Home Main Stories ৪০ বছৰ পুৰণি সৰ্পমাৰী এল পি স্কুল বিলুপ্তিকৰণ ছাত্ৰ-ছাত্ৰী, অবিভাৱকৰ প্ৰতিবাদত উত্তাল...

৪০ বছৰ পুৰণি সৰ্পমাৰী এল পি স্কুল বিলুপ্তিকৰণ ছাত্ৰ-ছাত্ৰী, অবিভাৱকৰ প্ৰতিবাদত উত্তাল বিদ্যালয় চৌহদ

64
0


গণ বাৰ্তা, তামাৰহাট, ২ আগষ্ট ঃ ধুবুৰী জিলাৰ আগমনি শিক্ষাখণ্ডৰ অধীনস্থ সৰ্পমাৰী গাঁওস্থিত ৪০ বছৰ পুৰণি সৰ্পমাৰী এল পি স্কুলখন বিভাগীয় কতৃৰ্পক্ষই বিলুপ্তিকৰণ কৰাৰ প্ৰতিবাদত আজি বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ তামাৰহাট থানা তথা গোলকগঞ্জ ৰাজহ চক্ৰৰ অন্তৰ্গত সৰ্পমাৰী গাঁওখনৰ সাধাৰণ ৰাইজ, বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে আজি বিদ্যালয় প্ৰাংগণত সমৱেত হৈ ‘সৰ্পমাৰী গাঁৱত থকা একমাত্ৰ প্ৰাথমিক বিদ্যালয়খন বিলুপ্তিকৰণ নচলিব’, ‘সৰ্পমাৰী এল পি স্কুলখন বাহাল ৰাখক’, ‘বিভাগীয় কতৃৰ্পক্ষৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰক’, ‘কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদানত ব্যাঘাত কৰা বন্ধ কৰক’ আদি প্ৰতিবাদী শ্লোগানেৰে বিদ্যালয়খনৰ পৰিৱেশ উত্তাল কৰি তোলে৷ উল্লেখ্য যে আগমনি শিক্ষাখণ্ডৰ অন্তৰ্গত সৰ্পামাৰী ৰাজহ গাঁওখনত এখনো বিদ্যালয় নথকাত গাঁওখনৰ কণ কণ ল’ৰা-ছোৱালীসকলৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে ৰাইজৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰি ১৯৮৩ চনতে সৰ্পমাৰী এল পি স্কুলখন স্থাপন কৰিছিল৷ তেতিয়াৰ পৰাই প্ৰায় চল্লিশ বছৰ ধৰি দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে বিনাদৰমহাৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক নিয়মিতভাৱে পাঠদান কৰি অহাৰ লগতে মধ্যাহ্ন ভোজনৰ আহাৰো নিয়মিতভাৱে খুৱাই আহিছিল৷ সুদীৰ্ঘ ৩৯ বছৰৰ অন্তত যোৱা ২০২১ চনৰ পাঁচ ফেব্ৰুৱাৰীৰ দিনা বিভাগীয় কতৃৰ্পক্ষই বিদ্যালয়খনৰ শিক্ষক দুগৰাকীক টিউটৰ হিচাপে নিযুক্তি-পত্ৰ প্ৰদান কৰি প্ৰায় দুই কিলোমিটাৰ নিলগত অৱস্থিত ৩৬৫ নম্বৰ ভেৰভেৰী এল পি স্কুলত পাঠদান কৰাৰ বাবে নিৰ্দেশ দিয়ে৷ কিন্তু তাৰ কেইদিনমান পাছতে বিভাগীয় কতৃৰ্পক্ষই উক্ত শিক্ষক-শিক্ষয়িত্ৰী দুগৰাকীক নিজা বিদ্যালয় সৰ্পমাৰী এল পি স্কুলত পাঠদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ তেতিয়াৰ পৰাই প্ৰধান শিক্ষক অনিল চন্দ্ৰ ৰায় আৰু সহকাৰী শিক্ষয়িত্ৰী প্ৰতিমা ৰায়ে নিয়মিতভাৱে প্ৰায় ৬০গৰাকী ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি আহিছে৷ কিন্তু যোৱা জুলাই মাহৰ ১৭ তাৰিখৰ সিদ্ধান্ত মৰ্মে বিভাগীয় কতৃৰ্পক্ষই সৰ্পমাৰী এল পি স্কুলখন বিলুপ্তিকৰণ কৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীদ্বয়ক পুনৰ ভেৰভৰী এল পি স্কুলত পাঠদান কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে৷ বিভাগীয় কতৃৰ্পক্ষৰ উক্ত নিৰ্দেশৰ বিষয়ে অৱগত হোৱাৰ পিছত গাঁওখনৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে গোলকগঞ্জ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজহ গাঁও সৰ্পমাৰী গাঁওখনত প্ৰাথমিক বিদ্যালয়কে ধৰি আন কোনোধৰণৰ বিদ্যালয় নাই৷ আন কোনো বিদ্যালয় নথকা গাঁওখনৰ একমাত্ৰ এল পি স্কুলখন কি কাৰণত বিভাগীয় কতৃৰ্পক্ষই বিলুপ্তি ঘটালে তাকে লৈ সৰ্বত্ৰ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে৷ যি সময়ত সৰ্বদিশতে পিছপৰি থকা কোঁচ-ৰাজবংশী জনগোষ্ঠীটোৰ উন্নয়নৰ হকে অসম চৰকাৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিছে, তেনে সময়তে প্ৰায় ৯৫ শতাংশ কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ অতি দুখীয়া লোকে বসবাস কৰা গাঁওখনৰ একমাত্ৰ বিদ্যালয়খন বিলুপ্তি ঘটাত জনগোষ্ঠীটোৰ ল’ৰা-ছোৱালীসকলৰ মৌলিক শিক্ষালাভৰ পৰা বঞ্চিত হৈ পৰাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে৷ কাৰণ গাঁওখনৰ দুখীয়া ৰাইজে ২য৩ কিলোমিটাৰ আঁতৰৰ বিদ্যালয়ত নিজৰ সন্তানক পঢ়ুৱাবলৈ সমৰ্থৱান নহয়৷ গতিকে গাঁওখনৰ ৰাইজে সৰ্পমাৰী এল পি স্কুলখন আগৰ ঠাইতে বাহাল ৰাখিবলৈ অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here