Home Main Stories ৭ মাহে অনাদায় মাননি, ৰাজপথত নামিল মধ্যাহ্ন ভোজন কৰ্মী :১ ছেপ্টেম্বৰত বঞ্চিত...

৭ মাহে অনাদায় মাননি, ৰাজপথত নামিল মধ্যাহ্ন ভোজন কৰ্মী :১ ছেপ্টেম্বৰত বঞ্চিত শ্ৰমিকৰ বিক্ষোভ

200
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ আগষ্ট ঃ আজি চি আই টি ইউৰ অন্তৰ্ভুক্ত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ আহ৩ানত মধ্যাহ্ন ভোজন আঁচনিত কৰ্মৰত অসমৰ প্ৰাথমিক বিদ্যালয়ৰ ৰন্ধন কৰ্মীসকলে সমগ্ৰ অসমজুৰি প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে৷ সাত মাহৰ অনাদায় মাননি শীঘ্ৰে আদায় দিয়া, মধ্যাহ্ন ভোজন আঁচনি [পি এম পোষণ]ৰ ব্যক্তিগতকৰণ বন্ধ কৰা, নূ্যনতম মজুৰি আইনমতে ৰন্ধনকৰ্মীক মাননি দিয়া, বিদ্যালয় সংলগ্নীকৰণৰ নামত ৰাজহুৱা শিক্ষাৰ সংকোচন নীতি আৰু ৰন্ধনকৰ্মীক কৰ্মচ্যুত কৰাৰ নীতি বাতিল কৰাৰ দাবীত আহ৩ান দিয়া এই প্ৰতিবাদী কাৰ্যসূচীত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মৰিগাঁও, নগাঁও, হোজাই, লক্ষীমপুৰ, ধেমাজি, মাজুলী, শোণিতপুৰ, ওদালগুৰি, দৰং, কামৰূপ, দক্ষিণ কামৰূপ, বাক্সা, নলবাৰী, বৰপেটা, বঙাইগাঁও, চিৰাং, কোক্‌ৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাকে ধৰি সমগ্ৰ অসমৰ জিলা আৰু ব্লক পৰ্যায়ত ব্যাপকসংখ্যক ৰন্ধন কৰ্মীয়ে অংশগ্ৰহণ কৰে৷ এই প্ৰতিবাদী কাৰ্যসূচীক সম্বোধন কৰি ইউনিয়নৰ সাধাৰণ সম্পাদিকা কনকলতা দাসে কয় যে ৰন্ধন কৰ্মীসকলে দীৰ্ঘদিনৰ পৰা কৰি অহা দাবীসমূহ চৰকাৰে পূৰণ কৰাৰ কোনো উদ্যোগ গ্ৰহণ কৰা নাই৷ বৰং নতুন নতুন সমস্যাৰ সৃষ্টিহে কৰিছে৷ মধ্যাহ্ন ভোজন আঁচনিখন অপ্ৰয়োজনীয়ভাৱে সম্প্ৰতি পি এম পোষণ হিচাপে নামকৰণ কৰি ইয়াক ব্যক্তিগত কৰণৰ সকলো ৰাস্তা খোলা দিব বিচাৰিছে৷ অসমত অক্ষয় পাত্ৰ ফাউণ্ডেচন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আঁচনিখন হস্তান্তৰ কৰাৰ বাবে অসম চৰকাৰ উঠি-পৰি লাগিছে৷ ইয়াৰ ফলত শিক্ষাৰ্থী শিশুসকল সতেজ ৰন্ধা খাদ্যৰ পৰা বঞ্চিত হ’ব আৰু ২০০৫ চনৰে পৰা অতি সামান্য পৰিমাণৰ মাননিৰে কাম কৰি অহা দুখীয়া ৰন্ধন কৰ্মীসকলৰ কামৰ নিৰাপত্তা সমূলি নোহোৱা হ’ব৷ তেওঁ আকৌ কয় যে যিসময়ত দেশৰ বহুতো ৰাজ্য চৰকাৰে নিজাববীয়াকৈ ৰন্ধন কৰ্মীৰ মাননি বৃদ্ধি কৰাকে ধৰি উৎসৱ ভাট্টা, কাপোৰ, বীমাৰ সুবিধা, আদি প্ৰদান কৰি আহিছে, সেই সময়ত অসমৰ ৰন্ধন কৰ্মীসকলে বছৰটোৰ দহ মাহৰ বাবে কেৱল মাহিলি ৰ,৫০০ টকাহে লাভ কৰে৷ তেওঁ গভীৰ ক্ষোভ প্ৰকাশ কৰে যে চৰকাৰে ২০২২ বৰ্ষৰ জ্জ মাহ উকলি যোৱাৰ পাচতো মাননিৰ ধন আদায় দিয়া নাই– এয়া চৰকাৰৰ অত্যন্ত অমানৱীয় আচৰণ৷ তেওঁ আকৌ কয় যে চৰকাৰী বিদ্যালয়সমূহত প্ৰয়োজনীয় শিক্ষক নিয়োগকে ধৰি আন্তঃগাঁথনিৰ দুৰ্বলতা আঁতৰ নকৰি শিক্ষাৰ্থীৰ অভাৱৰ অজুহাতত কৰা বিদ্যালয় সংলগ্নীকৰণৰ নীতিয়ে আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ সন্তানৰ শিক্ষাগ্ৰহণত বাধাৰ সৃষ্টি কৰাৰ লগতে ৰন্ধন কৰ্মীও কৰ্মচ্যুত হৈ আছে৷ ইউনিয়নৰ সাধাৰণ সম্পাদিকাগৰাকীয়ে উল্লেখ কৰে যে অতি শীঘ্ৰে দাবী পূৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী জংগী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হ’ব৷ চৰকাৰী বঞ্চনাৰ অৱসান বিচাৰি চি আই টি ইউৰ উদ্যোগত ৰ ছেপ্টেম্বৰত আহূত বঞ্চিত শ্ৰমিকৰ বিক্ষোভ-সমাৱেশত ‘ৰন্ধনকৰ্মীক মাননিৰ সলনি মজুৰি প্ৰদানৰ দাবী’ত অসমৰ ৰন্ধন কৰ্মীসকলেও অংশগ্ৰহণ কৰিব বুলি ইউনিয়নৰ সাধাৰণ সম্পাদিকাগৰাকীয়ে জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here