Home Main Stories ৫৪৬ নৱনিযুক্ত বিষয়া-কৰ্মচাৰীক আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ, নতুন কৰ্ম-সংস্কৃতিৰ সূচনা কৰিবলৈ নৱনিযুক্ত...

৫৪৬ নৱনিযুক্ত বিষয়া-কৰ্মচাৰীক আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ, নতুন কৰ্ম-সংস্কৃতিৰ সূচনা কৰিবলৈ নৱনিযুক্ত বিষয়া-কৰ্মচাৰীক আহ্বান

112
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ জানুৱাৰী: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত নতুনকৈ নিযুক্তি লাভ কৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ২১৮গৰাকী সহকাৰী অভিযন্তা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ১৫৫গৰাকী কাৰিকৰী বিষয়া আৰু সাধাৰণ প্ৰশাসন ৫৪৬ নৱনিযুক্ত বিষয়া বিভাগৰ ১৭৩গৰাকী কনিষ্ঠ প্ৰশাসনীয় সহায়কক আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ প্ৰদান কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে নৱনিযুক্ত বিষয়া-কৰ্মচাৰীসকলক চৰকাৰী ব্যৱস্থাত নতুন কৰ্ম-সংস্কৃতিৰ সূচনা কৰিবলৈ আহ৩ান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে কঠোৰ শ্ৰমৰ প্ৰতি বিমুখ হোৱাৰ বাবে বিগত সময়ত ৰাজ্য চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণত যথেষ্ট লেহেমীয়া গতি পৰিলক্ষিত হৈছে৷ কৰ্তব্যত নিযুক্ত বিষয়ববীয়াসকলৰ হেমাহিৰ বাবে পূৰ্বে বহু সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা উন্নয়নমূলক আঁচনিৰ বাবে লাভ কৰা পুঁজি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাটো সম্ভৱ হৈ উঠা নাছিল বুলি তেওঁ মন্তব্য কৰে৷ অহা বছৰৰ পৰা অভিযন্তাসকলক বছৰত এবাৰ এটা নিৰ্দিষ্ট পৰীক্ষাৰ যোগেদি বাছনি কৰি প্ৰাৰ্থীসকলৰ পছন্দৰ ক্ৰম অনুযায়ী বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ তৃণমূল পৰ্যায়ত উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি বিভাগটোত নতুনকৈ নিযুক্তি লাভ কৰা চৰকাৰী অভিযন্তাসকলক উৎসৰ্গিত মনোভাবেৰে কৰ্ম ক্ষেত্ৰত ব্ৰতী হ’বলৈ তেওঁ আহ৩ান জনায়৷ পুঁজিৰ কোনো অভাৱ নোহোৱা সত্ত্বেও জলজীৱন মিছন ৰূপায়ণত অসম দেশৰ অন্তিম স্থানত আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা বৰ্ষটোৰ ভিতৰত ৬২ লাখ পৰিয়ালক পাইপযোগে খোৱাপানী যোগানৰ বাবে চৰকাৰে দিনে-নিশাই কাম কৰি আছে আৰু ১২ লাখ পৰিয়ালক ইতিমধ্যেই খোৱাপানীৰ সংযোগ প্ৰদান কৰা হৈছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগত নতুনকৈ নিযুক্তি লাভ কৰা কাৰিকৰী বিষয়াসকলে জলজীৱন মিছন ৰূপায়ণৰ ক্ষেত্ৰত জড়িত হৈ এই কাম-কাজসমূহ দ্ৰুততৰ কৰি তুলিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ জনতা ভৱনক ৰাজ্য প্ৰশাসনৰ প্ৰাণকেন্দ্ৰ বুলি মন্তব্য কৰি নৱনিযুক্তি কনিষ্ঠ প্ৰশাসনিক সহায়কসকলে জনতা ভৱনক অধিক সক্ৰিয় আৰু কৰ্মক্ষম কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ তেওঁ কয় যে অহা ৰ ফেব্ৰুৱাৰীৰ পৰা জনতা ভৱনৰ সকলো পুৰণা তথা নিষ্পত্তি নোহোৱাকৈ থকা ফাইল নিষ্পত্তিকৰণৰ কাম আৰম্ভ হ’ব আৰু তাৰ বাবে সকলো কৰ্মচাৰীয়ে কঠোৰ শ্ৰম কৰিব লাগিব৷ দুৰ্নীতি আৰু কৰ্তব্যত অৱহেলাক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ’ব বুলি মন্তব্য কৰি তেওঁ কয় যে জনসাধাৰণলৈ সময়মতে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব৷ অহা মে’ মাহৰ ভিতৰত ৰাজ্যখনৰ ৰ লাখ যুৱক-যুৱতীলৈ চৰকাৰী চাকৰি প্ৰদানৰ ক্ষেত্ৰত চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী আৰু সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্য চৰকাৰখনে ইয়াৰ প্ৰতিশ্ৰুতিসমূহ পূৰণৰ বাবে নিষ্ঠাৰে কাম কৰি আহিছে৷ আজি নতুনকৈ নিযুক্তি লাভ কৰাসকলে বিভাগকেইটাক আগুৱাই নিয়াত যথেষ্ট সফল হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ অনুষ্ঠানত চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here