Home Main Stories জাগুনত বোমা বিস্ফোৰণ : এটি শিশু থিতাতে নিহত; সমগ্ৰ অঞ্চলত চেপা উত্তেজনা...

জাগুনত বোমা বিস্ফোৰণ : এটি শিশু থিতাতে নিহত; সমগ্ৰ অঞ্চলত চেপা উত্তেজনা বিৰাজ

106
0

গণ বার্তা, লেখাপানী, ১১ মে : ৰাজ্যত নৱনিৰ্বাচিত চৰকাৰ গঠন হোৱা দুদিনৰ পাছতেই সংঘটিত হয় বোমা বিস্ফোৰণৰ ঘটনা । বোমা বিস্ফোৰণত এটি কণমানি ১২ বছৰীয়া শিশু থিতাতে নিহত হোৱাত সমগ্ৰ অঞ্চলটোত এক তীব্ৰ প্ৰতিক্ৰিয়া আৰু এক চেপা উত্তেজনা সৃষ্টি হৈছে । উল্লেখ্য যে তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুন কথা আদর্শ হাজং গাঁৱত আজি পুৱা প্ৰায় ৮:৩০ বজাত সুৰজ হাজং নামৰ এজন শিশুৱে ঘৰৰ পৰা জাগুন আদৰ্শ কথা গাঁৱৰ কাষেৰে বৈ যোৱা বুৰিদিহিং নৈৰ ফালে চাইকেলেৰে শিলেৰে বিস্তাৰিত হৈ থকা শিল গুটিৰ ওপৰেৰে গৈ থকা অৱস্থাত হৰ্ঠাত এটা বিস্ফোৰণ হোৱাত শিশুজন চিটিকি দেহৰ ভৰি হাতৰ আঙুলি চিঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰে । ফলত শিশুজনৰ দেহটো কলা পৰি থিতাতে কৰুণ মৃত্যুক সাৱটি লয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । লগে লগে স্থানীয় ৰাইজে শিশুজনক উদ্ধাৰ কৰি মেডিকেললৈ প্ৰেৰণ কৰে যদিও ইয়াৰ পূৰ্বে মৃত্যু বৰণ কৰে । উল্লেখনীয় বিষয় যে জাগুন কথা আদর্শ হাজং গাঁৱৰ বুঢ়ীদিহিং নৈৰ আনটো পাৰে কথা কাষৰণী গাঁৱত বিগত দুবছৰ পূৰ্বে ভাৰতীয় সেনাৰ সহযোগত অসম আৰক্ষীৰ লগত আলফা স্বাধীনৰ মাজত তুমুল সংঘৰ্ষ হৈছিল সেই ঘটনা দেখি এটাই অনুমান হয় যে সেই অঞ্চলটো এক স্পৰ্শকাতৰ হিচাপে সকলোৱে জ্ঞাত । সঘনাই সেই অঞ্চলটোত সেনা আৰু আৰক্ষীৰ আভিজান চলাই থকাৰ মাজতেই কেনেদৰে উক্ত অঞ্চলটো নৈৰ কাষত শিলৰ ওপৰত বিস্ফোৰক গেনেডটো কোনোবা দুৰ্বৃত্তই এনেদৰে ৰাখি থৈছিল সেয়া এক লক্ষণীয় বিষয় হৈ পৰিছে । ইতিমধ্যে ঘটনাস্থলীত তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক আৰু স্থানীয় আৰক্ষী প্ৰশাসনৰ এটি বৃহৎ দল উপস্থিত হৈ সম্পূৰ্ণ ঘটনাটো তদন্ত কৰিবলৈ আভিজান তীব্রতৰ কৰি তোলে । আৰক্ষী প্ৰশাসনৰ তদন্তত পৰৱৰ্তী সময়ত হয়তো সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব বুলি বাতৰি যুগুত কৰা সময়লৈকে গম পোৱা গৈছে । (লেখাপানীৰ পৰা শৰৎ গগৈ )

LEAVE A REPLY

Please enter your comment!
Please enter your name here