গণ বাৰ্তা,পশ্চিম যোৰহাট, ১৬আগষ্ট: ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হয়।তেতিয়াৰ পৰা প্ৰতিবছৰে ১৫ আগষ্ট দিনটো “স্বাধীনতা দিবস” হিচাপে আমাৰ দেশে ধুম ধামেৰে পালন কৰি আহিছে। ২০২১ চনৰ ১৫ আগষ্ট তাৰিখে দেশে আমাৰ স্বাধীনতাৰ ৭৫ তম্ স্বাধীনতা দিবস “আজাদি কা অমৃত মহোৎসব” হিচাপে পালন কৰিলে। ২০২১ চনৰ স্বাধীনতা দিবসৰ বিশেষ মহত্বক গুৰুত্ব দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শৌৰ্য বীৰ্যৰ প্ৰতীক লাল কিল্লাৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ৰাষ্ট্ৰৰ ঐতিহাসিক ঘটনাৰ লগত সঙ্গতি ৰাখি দেশৰ স্বাধীনতা তথা সাৰ্বভৌমত্বৰ প্ৰতীক ত্ৰিৰঙ্গাক সন্মান জনাই আৰু ইয়াৰ গৌৰবময় ইতিহাস অনুধাবন কৰি আজি যোৰহাটৰ ৪৮নং চৰাইবাহী গাঁও পঞ্চায়তৰ সৌজন্যত পঞ্চায়ত প্ৰেক্ষাগৃহত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্হিত সকলোৱে সমস্বৰে “জয় হিন্দ”, “বন্দে মাতৰম” আৰু “ভাৰত মাতা কি জয়” ধ্বনীৰে এক জন জাগৰণৰ সৃষ্টি কৰি দেশপ্ৰেমৰ প্ৰতি জাগৃত কৰে সকলোকে। পুৱা অনুষ্ঠিত স্বাধীনতা দিৱসৰ এই দিনটোত পতাকা উত্তোলন কৰে পঞ্চায়তখনৰ সভাপতি মহেশ্বৰ বৰাই। শিল্পী গল্দী বৰাই দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰা সভাত পশ্চিম যোৰহাটৰ সাংবাদিক পংকজ কুমাৰ দাস,ৰমেন শইকীয়া,মৃদুল হাজৰিকা,সঞ্জীৱ হাজৰিকাৰ লগতে আৰক্ষী বিষয়া প্ৰদীপ গোঁহাইকে ধৰি ফুলেন বৰা,নীৰজ কুমাৰ বৰা,মুনমী সোনাৰ,মমী বৰা,ববিতা বৰা,ধীৰেন্দ্ৰ নাথ শইকীয়া, বিনু ৰজক,কিৰন বৰা,পল্লৱী বৰা,অনিত ৰায়,পদম থাপা,মন্দিৰা বৰ্মন, নকুল নাইডু,ইলা বৰুৱা,পাপু বাৰিক,মন্দিৰা বৰা দেৱী, বিজয়া কোৱঁৰ,জয়ন্ত মাধৱ শইকীয়া, মৌচুমী বৰা,জিনামনি বৰা,নৱনীতা শইকীয়া, পৰিণীতা দেৱী, নিৰুপমা বৰা শৰ্ম্মা, পৰেশ চেতিয়া, অৰুণ শৰ্ম্মা, পুলক বৰা,প্ৰদীপ গোহাঁই, মনিষ ভট্টাচাৰ্য, জুৰী বৰা,বিনু বৰা,সতিশ বৰদলৈ, তৃষ্ণা গগৈ, চন্দনা শইকীয়া, লিলি বৰুৱা,মিলেধৰ শইকীয়া, বিজিত কলিতা,বিজু বৰা,মাজনী গন্ধীয়া,দিপ্তী বৰা,নিৰু বৰা,বুল বৰা,প্ৰানজিৎ হাজৰিকা, ৰুনু বৰা,বিজুমনি বৰা,চিম্পী বৰা,স্বৰ্ণ বৰা,হাচমৰ্তন নিচা,নিপামনি বৰা,জিন্তী বৰুৱা কাকতি, দিপাঞ্জলী দত্ত খাউণ্ড,জ্যোতি মনি দেৱী, কৃষ্ণ শৰ্ম্মা আদি কেইবাজনো ক’ভিড যুঁজাৰু, স্বাস্থ্যকৰ্মী আৰু বিশিষ্ট ব্যক্তিক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়।পঞ্চায়তখনৰ সভাপতি মহেশ্বৰ বৰা,সচিব উদয় শৰ্মাৰ লগতে পঞ্চায়তখনৰ সকলো বিষয়-ববীয়াক ক’ভিড মহামাৰীৰ সময়ত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি,দিন-ৰাতি একাকাৰ কৰি ক’ভিড মহামাৰীৰ যুঁজখনত সন্মুখ সেনানীৰূপে থিয় দিয়া সকলক সম্বৰ্ধনা জনাই উৎসাহিত কৰা কাৰ্যক পঞ্চায়তখনৰ অন্তৰ্গত সকলো গাঁওৰ ৰাইজে প্ৰশংসা কৰিছে।