Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ইউক্ৰেইনৰ পৰা ভাৰতলৈ উভতিছে ৬২০০ নাগৰিক: দুটা দিনত ৭৪০০ভাৰতীয়ক স্বদেশলৈ উভতাব চৰকাৰে:...

ইউক্ৰেইনৰ পৰা ভাৰতলৈ উভতিছে ৬২০০ নাগৰিক: দুটা দিনত ৭৪০০ভাৰতীয়ক স্বদেশলৈ উভতাব চৰকাৰে: যুদ্ধৰ বাবে ১ লাখে ইউক্ৰেইন এৰিলে স্বগৃহ

132
0


নতুন দিল্লী-কিয়েভ, ৩ মাৰ্চ:
অপাৰেচন গংগাৰ জৰিয়তে ইউক্ৰেইনত আবদ্ধ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ অভিযান অহৰহ চলাই আছে কেন্দ্ৰীয় চৰকাৰে৷ এয়াৰ ইণ্ডিয়া আৰু বায়ুসেনাৰ¸ বিশেষ বিমানৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ প্ৰক্ৰিয়া চলি আছে৷ এতিয়ালৈ ইউক্ৰেইনৰ পৰা ৬,২০০জন নাগৰিকক স্বদেশলৈ ওভতাই অনা হৈছে আৰু আগন্তুক দুটা দিনত ৭,৪০০ ভাৰতীয়ক ইউক্ৰেইনৰ পৰা স্বদেশলৈ ওভতাই অনাৰ লক্ষ্য ৰাখিছে ভাৰত চৰকাৰে৷ আজি দহখন বিমানৰ জৰিয়তে ২,১৮৫জন লোকক স্বদেশলৈ ওভতাই অনা হৈছে৷ কেন্দ্ৰীয় বৈদেিশক মন্ত্ৰালয়ৰ প্ৰবক্তা অৰিন্দৰ বাগচিয়ে প্ৰকাশ কৰা অনুসৰি অপাৰেচন গংগাৰ অধীনত ১৮ খন বিমান অহা ২৪ ঘণ্টাৰ ভিতৰত ইউক্ৰেইনলৈ উৰা মাৰিব আৰু ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ উভতিব৷ ইতিমধ্যে ইউক্ৰেইন ত্যাগ কৰিছে ১৮ হাজাৰ ভাৰতীয়ই৷ সেইসকল এতিয়া চুবুৰীয়া দেশ পোলেণ্ড, মালডোভা, ৰোমানিয়া, দেশসমূহত প্ৰৱেশ কৰিছে আৰু সেই স্থানৰ পৰাই ভাৰতে নাগৰিকসলক ওভতোৱাৰ প্ৰক্ৰিয়া চলাই আছে৷ যুদ্ধ চলি থকাৰ বাবে এতিয়ালৈ ১০ লাখ ইউক্ৰেইনী নাগৰিকে নিজ দেশ ত্যাগ কৰি চুবুৰীয়া দেশত আশ্ৰয় লৈছে৷ যাৰ ফলত বিশ্বত পুনৰাই ভয়াৱহৰূপে শৰণাৰ্থী সংকটে দেখা দিছে৷ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা অনুসৰি ইউক্ৰেইনৰ প্ত.প্ত লাখ নাগৰিকে পোলেণ্ডত আশ্ৰয় লৈছে৷ আনহাতে ৰ লাখ ১৬ হাজাৰে হাংগেৰীত, ৭৯ হাজাৰে মালডোভাত আৰু ৭১ হাজাৰে শ্লোভাকিয়াত আশ্ৰয় লৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here