Home Main Stories ৭৩শতাংশ ভোটাদান ঃ ই ভি এমত বন্দী ৩ সমষ্টিৰ ৩১ প্ৰাৰ্থীৰ...

৭৩শতাংশ ভোটাদান ঃ ই ভি এমত বন্দী ৩ সমষ্টিৰ ৩১ প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য : ভোটাৰৰ মিশ্ৰিত সঁহাৰিৰে সম্পন্ন ৰাজ্যৰ উপ-নিৰ্বাচন

84
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ অক্টোবৰ ঃ আশা কৰা ধৰণে নহ’লেও ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ পৰ্ব শনিবাৰে ভোটাৰ ৰাইজৰ মিশ্ৰিত সঁহাৰিৰ মাজেৰে সম্পন্ন হয়। পুৱা ৭ বজাৰ পৰা ক’ভিড বিধি মানি অনুষ্ঠিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ বিয়লি ৫ বজাৰ লগে লগে অন্ত পৰে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি পাঁচ বজা পৰ্যন্ত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত সামগ্ৰিক ভোটদানৰ হাৰ আছিল ৭০ শতাংশ। অৱশ্যে কিছু কিছু সমষ্টিত সন্ধিয়া পাঁচ বজাৰ পিছতো ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত নিশালৈ ভোটদানৰ সামগ্ৰিক হাৰ কিছু পৰিমাণে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। উপ-নিৰ্বাচন অনুষ্ঠিত হয় ৰাজ্যৰ ৫টা বিধান সভা সমষ্টিৰ ভিতৰত ২৮নং গোসাঁইগাঁও বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৭৭.৩৭ শতাংশ ভোটদান হয়। একেদৰে ৪১নং ভৱানীপুৰ বিধানসভা সমষ্টিত ৭৪ শতাংশ, ৪৮নং তামুলপুৰ বিধানসভা সমষ্টিত ৬২ শতাংশ, ১০১নং মৰিয়নি  বিধানসভা সমষ্টিত ৬১.৬২ শতাংশ আৰু ১০৭নং থাওৰা বিধানসভা সমষ্টিত ৭৫.০৭ শতাংশ ভোটদান হয়। শনিবাৰৰ সন্ধিয়া ৫ বজাৰ লগে লগে ৰাজ্যৰ এই পাঁচ বিধানসভা সমষ্টিত সামগ্ৰিক ৭০ শতাংশ ভোটদানেৰে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব সম্পন্ন হোৱাৰ লগে লগেই ৫টা সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা ৩১গৰাকী প্ৰাৰ্থীৰ ভাগ্য ই ভি এমত বন্দী হৈ পৰে।

অহা ২ নৱেম্বৰ অৰ্থাৎ মঙলবাৰে উপ-নিৰ্বাচনৰ ভোট গণনা আৰু ফলাফল ঘোষণা কৰা হ’ব। থাওৰা আৰু মৰিয়নি বিধানসভা সমষ্টি দুটা কংগ্ৰেছৰ দখলত আছিল যদিও সমষ্টি দুটাৰ বিধায়ক দুগৰাকীয়ে শাসকীয় দল বিজেপিত যোগদান কৰাত স্বাভাৱিকতে উপ-নিৰ্বাচন শাসকীয় পদৰ বাবে আত্মসন্মানৰ যুঁজ হিচাপে বিবেচিত হৈছে। প্ৰণিধানযোগ্য যে ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মুঠ ৩১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে সমষ্টিকেইটাত ৪,০৩,৩৭৪গৰাকী পুৰুষ ভোটাৰ, ৩,৯৩,০৭৮গৰাকী মহিলা ভোটাৰ আৰু ৪গৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা আছিল ৭,৯৬,৪৫৬গৰাকী। একেদৰে ৩,১৬৫গৰাকী ছাৰ্ভিচ ভোটাৰ আছিল। পাঁচোটা সমষ্টিৰ মুঠ ৬০২টা স্থানত নিৰ্মাণ কৰা ১,১৭৬টা কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ পৰ্ব সমাপ্ত হয়। ভোটগ্ৰহণ পৰ্বত মুঠ ৫,৪১০গৰাকী প’লিং বিষয়া নিয়োজিত হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here