Home অসম পাঠক সমাজৰ মৰম আৰু আশীৰ্বাদৰ মাজত মই জীয়াই থাকিব বিচাৰো : ৯০...

পাঠক সমাজৰ মৰম আৰু আশীৰ্বাদৰ মাজত মই জীয়াই থাকিব বিচাৰো : ৯০ সংখ্যক ওপজা দিনত পদ্মশ্ৰী ইমৰান শ্বাহ

125
0


ষ্টাফ ৰিপ’ৰ্টাৰ, শিৱসাগৰ, ২৩ নৱেম্বৰ ঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মশ্ৰী ইমৰান শ্বাহৰ আজি ৯০ সংখ্যক ওপজা দিন৷ আজি বিয়লি সাহিত্যিকগৰাকীৰ ধাইআলিৰ বাসভৱন প্ৰাংগণত শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হয় কথাশিল্পী ইমৰান শ্বাহৰ ওপজা দিনৰ অনুষ্ঠান৷ শিৱসাগৰ জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক সন্তোষ দত্তই আঁত ধৰা এই অনুষ্ঠানত ৯০ সংখ্যক ওপজা দিনৰ অনুভৱ ব্যক্ত কৰি ইমৰান শ্বাহে কয় যে জীৱনৰ এই ক্ষণত আপোনাসৱৰ মৰম আৰু আশীৰ্বাদে মোক ধন্য কৰিছে৷ মানুহে দিব পৰা শ্ৰেষ্ঠ সম্পদ হৈছে মৰম আৰু হেঁপাহ৷ এই দুয়োটাই মই আপোনাসৱৰ পৰা পাই আহিছোঁ৷ বয়সে মোক হাৰ মনাব পৰা নাই, তাৰ বাবে মই অহৰহ চেষ্টা কৰি আছোঁ, যি পাৰোঁ সমাজৰ বাবে কৰি যাম৷ গল্পৰ মাজেৰে বহু কথা ক’ব পৰা শক্তি এতিয়াও মোৰ আছে৷ মই কথা দিব নোৱাৰোঁ, আশাহে দিব পাৰোঁ৷ আন এক প্ৰসংগত ইমৰান শ্বাহে আৰু কয় যে সময়ৰ ওচৰত সকলোৱে হাৰ মানে৷ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবেই মই এতিয়াও চফল ডেকাৰ দৰেই সৃষ্টিকৰ্মত ব্ৰতী হৈ আছোঁ৷ গল্প-কবিতা লিখাৰ বাবে ৯০ বছৰ উপযুক্ত নহয় যদিও কেইদিনমানৰ পূৰ্বে ‘বসুন্ধৰা’ত প্ৰকাশ পোৱা ‘শগুনৰ শাও’ নামৰ মোৰ বিশেষ গল্পটোৱে পাঠক সমাজৰ সমাদৰ লাভ কৰাত উৎসাহিত হৈ পৰিছোঁ৷ বিশেষকৈ নৱ প্ৰজন্মৰ পৰা মই বহুত সমাদৰ লাভ কৰিছোঁ৷ বৰ্তমান কিছু আলোচনীত প্ৰকাশ পাই থকা অণুগল্প সম্পৰ্কত মোৰ কিছু আপত্তি আছে যদিও আজিৰ দিনটোত এই বিষয়ে মই মন্তব্য নিদিওঁ বুলি ইমৰান শ্বাহে মন্তব্য কৰে৷ ওপজা দিনৰ এই অনুষ্ঠানত শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈ, নৱনিৰ্বাচিত সভানেত্ৰী ড॰ নিৰুপমা মহন্ত, উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত, গড়গাঁও কলেজৰ অধ্যাপক ড॰ জিতু শইকীয়াকে ধৰি ভালেকেইগৰাকী ব্যক্তিয়ে ইমৰান শ্বাহৰ জীৱন, সাহিত্য, কৰ্মৰাজিৰ ওপৰত বক্তব্য প্ৰদান কৰে৷ গাম্ভীৰ্যপূৰ্ণ এই ওপজা দিনৰ অনুষ্ঠানটিত বিভিন্নজনে ফুলৰ তোৰা, গছপুলি, চেলেং চাদৰ, গামোচা, কলম, টুপী আৰু নতুন প্ৰজন্মৰ চিন্তাশীল লেখক অংকুৰন আফ্‌টে ইমৰান শ্বাহৰ নিজে অংকন কৰা এখন ইমৰান শ্বাহৰ ছবি উপহাৰ দিয়ে৷ অনুষ্ঠানত শিৱসাগৰ জিলা সাহিত্য সভা, ৰংপুৰ সাহিত্য সভা, অৰুণোদই সাহিত্য সভা, শিৱসাগৰ প্ৰেছ ক্লাব, চেৰেকাপাৰ শাখা সাহিত্য সভা, শলগুৰি মুকুল সাহিত্য সভা, সৃজনী শাখা সাহিত্য সভা, উজনি অসম মুছলিম কল্যাণ পৰিষদ, শিৱসাগৰ ৱেব মিডিয়া এছ’চিয়েচন, কলঞ্চুপাৰ শাখা সাহিত্য সভা, লেখিকা সমাৰোহ সমিতিকে ধৰি বহু অনুষ্ঠানে ইমৰান শ্বাহক জন্মদিনৰ শুভেচ্ছা জনায়৷ ওপজা দিনৰ এই অনুষ্ঠানত কিশোৰ মনজিৎ বৰা, চায়েৰা ইছলাম বড়া, সংগীতা ৰুণুমী বৰুৱাই কবিতা পাঠ কৰাৰ লগতে সংগীতশিল্পী প্ৰবীণ হাজৰিকা, চামৰিন চাদিক, জ্যোতি-বিষ্ণু কলাংগনৰ শিল্পী প্ৰভাত কোঁৱৰ, স্মৃতা বৰগোহাঁই আৰু শিকিতা গগৈ, আজাদ আলম, ডাঃ আমিনুৰ ৰহমান, ৰাঘৱেন্দ্ৰ যোশীয়ে গীত পৰিৱেশন কৰে৷ এই সভাত বিশিষ্ট কবি-সাহিত্যিক প্ৰেম গগৈ, প্ৰাক্তন অধ্যক্ষ ড॰ প্ৰকাশ কটকী, মণিকা শইকীয়া আদি উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here