Home নগাঁও কুৰিয়াৰ ছাৰ্ভিচৰ গাড়ীত সৰবৰাহ বাৰ্মিজ চুপাৰী,নগাঁৱত ৫৩০ কিলোগ্ৰাম ওজনৰ বাৰ্মিজ চুপাৰীৰ ৬...

কুৰিয়াৰ ছাৰ্ভিচৰ গাড়ীত সৰবৰাহ বাৰ্মিজ চুপাৰী,নগাঁৱত ৫৩০ কিলোগ্ৰাম ওজনৰ বাৰ্মিজ চুপাৰীৰ ৬ টা বেগ জব্দ

77
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৭ অক্টোবৰ: ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া ব্যৱসায়। কালি নিশা নগাঁও জিলাৰ ননৈ আৰক্ষী চকীয়ে বাৰ্মিজ চুপাৰি সৰবৰাহ কৰা এখন গাড়ী জব্দ কৰাৰ লগতে ৬ পেকেট বাৰ্মিজ চুপাৰিও জব্দ কৰিছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে বাৰ্মিজ চুপাৰিখিনি কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা নগাঁৱলৈ আনিছিল। আৰক্ষীয়ে বাৰ্মিজ চুপাৰি অহাৰ সম্ভেদ লাভ কৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ননৈত তালাচী চলায়। তেতিয়া আৰক্ষীয়ে এএছ ২৫ চিচি ৭৪০২ নম্বৰৰ কুৰিয়াৰ ছাৰ্ভিচৰ সামগ্ৰী কঢ়িওৱা গাড়ীখনতো তালাচী চলায় গাড়ীখনৰ পৰা আৰক্ষীয়ে ৫৩০ কিলোগ্ৰাম ওজনৰ বাৰ্মিজ চুপাৰিৰ ৬টা বেগ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে হিৰণ্য বৰা (২৯) আৰু পিকু দাস নামৰ দুজন যুৱককো কৰায়ত্ত কৰে। ঘটনা সংক্ৰান্তত নগাঁও সদৰ আৰক্ষী থানাত ২৪৬৩-২১ নম্বৰত এটা গোচৰ ৰুজু হৈছে। ধৃত দুয়োজন যুৱকৰে ঘৰ ৰাইডঙীয়াত বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাৰ্মিজ চুপাৰি সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ’বলৈ সকীয়নি দিছে যদিও এনেদৰেই নিশা বাৰ্মিজ চুপাৰি সৰবৰাহ হৈ আছে। কিছুদিনৰ পূৰ্বেও বাৰ্মিজ চুপাৰিৰ গাড়ী এখন বৰঘাটত আৰক্ষীয়ে জব্দ কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here