Home Main Stories শাসনাধিষ্ঠিত দলটোলৈ আন দলৰ তুলনাত চাৰিগুণ অধিক দান-বৰঙনি :এবছৰত ৪৭৭.৫৪৫ কোটি টকাৰ...

শাসনাধিষ্ঠিত দলটোলৈ আন দলৰ তুলনাত চাৰিগুণ অধিক দান-বৰঙনি :এবছৰত ৪৭৭.৫৪৫ কোটি টকাৰ চান্দা, বিজেপি দললৈ টকাৰ উজান

263
0


নতুন দিল্লী, ১৪ জুলাই ঃ ক’ভিড কালৰ সময়ছোৱাতো ৰাজনৈতিক দলসমূহে বৃহৎ ধন লাভ কৰিবলৈ সক্ষম হৈছিল৷ যি সময়ত এটা টকাৰ বাবে সাধাৰণ জনতাই হাহাকাৰ কৰিবলগীয়া হৈছিল, তেনে সময়ত ৰাজনৈতিক দলসমূহে কোটি কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছিল৷ ২০২০-২১ বৰ্ষতো সাধাৰণ লোকৰ বাবে এক জটিল বৰ্ষৰূপে পৰিগণিত হ’লেও কিন্তু ৰাজনৈতিক দলসমূহৰ বাবে এক ধনৰ বৰষুণ পৰাৰ বৰ্ষ আছিল৷ এই সময়ছোৱাত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহলৈ উদ্যোগ প্ৰতিষ্ঠান তথা ব্যৱসায়ীসকলে কোটি কোটি টকাৰ অনুদান আগবঢ়াইছিল৷ এছ’চিয়েচন ফ’ৰ ডেম’ক্ৰেটিক ৰিফৰ্ম [এ ডি আৰ]-এ আজি প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২০-২১ বৰ্ষৰ সময়ছোৱাত ৰাজনৈতিক দলসমূহে ৫৯৩.৭৪৮ কোটি টকা অনুদান লাভ কৰিছিল৷ ৰাজনৈতিক দলসমূহে লাভ কৰা মুঠ অনুদানৰ ভিতৰত বিজেপিয়েই ৪৭৭.৫৪৫ কোটি টকাৰ অনুদান লাভ কৰিছিল৷ এই সময়ছোৱাত ক’ভিডৰ প্ৰকোপ অতিকে ভয়াৱহ আছিল৷ ইয়াৰ মাজতো ৰাজনৈতিক দলসমূহে কোটি কোটি টকা অনুদান লাভ কৰিছিল৷ বিজেপিয়ে মুঠ অনুদানৰ ভিতৰত ৮০ণ অনুদান লাভ কৰিছিল৷ ৬টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ তুলনাত বিজেপিয়ে চাৰিগুণ অধিক অনুদান লাভ কৰিছিল৷ অনুদান লাভ কৰা দলসমূহৰ ভিতৰত আছিল এন চি পি, চি পি আই, চি পি আই [এম], কংগ্ৰেছ, এন পি ই আৰু তৃণমূল কংগ্ৰেছ৷ এ ডি আৰৰ প্ৰতিবেদন অনুসৰি ২০২০-২১ বৰ্ষত ২০ হাজাৰতকৈ অধিক অনুদান ৩,৭৫৩জন ব্যক্তি বা প্ৰতিষ্ঠানে আগবঢ়াইছিল৷ ইয়াৰে ভিতৰত বিজেপিলৈ ২,২০৬জনে অনুদান আগবঢ়াইছিল৷ একেদৰে কংগ্ৰেছক ৰ,০৭৭জন ব্যক্তি তথা প্ৰতিষ্ঠানে ৭৪.৫২৪ কোটি টকা অনুদান আগবঢ়াইছিল৷ যি বিজেপিৰ তুলনাত ১৫ণ কম৷ এন চি পিক ২০ হাজাৰতকৈ অধিক অনুদান ৭৯জন ব্যক্তি তথা প্ৰতিষ্ঠানে আগবঢ়াইছিল৷ একেদৰে চি পি এমক ২২৬জনে, চি পি আইক ১২৪জনে, এন পি ই পিক ১৫জনে, তৃণমূল কংগ্ৰেছক চ্ছজনে ২০ হাজাৰতকৈ অধিক অনুদান আগবঢ়াইছিল৷ তেওঁলোকৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছিল যে বিজেপিক ৰ,ৰৰৰটা কৰ্প’ৰেট গোষ্ঠীয়ে ৪১৬.৭৯৪ কোটি অনুদান আগবঢ়ায়৷ তাৰ বিপৰীতে কংগ্ৰেছক কেৱল ১৪৬টা কৰ্প’ৰেট গোষ্ঠীয়েহে অনুদান আগবঢ়ায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here