গণ বাৰ্তা , কলগাছিয়া, ৬ ছেপ্তেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তগৰ্ত ঐতিহাসিক মইনবৰীত বেঁকী নৈৰ খহনীয়াৰ ৰুদ্ৰমূৰ্তিত বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী, শিক্ষক-কৰ্মচাৰী আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ইতিমধ্যে নৈখনৰ খহনীয়াত কিছমত মইনবৰী নৱনূৰ হাইস্কুলখন নৈৰ বুকুত জাহ গৈছে। ফলত বিদ্যালয়খনৰ ৫ শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ অন্ধকাৰৰ পিনে গতি কৰিছে। আজিৰে পৰা ৰাজ্যৰ বিদ্যালয়সমূহ খুলি দিয়া হৈছে যদিও মইনবৰীৰ কিছমত নৱনূৰ হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল পাঠদানৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। নৈৰ খহনীয়াত বিদ্যালয়খনৰ আটাইকেইটা শ্ৰেণীকোঠা, অৰ্ধশতাধিক পৰিয়ালৰ ভেটি-মাটি, পকী পথ, অংগনৱাদী কেন্দ্ৰ, প্ৰাথমিক বিদ্যালয়, শ শ বিঘা কৃষিভূমি বিধ্বস্ত হৈছে বুলি জানিব পৰা গৈছে। জয়পুৰ, তাৰাকান্দি, মইনবৰী, কিছমত মইনবৰী আদি অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বসাধাৰণ ৰাইজৰ উপৰি বিদ্যালযখনৰ শিক্ষকসকলেও হাইস্কুলখন পুনৰ্নিৰ্মাণ কৰি পাঠদান প্ৰক্ৰিয়া চালু কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, জলসম্পদ মন্ত্ৰী পীয়ূষ¸ হাজৰিকা আৰু শিক্ষামন্ত্ৰী ড০ ৰ¸ণোজ পেগু লৈ অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে আবেদন জনাইছে। ইফালে, নৈখনৰ খহনীয়াত বিগত কালছোৱাত অঞ্চলটোৰ জয়পুৰ, তাৰাকান্দি, কিছমত মইনবৰী আদি কৰি কে’বাখন গাঁৱৰ শ শ পৰিয়ালৰ ভেটি-মাটি, ৰাস্তা-ঘাট, শিক্ষানুষ্ঠান, খেতিপথাৰ আদি নৈৰ বুকুত বিলীন হৈছে। এই বেলিও নৈখনৰ খহনীয়াৰ ৰুদ্ৰমূৰ্তিত নৈৰ পাৰে পাৰে থকা অৰ্ধশতাধিক পৰিয়ালৰ ভেটি-মাটি, কিছমত মইনবৰী নৱনূৰ হাই স্কুলখন বিধ্বস্ত হৈছে। অঞ্চলটোৰ আন শতাধিক পৰিয়াল আৰু কে’বাটাও শিক্ষানুষ্ঠানলৈ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰাত গাঁওবাসী আতংকিত হৈ পৰিছে। খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে যদি কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰে তেন্তে নৈৰ বুকুত আৰু কে’বাখন গাঁৱৰ শ শ পৰিয়ালৰ ভেটি-মাটি জাহ যাব বুলি ধাৰণা কৰা হৈছে।