Home Main Stories জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ ৫ সেনা জোৱান

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ ৫ সেনা জোৱান

49
0

শ্ৰীনগৰ, ১১ অক্টোবৰ ঃ জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰে সংঘৰ্ষত আজি ৫জন সেনা জোৱান শ্বহীদ হয়। জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সংঘটিত সংঘৰ্ষত ৫জন সেনা জোৱান শ্বহীদ হোৱাৰ লগতে আন চাৰিজন জোৱান গুৰুতৰভাৱে আহত হৈছে। আহত সেনা জোৱানকেইজনক ওচৰৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে জম্মু-কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ কাৰুকাৰ্য ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। জম্মু-কাশ্মীৰ উপত্যকাৰ পৰা সন্ত্ৰাসবাদীৰ কাৰুকাৰ্য নাইকিয়া কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে যদিও সেই ক্ষেত্ৰত বৃহৎ সফলতা লাভ কৰা নাই। ক্ৰমাৎ উপত্যকাটোত সন্ত্ৰাসবাদীৰ আক্ৰমণ বৃদ্ধিহে পাইছে। শেহতীয়াকৈ দুগৰাকী শিক্ষকক বিদ্যালয়ৰ ভিতৰতে সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল। এই ঘটনাৰ কিছু দিনৰ পিছতেই আজি পুনৰ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সন্ত্ৰাসবাদী আৰু সেনাৰ সংঘৰ্ষ হয়। প্ৰকাশিত তথ্য অনুসৰি সেনাই গোপন তথ্যৰ ভিত্তিত পুঞ্চ জিলাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল।

এই অভিযান কালতেই সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত বহু সময় ধৰি সংঘৰ্ষ হয়। সংঘৰ্ষত চাৰিজন সেনা জোৱান শ্বহীদ হৈছে বুলি সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। লগতে সেনাৰ তৰফৰ পৰা এই কথাও প্ৰকাশ কৰা হৈছে যে উক্ত অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই থকা হৈছে। এই ঘটনাৰ পিছত বিজেপিয়ে প্ৰকাশ কৰিছে যে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব। জম্মু-কাশ্মীৰৰ প্ৰদেশ বিজেপিয়ে প্ৰকাশ কৰে যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ অভিযান চলি আছে। আনহাতে, কংগ্ৰেছে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি কয় যে অনুেচ্ছদ ৩৭০ ধাৰা প্ৰত্যাহাৰৰ পিছতো জম্মু-কাশ্মীৰ উপত্যকাত শান্তি স্থাপন হোৱা নাই। অনুেচ্ছদ ৩৭০ প্ৰত্যাহাৰৰ পিছত জম্মু-কাশ্মীৰত কি বিকাশ হৈছে তাক লৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছে। কংগ্ৰেছে কয় — ৩৭০ অনুেচ্ছদ প্ৰত্যাহাৰৰ পিছতো উপত্যকাটোত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে। বিজেপিয়ে কেৱল নিজৰ ৰাজনীতিৰ উদ্দেশ্যৰেই অনুেচ্ছদ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here