Home Uncategorized তীব্ৰবেগি ট্ৰেক্টৰে খুন্দাত 9 বছৰীয়া কন্যাৰ মৃত্যু

তীব্ৰবেগি ট্ৰেক্টৰে খুন্দাত 9 বছৰীয়া কন্যাৰ মৃত্যু

369
0

গণ বাৰ্তা, মায়ং, ১ মাৰ্চ:- মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰ ৰ অন্তৰ্গত ডিপৰাং বৰোগাওঁ ইটা ভাটাত ভয়ংকৰ পথ দুৰ্ঘটনা।ইটা ভাটাৰ তীব্ৰবেগি ট্ৰেক্টৰে মহতিয়াই নিয়ে এটি ৯ বছৰীয়া কণমানি কন্যা শিশুক।দুৰ্ঘটনাত থিতাতে নিহত হয় কন্যা শিশু জনীৰ।কণমানি কন্যা শিশু জনীয়ে ইটা ভাটাৰ ৰাস্তাত খেলি থাকোতে সংঘটিত হয় এই দুৰ্ঘটনা।নিহত কণমানি জনী ডিপৰাং বৰোগাঁৱৰ অতুল বিশ্বাসৰ কন্যা অমিতা বিশ্বাস বুলি জানিব পৰা গৈছে। অবৈধ ট্ৰেক্টৰ, ডাম্পাৰৰ দৌৰাত্মই নিদ্ৰা হৰন কৰিছে অঞ্চলবাসীৰ।ইতি, মধ্যে ঘটনাস্থলিত মায়ং আৰক্ষী উপস্থিত হৈ নিহত কণমানি জনীক মৰোনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও জিলা শ্বহীদ তিলক-হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অঞ্চল বাসীৰ ৰাইজে ইটা ভাটাত লাইচেঞ্চ বিহীন চালক সকলক নাকি লগাৱ দিয়া লগতে শিশু শ্ৰমিকসকলক ইটা ভাটাত কৰ্ম লগোৱাৰ পৰা বিৰত ৰখাৱৰ বাবে প্ৰশাসন আহ্বান জনাইছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here