Home অসম নগাঁৱত ব্ৰিটিছৰ দিনৰ ১৫০ বছৰীয়া পুৰণি গছ উঘালি পৰাত ৰাইজ মৰ্মাহত

নগাঁৱত ব্ৰিটিছৰ দিনৰ ১৫০ বছৰীয়া পুৰণি গছ উঘালি পৰাত ৰাইজ মৰ্মাহত

72
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২২ জুন ঃ নগাঁও চহৰৰ সমীপৱৰ্তী অঞ্চল মৰিকলং শিয়ালেখোৱাত পথৰ দাঁতিত থকা প্ৰায় ১৫০ বছৰ পুৰণি এজোপা প্ৰকাণ্ড আকাৰৰ ইউকেলিপট্ৰাছ গছ আজি পথৰ ওপৰত উভালি পৰাত অঞ্চলটোৰ ৰাইজ দুঃখিত হৈ পৰিছে ৷ এই গছজোপাৰ আছে বহু পুৰণি স্মৃতি৷ উক্ত গছজোপা ব্ৰিটিছ চৰকাৰৰ দিনত শিয়ালেখোৱাৰ সzান্ত ভূঞা পৰিয়ালৰ স্বৰ্গীয় গুণদাকান্ত ভূঞা নামৰ এগৰাকী চৰকাৰী বিষয়াই ব্ৰিটিছৰ হতুৱাই জাপানৰ পৰা অনাই নিজ পদূলিত ৰোপণ কৰিছিল৷ এই গছজোপাৰ তলতেই জিৰণি লৈছিল ব্ৰিটিছ চৰকাৰৰ বহু চৰকাৰী বিষয়াই৷ উক্ত গছজোপা ইমান বছৰে ভূঞাৰ পৰিয়ালৰ লগতে শিয়ালেখোৱাৰ ৰাইজে স্বৰ্গীয় গুণদাকান্ত ভূঞাৰ স্মৃতি স্বৰূপে প্ৰতিপালনৰ কৰি আহিছিল৷ কলঙৰ বাঢ়নী পানীয়ে গছজোপাৰ গুৰিৰ মাটি খহাই নিয়াত গছজোপা আজি উভালি পৰে৷ যাৰ ফলত ভূঞা পৰিয়ালৰ লগতে শিয়ালেখোৱা অঞ্চলৰ ৰাইজ মৰ্মাহত হৈ পৰিছে৷ প্ৰায় ২৫০ ফুট উচ্ছতাৰ গছজোপা ওচৰৰ পৰা চাবলৈ বৃহত্তৰ অঞ্চলৰ ৰাইজে আহি ভিৰ কৰিছে৷ এই গছজোপা বৰঘাট শিয়ালেখোৱা অঞ্চলৰ এক পৰিচয় আছিল বুলি স্থানীয় ৰাইজে মন্তব্য কৰে৷ গছজোপা উভালি পৰাত নগাঁৱৰ প্ৰকৃতিপ্ৰেমী ৰাইজে দুখ প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here