Home গুৱাহাটী অসমসহ উত্তৰ-পূৰ্বাঞ্চলত স্থাপন হ’ব ৮০০টা জন ঔষধি কেন্দ্ৰ : গুৱাহাটীত জন ঔষধি...

অসমসহ উত্তৰ-পূৰ্বাঞ্চলত স্থাপন হ’ব ৮০০টা জন ঔষধি কেন্দ্ৰ : গুৱাহাটীত জন ঔষধি দিবসত ঘোষণা সৰ্বানন্দ সোনোৱালৰ

134
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ মাৰ্চ ঃ কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত যোৱা ৰ মাৰ্চৰ পৰা জ্জ মাৰ্চ অৰ্থাৎ সোমবাৰলৈ দেশজুৰি অনুষ্ঠিত ‘জন ঔষধি দিৱস’ৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ উলুবাৰীত এই দিৱস উদ্‌যাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ জন ঔষধি দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সমগ্ৰ দেশৰ জন ঔষধি পৰিযোজনাৰ হিতাধিকাৰী আৰু জন ঔষধি কেন্দ্ৰৰ স্বত্বাধিকাৰসকলৰ সৈতে মত বিনিময় কৰে৷ সৰ্বানন্দ সোণোৱালে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ সৈতে গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰে৷ সততে প্ৰয়োজনীয় ঔষধৰ গুণগত ব্যৱহাৰ আৰু জন ঔষধি পৰিযোজনাৰ লাভালাভৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে জন ঔষধি দিৱস’ উদ্‌যাপিত হৈ আহিছে৷ চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত এইবাৰৰ ‘জন ঔষধি দিৱসৰ বিষয়বস্তু হৈছে ‘জন ঔষধি- জন উপযোগী’৷ সকলো শ্ৰেণীৰ বাবে, বিশেষকৈ দৰিদ্ৰ আৰু বঞ্চিত লোকসকলৰ বাবে গুণগত মানৰ ঔষধৰ উপলব্ধিকৰণ, জেনেৰিক ঔষধৰ বিষয়ে ব্যাপক সজাগতা সৃষ্টি আৰু জন ঔষধি কেন্দ্ৰ মুকলিকৰণৰ জৰিয়তে উদ্যমিতাক উৎসাহিত কৰাই প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ মূল লক্ষ্য৷ চলিত বৰ্ষৰ ৩১ জানুৱাৰীলৈকে জন ঔষধি কেন্দ্ৰৰ সংখ্যা সমগ্ৰ দেশত জ্জ্ব.৬৭৫ টালৈ বৃদ্ধি হৈছে৷ এই আঁচনিখনৰ অধীনত দেশৰ প্ৰায় সকলো জিলাকে সামৰি লোৱা হৈছে৷ আঁচনিখনে দেশৰ প্ৰতিটো প্ৰান্তৰ নাগৰিকৰ বাবে ঔষধৰ সুলভ আৰু সহজ উপলব্ধতা নিশ্চিত কৰিছে৷ চৰকাৰে ২০২৫ চনৰ মাৰ্চৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,৫০০ লৈও বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ এই পৰিযোজনাৰ অধীনত ঔষধি সামগ্ৰীৰ বাস্কেটবোৰ ১,৪৫১টা ঔষধ আৰু অস্ত্ৰোপচাৰৰ ২৪০টা সঁজুলিৰে পৰিপূৰ্ণ৷ প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ উদ্দেশ্যক মহৎ মানৱীয় উদ্দেশ্য বুলি অভিহিত কৰি সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত দেশৰ জনগণৰ স্বাস্থ্যৰ সুৰক্ষা আৰু সবলতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ে সমগ্ৰ দেশৰ সকলো প্ৰান্তত যথোচিত মূল্যত ঔষধৰ যোগান শৃংখল নিশ্চিত হৈছে৷ জন ঔষধি কেন্দ্ৰবোৰত এল’পেথীৰ সমান্তৰালভাৱে পৰম্পৰাগত চিকিৎসা প্ৰণালীৰ বাবে প্ৰয়োজনীয় ঔষধো উপলব্ধ৷ দেশৰ স্বাস্থ্যখণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা কৰাৰ লক্ষ্যৰে মোদীৰ নিৰ্দেশমৰ্মে সম্প্ৰতি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে পাৰস্পৰিক সহযোগিতাৰে কাম কৰি আছে আৰু আগলৈও কৰি যাব৷’ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাৰ উত্তৰণত চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিছে৷ আগন্তুক দিনত সমগ্ৰ উত্তৰ-পূবত ৮০০জন ঔষধি কেন্দ্ৰ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে৷ তদুপৰি অসমত স্থাপন কৰা হ’ব ৪০০টা এনে কেন্দ্ৰ, যাৰ জৰিয়তে স্বাস্থ্যসেৱাৰ দিশটো টনকিয়াল হোৱাই নহয়, উদ্যমীসকলৰ বাবে উপাৰ্জনৰ পথো প্ৰশস্ত হ’ব৷ এই কেন্দ্ৰসমূহত আয়ুৰ্বেদিক, হোমিঅ’পেথী, উনানী, সিদ্ধ আদি পৰম্পৰাগত চিকিৎসা প্ৰণালীৰ বাবে যাৱতীয় ঔষধো সহজলভ্য হ’ব৷ সোমবাৰৰ এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংসদ কুইন ওজাৰ সৈতে কেইবাটাও বঁটা বিতৰণ কৰে৷ জন ঔষধি সৰ্বশ্ৰেষ্ঠ বঁটা ৰূপা চেত্ৰীক, জন ঔষধি যুটি বঁটা-অৰ্চনা বৰঠাকুৰ আৰু সীমা বৰাক, জন ঔষধি মিত্ৰ বঁটা মুকেশ শৰ্মাক আৰু জন ঔষধি দূত বঁটা ভাৰ্গৱ বৈশ্যক প্ৰদান কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here