Home Main Stories বৰেণ্য কথাশিল্পী হোমেন বৰগোহাঞিৰ ৯০ সংখ্যক জন্ম দিৱস পালন: ২৩ গৰাকী সাহিত্যিকলৈ...

বৰেণ্য কথাশিল্পী হোমেন বৰগোহাঞিৰ ৯০ সংখ্যক জন্ম দিৱস পালন: ২৩ গৰাকী সাহিত্যিকলৈ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন

199
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী,৮ ডিচেম্বৰ : ‘সাহিত্যই আমাক অতীতলৈ লৈ যাব পাৰে, ভৱিষ্যতৰ বাট দেখুৱাব পাৰে আৰু কিতাপৰ পৃষ্ঠাৰ মাজতেই আমি ভ্ৰমি ফুৰিব পাৰোঁ সমগ্ৰ পৃথিৱী৷’– আজি বৰেণ্য কথাশিল্পী হোমেন বৰগোহাঞিৰ ৯০সংখ্যক জন্ম দিৱসৰ আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ভাষণ প্ৰসংগত এনেদৰে কয়৷ মন্ত্ৰীগৰাকীয়ে হোমেন বৰগোহাঞিৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি এই কথা ব্যক্ত কৰে যে অসম চৰকাৰে কাৰ্যকৰী কৰা ‘মিছন বসুন্ধৰা’ আৰু ‘প্ৰণাম আঁচনি’ ৰ দৰে পদক্ষেপসমূহ প্ৰকৃতাৰ্থতে সাংবাদিক-সাহিত্যিক বৰগোহাঞিৰ চিন্তা-চেতনাৰ প্ৰতি জনোৱা শ্ৰদ্ধাঞ্জলিসদৃশ৷ নতুন প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ এক আন্দোলন গঢ়ি তুলিবলৈ মন্ত্ৰীগৰাকীয়ে শিক্ষক সমাজলৈও আহ৩ান জনায়৷ আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে চলিত বৰ্ষৰ বাবে অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনপ্ৰাপক ২৩গৰাকী ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত উপস্থিত থাকি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে হোমেন বৰগোহাঞিৰ কৰ্মৰাজি আৰু আদৰ্শক জীয়াই ৰাখিবলৈ অসম চৰকাৰৰ প্ৰচেষ্টা অব্যাহত থাকিব আৰু তাৰেই অংশস্বৰূপে মহান সাহিত্যিকগৰাকীৰ ওপজা দিনটোক সাহিত্যিক পেঞ্চন প্ৰদানৰ বাবে নিৰ্ধাৰণ কৰা হৈছে৷ আজিৰ অনুষ্ঠানত উচ্ছ শিক্ষা বিভাগৰ উপদেষ্টা, অধ্যাপক ড॰ ননীগোপাল মহন্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ বিভাস চৌধুৰীয়ে হোমেন বৰগোহাঞিৰ জীৱন আৰু কৃতীৰ ওপৰত আলোকপাত কৰে৷ হোমেন বৰগোহাঞিৰ পুত্ৰ, অধ্যাপক প্ৰদীপ্ত বৰগোহাঞিও অনুষ্ঠানত উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here