Home Main Stories চুবুৰীয়া ৰাজ্যৰ দখলত অসমৰ ৬৯০১০.৮২৪২ হেক্টৰ ভূমি , পাঁচ বছৰত ৭১ টা...

চুবুৰীয়া ৰাজ্যৰ দখলত অসমৰ ৬৯০১০.৮২৪২ হেক্টৰ ভূমি , পাঁচ বছৰত ৭১ টা অসমৰ ভূমি দখলৰ ঘটনা

115
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ জুলাই : চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন অব্যাহত আছে। প্ৰতিমুহূৰ্তত চুবুৰীয়া ৰাজ্য নাগালেণ্ড, অৰুণাচল, মেঘালয়, মিজোৰামৰ একাংশ দুৰ্বৃত্তই অসমৰ ভূমি বেদখল কৰি আহিছে। অসমৰ ভূমি এনেদৰে বেদখল কৰি থকাৰ পিছতো ৰাজ্য চৰকাৰ সেয়া ৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। অসমৰ ভূমিত চুবুৰীয়া ৰাজ্যই দীৰ্ঘদিন ধৰি ভয়াৱহ আগ্ৰাসন চলাই থকাৰ পিছতো মৌনতা অৱলম্বন কৰি গৈছে চৰকাৰে। যাৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাজ্যৰ দখলত আছে হাজাৰ হাজাৰ হেক্টৰ অসমৰ ভূমি। সীমান্তত এনেদৰে চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি বেদখল কৰি থকাৰ সমান্তৰালকৈ অসমীয়া লোকৰ ওপৰত চলা বৰ্বৰ আক্ৰমণ ভয়াৱহ হাৰত বৃদ্ধি পাইছে। যাৰ পৰিপ্ৰেক্ষিতত সীমান্তত এতিয়াও অব্যাহত আছে অসমীয়া লোকৰ ওপৰত আক্ৰমণ। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মিজোৰামে ৬৯,০১০.৮২৮২ হেক্টৰ অসমৰ ভূমি বেদখল কৰিছে। এয়া ৰাজ্য চৰকাৰৰ এক তথ্যই সীমান্তত দুৰ্বৃত্তৰ ভয়াৱহ আগ্ৰাসনৰ ছবিখন দাঙি ধৰিছে। আজি সদনত কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাসৰ এক প্ৰশ্নৰ উত্তৰত সীমান্ত উন্নয়ন বিভাগৰ মন্ত্ৰীয়ে দাখিল কৰা তথ্য অনুসৰি অৰুণাচল প্ৰদেশে অসমৰ ৮,৩৯৫.২৫৪৫ হেক্টৰ ভূমি বেদখল কৰিছে। তথ্য অনুসৰি শোণিতপুৰ সীমান্তত ১.০৮৪৯ হেক্টৰ ভূমি, বিশ্বনাথত ৪,৭৫১ হেক্টৰ ভূমি, লখিমপুৰত ১,৯৭৫.৪১ হেক্টৰ ভূমি, ধেমাজিত ১,০৫৫.৭৪৭৯ হেক্টৰ ভূমি, ডিব্ৰুগড় ১০ হেক্টৰ আৰু চৰাইদেউ সীমান্তত ৬০২.০১১৭ হেক্টৰ ভূমি অৰুণাচল প্ৰদেশে বেদখল কৰিছে। অৰ্থাৎ অৰুণাচল প্ৰদেশে অসমৰ ৮,৩৯৫.২৫৪৫ হেক্টৰ ভূমি অবৈধভাৱে দখল কৰিছে। একেদৰে অসম-নাগালেণ্ড সীমান্তৰ যোৰহাটত ১৮,৮০৭.৭২ হেক্টৰ ভূমি, শিৱসাগৰ সীমান্তত ২৩.৯০৩৯ হেক্টৰ ভূমি, গোলাঘাট সীমান্তত ৩৬,২৯৪.০৭ হেক্টৰ ভূমি আৰু চৰাইদেউ সীমান্তত ২৭০.৪৩৫৭ হেক্টৰ ভূমি নাগালেণ্ডে দখল কৰিছে। অৰ্থাৎ অসমৰ সৰ্বমুঠ ৫৫,৩৯৬.১২৯৬ হেক্টৰ ভূমি নাগালেণ্ডে অবৈধভাৱে দখল কৰিছে। একেদৰে অসমৰ ৩,৪৪১.৮৬০১ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্য মেঘালয়ে দখল কৰিছে। গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত ৩৩.৮১৫৬ হেক্টৰ ভূমি, কাচাৰ সীমান্তত ৬০২.০১১৭ হেক্টৰ ভূমি, কামৰূপৰ ৮০২.৬৮২৩ হেক্টৰ ভূমি, দক্ষিণ শালমাৰা-মানকাচৰ সীমান্তত ৩.৩৫০৫ হেক্টৰ ভূমি আৰু পশ্চিম কাৰ্বি আংলং সীমান্তত ২,০০০ হেক্টৰ ভূমি মেঘালয়ে দখল কৰিছে। একেদৰে অসম-মিজোৰাম সীমান্তত হাইলাকান্দি অঞ্চলত ১,০০০ হেক্টৰ ভূমি, কৰিমগঞ্জৰ ৩৭৭.৫৮ হেক্টৰ ভূমি আৰু কাচাৰৰ ৪০০ হেক্টৰ ভূমি মিজোৰামে বেদখল কৰিছে। অৰ্থাৎ অসমৰ ১,৭৭৭.৫৮ হেক্টৰ ভূমি মিজোৰামে অবৈধভাৱে দখল কৰি আছে। অসমৰ ভূমিত এনেদৰে চুবুৰীয়া ৰাজ্যসমূহে দীৰ্ঘদিন ধৰি আগ্ৰাসন চলাই গৈছে। ইপিনে বিগত পাঁচটা বছৰত অসমৰ চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি বেদখলৰ ৭১টা ঘটনা সংঘটিত হৈছে। সদনত দিয়া তথ্য অনুসৰি নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশে বেদখল কৰা অসমৰ ভূমি বেদখলমুক্ত কৰিবৰ বাবে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত ক্ৰমে গোচৰ নং অ’ এছ ২য১৯৮৮ আৰু অ’ এছ নং ১য১৯৮৯ ৰুজু কৰিছে। এই দুয়োটা গোচৰ বৰ্তমানে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। মেঘালয় আৰু মিজোৰামে বেদখল কৰা অসমৰ ভূমি বেদখলমুক্ত কৰিবৰ বাবে বিভিন্ন স্তৰত আলোচনা কৰি থকা হৈছে বুলি সদনত বিভাগীয় মন্ত্ৰীয়ে জানিবলৈ দিয়ে। অৰ্থাৎ অসমৰ বৃহৎ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here