Home অসম মুখ্যমন্ত্ৰীৰ নামত ধনদাবী কৰি আৰক্ষীৰ জালত মুজাম্মিল

মুখ্যমন্ত্ৰীৰ নামত ধনদাবী কৰি আৰক্ষীৰ জালত মুজাম্মিল

209
0


গনবাৰ্তা,ডবকা, ৩ মাৰ্চছ মুখ্য মন্ত্ৰীৰ নামত ধন দাবী কৰি ডবকা আৰক্ষীয়ে নগাৱৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মুখ্যমন্ত্ৰীৰ সৈতে সু সম্পৰ্ক থকা বুলি কৈ বিভিন্ন জনৰ পৰা লোৱাৰ লগতে ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ একাংশ লোকে যোৱা নিশা আটক কৰি ডবকা আৰক্ষীক চমজাই দিয়ে৷ প্ৰৱঞ্চকটোৰ নাম মুজাম্মিল হাচান,মুজাম্মিলৰ ঘৰ নগাঁৱৰ আলিটাঙনিত,চাকৰিৰ প্ৰলোভনেৰে একাধিক লোকৰ পৰা ধন সংগ্ৰহ কৰাৰো অভিযোগ মুজাম্মিলৰ বিৰুদ্ধে৷বিভিন্ন জনক প্ৰৱঞ্চক জনে প্ৰতিশ্ৰুতি দিছিল আৰক্ষীক চাকৰি দিয়াৰ ,হোমগাৰ্ডৰ চাকৰিৰ বিনিময়ত সংগ্ৰহ কৰিছিল ধন,ইতিমধ্যে যোগান ধৰিছিল গাৰ্ডৰ পোচাক আৰু জুতা,কেৱল চাকৰি দিয়াই নহয় ধনৰ বিনিময়ত তন্ত্ৰ-মন্ত্ৰ কৰি দুখ দুৰ্দশা দুৰ কৰাৰ আশ্বাস মুজা্‌ম্মিলৰ৷প্ৰৱঞ্চক জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত থানাত ভিৰ কৰে একাধিক লোকে,জাপে জাপে গোচৰ পৰে প্ৰৱঞ্চক জনৰ ওপৰত, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে জেললৈ৷মুজাম্মিলৰ পৰা আৰক্ষীৰ পোচাকসহ আপত্তি জনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয়৷এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here