ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ আগষ্ট : গুৱাহাটী পৌৰ নিগমত সংঘটিত হৈছে ভয়াৱহ নিযুক্তি কেলেংকাৰী। পূৰ্বৰ চৰকাৰৰ দিনত সংঘটিত হৈছিল এই নিযুক্তি কেলেংকাৰী। অবৈধভাৱে গুৱাহাটী পৌৰ নিগমত নিযুক্তি দিয়া হৈছিল ৪০ কৰ্মচাৰীক। তদন্তত পোহৰলৈ আহিছে কেলেংকাৰীৰ ন ন তথ্য। অৱশেষত অবৈধভাৱে নিযুক্তি লাভ কৰা ৪০ কৰ্মচাৰীক বৰ্খাস্ত কৰা বুলি জানিব পৰা গৈছে। পূৰ্বৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাৰ দিনত দিয়া হৈছিল এই নিযুক্তি। মন কৰিবলগীয়া যে গুৱাহাটী পৌৰ নিগমত সংঘটিত এই নিযুক্তি কেলেংকাৰীক লৈ বিগত সময়ত সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছিল। অৱশেষত আৰম্ভ হৈছিল তদন্ত প্ৰক্ৰিয়া। তদন্ত কালত ধৰা পৰিছে এই কেলেংকাৰীৰ ভয়াৱহ তথ্য।
এই সৰ্ন্দভত মন্ত্ৰী অশোক সিংঘালে জানিবলৈ দি কয় যে ৪০গৰাকী কৰ্মচাৰী দোষী সাব্যস্ত হৈছে। এই নিযুক্তি কেলেংকাৰীত যিসকল বিষয়া-কৰ্মচাৰী, মন্ত্ৰী-আমোলা জড়িত আছে সেই সকলোৰে বিৰুদ্ধে তদন্ত হ’ব। বিষয়া-মন্ত্ৰী কোনো আইনৰ ঊৰ্দ্ধত নহয়। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই এক নিৰ্দেশনাৰ জৰিয়তে গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী জিতেন্দ্ৰ নাথ, কুশল হাজৰিকা, মনোজ তালুকদাৰ, ধৰিত্ৰী হাজৰিকা, জ্যোতিস্না মেধি, সঞ্জীৱ ওজা, চৈব্যৰাণী ভাৰতী, স্মিতা বৰুৱা, ডিম্বেশ্বৰ কলিতা, অজন্তা দাস, মুনীন্দ্ৰ নাথ, ভগৱান বৰ্মন, ৰিজুমণি বৰুৱা, হৰেন মালাকাৰ, প্ৰণীতা কলিতা, পংকজ দে’, দীপা ডেকা, উৎপল বৰ্মন, মীনাক্ষী বৰ্মন, কৌশিক ডেকা, চামছুদ্দিন আহমেদ, ভৃগু ডেকা, দীপালী কুমাৰ, জোনালী মালাকাৰ, সান্ত্বনা বৰ্মন, অমৰ বাছফ’ৰ, সংগীতা দত্ত, মুনীন্দ্ৰ দাস, অতুল চন্দ্ৰ নাথ, নমিতা নাথ, সুৰজ কুমাৰ নাথ, নীলাক্ষী কলিতা, সৌৰভ কুমাৰ ডুবে, ইমদাদুল হক চৌধুৰী, বিকাশ ৰাজবংশী, ৰুবুল পাটোৱাৰী, অভিষেক দাস, দুলু দাস আৰু আশীব আহমেদক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।