৬ টা ছয় আৰু ছটা ৪ ৰ সহায়ত সংগ্ৰহ কৰে ৭৩ ৰাণ। বিশ্বজিৎ ডেকাই ১৮ আৰু প্ৰাৰ্থীৱ হাজৰিকাই ১৬ ৰাণ কৰে। প্ৰতিপক্ষৰ মৃদুল ৰংপীয়ে ২ টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত কাৰ্বিআংলং প্ৰেছ ক্লাবে ১৬.২ অভাৰত মাত্ৰ ৬৬ ৰাণতে ইনিংছ সামৰে । দলৰ  নিৰ্মল থাপাই ১৮ আৰু  আটুৰ টিমুঙে ১৩ ৰাণ কৰে। বলিঙত বিজয়ী দলৰ মনজিৎ শৰ্মাই ৩ টা, টৌহিদ আলী তালুকদাৰ আৰু ৰোমাৰিঅ’ শৰ্মাই ২ টাকৈ উইকেট দখল কৰে। বিস্ফোৰক ইনিংছটোৰ বাবে ৰোমাৰিঅ’ শৰ্মাক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰে আয়োজক কমিটিৰ উপ সভাপতি ৰাজদ্বীপ দাসে। কাইলৈ পুৰা অসম চৰকাৰৰ জনসংযোগ বিভাগ আৰু বিয়লি পিটাৰ বিৰুদ্ধে প্ৰীতি মেচ খেলিব মিডিয়া ছুপাৰ কিংছে। অহা ৪ ফেব্ৰুৱাৰী, শুকুৰবাৰৰ ফাইনেলত অসমীয়া প্ৰতিদিন আৰু এন ডি ২৪ পৰস্পৰৰ  মুখামুখি হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here