Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ইউ এ পি এৰ অধীনত ৬৪৮২ৰ বিৰুদ্ধে গোচৰ, দোষী সাব্যস্ত মাত্ৰ ৮০...

ইউ এ পি এৰ অধীনত ৬৪৮২ৰ বিৰুদ্ধে গোচৰ, দোষী সাব্যস্ত মাত্ৰ ৮০ জন : ৰাজ্যসভাত গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ তথ্য

155
0


নতুন দিল্লী, ২০ জুলাই ঃ ২০২০ চনত সমগ্ৰ দেশত বে-আইনী কাৰ্যকলাপ [প্ৰতিৰোধ] আইনৰ [ইউএপিএ] অধীনত ৭৯৬টা গোচৰ ৰুজু কৰা হৈছিল৷ এই গোচৰবোৰত মুঠ ৬,৪৮২জন লোকৰ বিৰুদ্ধে মোকৰ্দমা কৰা হৈছিল৷ শুনানি প্ৰক্ৰিয়াৰ সময়ত মাত্ৰ ৮০জন অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছিল৷ সেয়া হৈছে মুঠ ঘটনাৰ মাত্ৰ ৰ শতাংশ৷ একে সময়তে, ১১৬জন অভিযুক্তক নিৰ্দোষ সাব্যস্ত কৰা হৈছে৷ বুধবাৰে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই তথ্য প্ৰদান কৰে৷ ৰায়ৰ দ্বাৰা প্ৰদান কৰা তথ্য অনুসৰি, যোৱা পাঁচ বছৰত [২০১৬১ পৰা ২০২০] ইউএপিএৰ অধীনত প্ত,০২৭টা গোচৰ পঞ্জীয়ন কৰা হৈছিল৷ এইক্ষেত্ৰত, ২৪,১৩৪জন লোকৰ বিৰুদ্ধে মোকৰ্দমা কৰা হৈছিল, কিন্তু মাত্ৰ ২১২জন দোষীৰূপে প্ৰমাণিত হৈছিল৷ এই সময়ছোৱাত দেশৰ বিভিন্ন আদালতৰ দ্বাৰা ৩৮৬জন লোকক নিৰ্দোষী বুলি সাব্যস্ত কৰা হৈছিল৷ উল্লেখ্য যে ২০১৬ চনত ৯২২টা গোচৰ পঞ্জীয়ন হৈছিল৷ ইয়াৰ অধীনত ৩,০৪৭জন লোকৰ বিচাৰ কৰা হৈছিল আৰু ২৪জন অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছিল আৰু ১৯জনক মুকলি কৰি দিয়া হৈছিল৷ ২০১৭ চনত ইউএপিএৰ অধীনত ৯০১টা গোচৰ পঞ্জীয়ন কৰা হৈছিল আৰু চ্ছ্ৰ,০৯৮জন লোকৰ বিৰুদ্ধে মোকৰ্দমা কৰা হৈছিল৷ এই গোচৰবোৰত ৩৯জনক দোষী সাব্যস্ত কৰা হৈছিল আৰু ৪২জনক নিৰ্দোষী বুলি সাব্যস্ত কৰা হৈছিল৷ ২০১৮ চনত ৰ,১৮২টা গোচৰ পঞ্জীয়ন কৰা হৈছিল [চ্ছ্ৰ,৮৬২জন লোকৰ বিচাৰ কৰা হৈছিল, ৩৫জনক দোষী সাব্যস্ত কৰা হৈছিল আৰু ১১৭জনক দোষমুক্ত কৰা হৈছিল]৷ ২০১৯ চনত সৰ্বাধিক ৰ,২২৭টা গোচৰ পঞ্জীয়ন হৈছিল৷ এই গোচৰবোৰৰ অধীনত প্ত,৬৪৫জন লোকৰ বিচাৰ কৰা হৈছিল, কিন্তু মাত্ৰ ৩৪জনক দোষী সাব্যস্ত কৰা হৈছিল আৰু ১১৬জনক দোষমুক্ত কৰা হৈছিল৷ উল্লেখ্য যে ৰাজ্যসভাৰ সাংসদ এএ ৰহিমে যোৱা পাঁচ বছৰত সমগ্ৰ দেশতে ইউএপিএৰ অধীনত পঞ্জীয়ন কৰা মুঠ গোচৰৰ সংখ্যাৰ বিষয়ে তথ্য বিচাৰিছিল৷ চৰকাৰে এনচিআৰবি [ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ’]ৰ তথ্যৰ ওপৰত আধাৰিত কৰি সংসদত এই তথ্য প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here