Home অসম আগন্তুক বৰ্ষত অসমত স্থাপন হ’ব ৫৭ টাকৈ নতুন বেংক

আগন্তুক বৰ্ষত অসমত স্থাপন হ’ব ৫৭ টাকৈ নতুন বেংক

341
0
????????????????????????????????????

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ অক্টোবৰ: আগন্তুক বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত অসমত স্থাপন কৰা হ’ব মুঠ ৫৭ টাকৈ নতুন বেংক৷ অসমৰ জনসংখ্যা অনুপাতে বেংকৰ সংখ্যা কম হোৱাৰ বাবে জনসাধাৰণে বিত্তীয় লেনদেনত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ এই অসুবিধাসমূহৰ কথা অনুভৱ কৰিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক উত্তৰ-পূবৰ ৰাজ্যসমূহৰ লগতে জম্মু আৰু কাশ্মীৰলৈ গৈ অৰ্থনৈতিক উন্নয়নৰ হেঙাৰসমূহ অধ্যয়ণ কৰি উন্নয়ন ক্ষিপ্ৰ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণৰ দায়িত্ব দিছে আৰু প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মই অসম, মণিপুৰ, ত্ৰিপুৰালৈ জনসাধাৰণৰ বিত্তীয় সা-সুবিধাৰ বিভিন্ন দিশ পৰ্যবেক্ষণৰ বাবে আহিছো’ – এই বক্তব্য ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী ডাঃ ভাগৱত কিষাণৰাও কাৰাডৰ৷ তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ বাবে অহা কাৰাডে বুধবাৰে মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত ঋণ প্ৰসাৰৰ এক কাৰ্যসূচীত ভাগ লৈ এইদৰে কয়৷ জিলা অগ্ৰণী বেংক কাৰ্যালয়ৰ সহযোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰা এই সভাত মন্ত্ৰীগৰাকীয়ে ধন জন যোজনা, মুদ্ৰা লোণ আদি আঁচনিয়ে দেশৰ সামগ্ৰিক হাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে বুলি ব্যক্ত কৰি সন্তোষ প্ৰকাশ কৰে৷ তেনেদৰে ৰাজ্যৰ কিষাণ ক্ৰেডিত কাৰ্ডৰ হিতাধিকাৰীৰ ক্ষেত্ৰতো তেওঁ সন্তুষ্টি ব্যক্ত কৰে৷ বিত্তীয় ক্ষেত্ৰৰ শিক্ষিত হাৰ [ফাইনেন্সিয়েল লিটাৰেচি] বাঢ়িলেহে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা অসমৰ প্ৰত্যেকখন জিলাতে ভ্ৰাম্যমান এ টি এমৰ উপৰি ভ্ৰাম্যমান বিত্তীয় শিক্ষা অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব যিয়ে নেকি গাঁৱে-ভূঞে জনসাধাৰণক ঋণ লোৱাকে আদি কৰি বিভিন্ন বিষয়ত জ্ঞান দিব পাৰিব৷ আত্মসহায়ক গোট স্থাপনেৰে সমাজৰ উন্নয়নৰ ওপৰতো গুৰুত্ব দিয়ে মন্ত্ৰীগৰাকীয়ে৷ সভাত কামৰূপ মহানগৰৰ উপৰি নগাওঁ, মৰিগাঁৱৰ হিতাধিকাৰীসকলক চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিভিন্ন বেংকৰ ঋণপত্ৰ বিতৰণ কৰে৷ সভাত মন্ত্ৰীগৰাকীৰ ব্যক্তিগত সচিব, ভাৰতীয় প্ৰশাসনিক বিষয়া অমিত মিনা, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, অতিৰিক্ত উপায়ুক্ত মুনিন্দ্ৰ বৰদলৈ, উত্তৰ পূৰ্বাঞ্চলৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মুখ্য প্ৰৱন্ধক আৰ এচ ৰমেশ, নাবাৰ্ডৰ মুখ্য প্ৰৱন্ধক বাইজু এম কুৰূপ, জিলা অগ্ৰণী বেংক বিষয়া সুদীপ ধৰকে ধৰি কেবাটাও বেংকৰ বিষয়-ববীয়া আৰু অনান্য শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here