Home Main Stories নিৰ্মাণৰ পিচতেই খলপা খলপে উঠিছে ৫ কোটি টকীয়া পথ; মন্ত্ৰী চন্দ্ৰ মোহন...

নিৰ্মাণৰ পিচতেই খলপা খলপে উঠিছে ৫ কোটি টকীয়া পথ; মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সমষ্টি ধৰ্মপুৰত পথ নিৰ্মাণত বিসংগতি

57
0

ষ্টাফ ৰিপ’টাৰ,নলবাৰী,২৩ নবেম্বৰঃ  ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী তথা ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টিত পথ নিৰ্মাণৰ নামত চলিছে ব্যাপক অনিয়ম। সমষ্টিটোৰ নিৰ্মীয়মান কে’বাটাও পথত সংঘটিত হৈছে এনে অনিয়ম, কেলেংকাৰী। একাংশ ঠিকাদাৰে মইমতালিৰে নিৰ্মাণকাৰ্য চলাই থকাত অতিষ্ঠ হৈ পৰিছে ৰাইজ। শেহতীয়াভাৱে সমষ্টিটোৰ অন্তৰ্গত টেঙাবাৰীত নিৰ্মীয়মান এটা পথত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী। খলপা খলপে উঠি গৈছে নিৰ্মাণ কৰা পথৰ অংশ। উল্লেখ্য যে উক্ত কামৰ আৱণ্টন লাভ কৰা যোগেশ দাস নামৰ ঠিকাদাৰজনে নিজৰ মইমতালিৰে নিৰ্মাণকাৰ্য চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বিভাগীয় নীতি নিয়মক ভৰিৰে মোহাৰি অধিক মুনাফাৰ আশাত ঠিকাদাৰ যোগেশ দাসে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন  হৈছে। প্ৰাককলন মতে কাম নকৰাৰ বাবেই পকীকৰণ কৰাৰ এসপ্তাহৰ পিছতেই উঠি গৈছে পিটছ। প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক  যোজনাৰ অধীনত পাঁচ কোটি দহ লাখ লাখ টকা ব্যয় সাপেক্ষ পথটোৰ আবণ্টন লাভ কৰা ঠিকাদাৰ গৰাকীক স্থানীয় ৰাইজে প্ৰাককলন মতে কাম কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাইছিল যদিও ৰাইজৰ কথা আওকাণ কৰি বিভাগীয় অভিযন্তা তথা বিষয়াক মেনেজ কৰি মেনেজ মাষ্টৰ খ্যাত যোগেশ দাসে নিজ খেয়াল খুচিমতে চলাইছে নিৰ্মাণকাৰ্য। অবশেষত অতিষ্ঠ হৈ পথলৈ ওলাই আহে স্থানীয় ৰাইজ। স্থানীয় ৰাইজৰ দাবী অতিশীঘ্ৰে এই পথ নিৰ্মাণ কেলেংকাৰী সম্পৰ্কত এক উচিত তদন্ত কৰাৰ হওক আৰু বিভাগীয় নীতি নিয়মক  জলাঞ্জলি দিয়া ঠিকাদাৰৰ লগতে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । সততে দুৰ্নীতিৰ  বিৰুদ্ধে জেহাদ ঘোষণা কৰা বুলি কোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ মুনাফালোভী ঠিকাদাৰক কেনেদৰে নিয়ন্ত্ৰণ  কৰে সেয়া হ’ব লক্ষণীয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here