Home Main Stories ৯ ছেকেণ্ডত মাটিত মিলি গ’ল আকাশচুম্বী টুইন টাৱাৰ

৯ ছেকেণ্ডত মাটিত মিলি গ’ল আকাশচুম্বী টুইন টাৱাৰ

255
0


বিশেষ প্ৰতিনিধি, ২৮ আগষ্ট ঃ আজি নয়দাৰ ছেক্টৰ-৯৩ত অৱস্থিত দুটাকৈ ছুপাৰটেক টুইন টাৱাৰ বিস্ফোৰক দি ভাঙি পেলোৱা হয়৷ মাত্ৰ জ্ঝ ছেকেণ্ড সময়ৰ ভিতৰতে ধবংস হৈ পৰিল টুইন টাৱাৰ৷ আকাশচুম্বী অট্টালিকা দুটা দুপৰীয়া প্ৰায় ২ বাজি ৩০ মিনিটত ধবংস কৰি পেলোৱা হয়৷ বিশাল অট্টালিকাকেইটা ধবংস কৰিবলৈ আগতীয়াকৈ সকলো ফালৰ পৰা প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছিল৷ ইয়াৰ ৫,০০০ৰো অধিক চুবুৰীয়া বাসিন্দাই ২৮ আগষ্টৰ পুৱা জ্জ বাজি ৩০ মিনিটৰ ভিতৰত চৌহদ খালী কৰি অন্য স্থানলৈ আঁতৰি যায়৷ বাহনসমূহো সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয়৷ প্ৰকল্পটোৰ বিষয়াসকলে তেওঁলোকৰ সকলো সুৰক্ষা বিচাৰ কৰি অনুমতি দিয়াৰ পাছতহে নিজৰ এপাৰ্টমেণ্টলৈ ঘূৰি আহিব পাৰিছে৷ জ্ঝ,৬৪০টা গাঁত খনন কৰি এই টাৱাৰসমূহত ৩,৭০০ কেজি বাৰুদ ভৰোৱা হৈছিল, যাৰ ফলত জ্ঝ ছেকেণ্ডৰ ভিতৰতে কুতুব মিনাৰতকৈও ওখ এই অট্টালিকাসমূহ তাচপাত খহাদি খহি পৰে৷ নয়দা-গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছ ৱেত যান-বাহন চলাচল বিয়লি ২.১৫ বজাৰ পৰা আবেলি ২.৪৫ বজালৈ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়৷ জৰুৰীকালীন সেৱাৰ বাবে প্ৰয়োজনীয় অগ্নিনিৰ্বাপক গাড়ী, এম্বুলেন্স আদি টুইন টাৱাৰৰ সন্মুখত অৱস্থিত উদ্যানখনৰ পিছফালে নিৰ্মিত পথত ৰখাই থোৱা হয়৷ টুইন টাৱাৰ কিয় ধবংস কৰা হ’ল সেই সম্পৰ্কত বিভিন্ন বিতৰ্ক চলি আছে৷ দুৰ্নীতিৰ ভেটিত নিৰ্মিত ছুপাৰটেক এমাল্ডৰ্ হাউছিং ছ’চাইটীৰ এই দুটা টাৱাৰ এপেক্স আৰু চিয়ানৰ উচ্ছতা প্ৰায় ১০১ আৰু ৯৪ মিটাৰ৷ বিগত ২০১৪ চনত এলাহাবাদ উচ্ছ ন্যায়ালয়ে টুইন টাৱাৰ দুটা অবৈধভাৱে নিৰ্মিত বুলি ঘোষণা কৰে আৰু ইয়াক ধবংস কৰাৰ নিৰ্দেশ দিয়ে৷ পিছত এই বিষয়টো উচ্ছতম ন্যায়ালয়লৈ স্থানান্তৰিত হোৱাত আৰম্ভণিতে উচ্ছতম ন্যায়ালয়ে এলাহাবাদ উচ্ছ ন্যায়ালয়ৰ আদেশ স্থগিত ৰাখিছিল যদিও পৰৱৰ্তী কালত উচ্ছতম ন্যায়ালয়েও ইয়াক ধবংস কৰাৰ নিৰ্দেশ দিয়ে৷ এক আবেদনৰ ভিত্তিত উচ্ছতম ন্যায়ালয়ে নিজৰ অনুসন্ধানত বিচাৰি পাইছিল যে ছুপাৰটেকে এই টাৱাৰবোৰ নিৰ্মাণ কৰোঁতে নিৰ্মাণৰ চৰ্তসমূহ কঠোৰভাৱে মানি চলা নাছিল৷ এই টুইন টাৱাৰৰ নিৰ্মাণকাৰ্য ২০০৯ চনত আৰম্ভ হৈছিল আৰু দুটা টাৱাৰত মুঠ ৯৫০তকৈও অধিক ফ্লেট নিৰ্মাণ কৰিব লগা আছিল৷ অৱশ্যে অৰ্ধনিৰ্মিত এই টুইন টাৱাৰৰ ফ্লেটসমূহ বহু লোকে ক্ৰয় কৰি অভিযোগ কৰিছিল যে টুইন টাৱাৰৰ নিৰ্ধাৰিত পৰিকল্পনা পিছলৈ সলনি কৰা হৈছিল আৰু ২০১২ চনত তেওঁলোকে এই সন্দৰ্ভত এলাহাবাদ উচ্ছ ন্যায়ালয়ৰ কাষ চাপিছিল৷ মুঠ ৬৩৩জন লোকে টুইন টাৱাৰত নিজৰ বাবে ফ্লেট বুক কৰিছিল৷ ইয়াৰ ভিতৰত ২৪৮জন লোকে ধন ঘূৰাই লৈছিল আৰু প্ৰায় ১৩৩জন ক্ৰেতাক অন্যান্য প্ৰকল্পত ঘৰ দিয়া হৈছিল৷ কিন্তু সকলো ক্ৰেতাৰ ভিতৰত ২৫২জন লোকে বৰ্তমানলৈ নিজৰ ধন ঘূৰাই লোৱা নাই অথবা তেওঁলোকক আন কোনো প্ৰকল্পলৈ স্থানান্তৰ কৰা হোৱা নাই, অৰ্থাৎ তেওঁলোকৰ বিনিয়োগ এই প্ৰকল্পত এতিয়ালৈকে আছে৷ ৰাষ্ট্ৰীয় ভৱন নিৰ্মাণ বা এনবিচি ২০০৫১ এটা ব্যৱস্থাৰ অধীনত ওখ অট্টালিকাৰ চাৰিওফালে মুকলি ঠাই থাকিব লাগে৷ অনুসন্ধানত পোৱা গৈছে যে টুইন টাৱাৰৰ ওচৰৰ এলেকাটোত জ্ঝ মিটাৰতকৈ কম স্থানৰ ব্যৱধান পোৱা গৈছিল, যি নিয়ম অনুসৰি প্ৰায় ২০ মিটাৰ দূৰত্বত হ’ব লাগিছিল৷ এই টুইন টাৱাৰক লৈ ছুপাৰটেকৰ বিৰুদ্ধে গোচৰ চলোৱা উদয়ভান তেওটিয়াই কয় যে দুৰ্নীতিৰ বিৰুদ্ধে তেওঁৰ যুঁজখন সফল হোৱাত তেওঁ সুখী৷ একে সময়তে নয়ডা যান-বাহন আৰক্ষীয়ে ৰুট ডাইভাৰছন ভাঙি পেলোৱা পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here