Home স্থানীয় মইনবৰী নবনূৰ হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ চকুত চকুলো: বেঁকী নদীৰ খহনীয়াত বিধবস্ত...

মইনবৰী নবনূৰ হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ চকুত চকুলো: বেঁকী নদীৰ খহনীয়াত বিধবস্ত হাইস্কুল,পাঠদানৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী

122
0


গণ বাৰ্তা বিশেষ, কলগাছিয়া, ২০ ছেপ্টেম্বৰ
ঃ বিগত ৫ মাহ বিৰতিৰ পিছত চৰকাৰে দশম শ্ৰেণীৰ পাঠদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে৷ সেই অনুসৰি আজি বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত কিছমত মইনবৰীৰ নৱনূৰ হাইস্কুলৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ কাৰণে কলগছৰ তোৰণ বনাই ছাত্ৰ-ছাত্ৰীক আদৰণি জনায়৷ ইফালে ছাত্ৰ-ছাত্ৰীসকলেও প্ত মাহ বিৰতিৰ পিছত দশম শ্ৰেণীৰ ক্লাছ খুলি দিয়াৰ লগে লগে আজি বিদ্যালয়ত আহে যদিও বিদ্যালয়খন বেঁকী নৈত জাহ যোৱাত ছাত্ৰ-ছাত্ৰীসকল আৱেগিক হৈ পৰে৷ বিদ্যালয়খন সম্পূৰ্ণভাৱে বেঁকী নদীত জাহ যোৱাত শৈক্ষিক পৰিৱেশ নথকাৰ কাৰণে কান্দিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকসকলে৷ আজি বিদ্যালয় খোলাৰ প্ৰথম দিনা ছাত্ৰ-ছাত্ৰীসকলে নৈৰ পাৰত থিয় হৈ বিদ্যালয় বিধবস্ত হোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰি পাঠ গ্ৰহণ নকৰাকৈ গৃহ অভিমুখে যাবলগীয়া হৈছে৷ এই ক্ষেত্ৰত বিদ্যালয়খন পুনৰ্নিৰ্মাণ আৰু শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ কাৰণে নৱনূৰ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে হাতযোৰ কৰি চৰকাৰৰ ওচৰত অনুৰোধ কৰে৷ উল্লেখ্য, যোৱা কিছুদিন ধৰি কলগাছিয়াৰ কিছমত মইনবৰীত বেঁকী নৈৰ বিধবংসী খহনীয়াত তাৰাকান্দি, জয়পুৰ, চতলা আদি গাঁৱৰ শ শ পৰিয়ালৰ ভেটি-মাটি, ৰাস্তা-ঘাট, শিক্ষানুষ্ঠান, খেতিপথাৰ আদি নৈৰ বুকুত জাহ গৈছে৷ খহনীয়াৰ ভয়ত একাংশ লোকে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে যদিও আন একাংশই ওখ ঠাই নাইবা মুকলি আকাশৰ তলত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে গৃহহীন পৰিয়ালক পুনৰ্সংস্থাপন আৰু খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰি বিদ্যালয়খন পুনৰ স্থাপন কৰিবলৈ দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here