Home বিজ্ঞান ও প্রযুক্তি ৰী শিল্পক লৈ ড০ মৃদুল চন্দ্র শৰ্মাৰ অপূর্ব গ্ৰন্থ “এৰীকালচাৰ এ কম্প্ৰিহেন্ছিভ...

ৰী শিল্পক লৈ ড০ মৃদুল চন্দ্র শৰ্মাৰ অপূর্ব গ্ৰন্থ “এৰীকালচাৰ এ কম্প্ৰিহেন্ছিভ প্ৰফাইল” : এক তুলনামূলক আলোচনা

298
0

🖋️ দীপক শৰ্মা

অসমৰ ঐতিহ্যমণ্ডিত এৰী শিল্প বৰ্তমান ৰেচম ক্ষেত্ৰৰ ভিতৰতে অন্যতম জনপ্ৰিয় শিল্প । সাম্প্ৰতিক সময়ত ভাৰতৰ অন্য প্ৰদেশতো ‌এই শিল্পই প্ৰসাৰতা লাভ কৰিছে ।বড়োলেণ্ড ৰেচম সঞ্চালকালয়ৰ দ্বাৰা প্ৰকাশিত Ericulture A Comprehensive Profile এখন এৰী ৰেচম বিষয়ৰ কিতাপ ।কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ অৱসৰপ্ৰাপ্ত ৰেচম বিজ্ঞানী ড° মৃদুল চন্দ্ৰ শৰ্মাই একান্ত ব্যক্তিগত উদ্যমেৰে নিজৰ প্ৰায় কুৰি বছৰীয়া এৰী ক্ষেত্ৰৰ গৱেষণালব্ধ জ্ঞানেৰে কিতাপখন প্ৰণয়ন কৰি উলিয়াইছে । উল্লেখযোগ্য যে, এৰী পলু পালন কৰিবলৈ উন্নত প্ৰযুক্তি কৌশল উদ্ভাৱন কৰাৰ ক্ষেত্ৰত তেখেতৰ অৱদানেই সিংহভাগ দখল কৰি আছে । কেচেৰু গছৰ উন্নত প্ৰজাতি ড° শৰ্মাৰ গৱেষণাৰ যোগেদি উপলব্ধ হৈছে ।‌ ইয়াৰ উপৰিও, উচ্চ উৎপাদনক্ষম ছী-২ নামৰ বৰ্ণসংকৰ প্ৰজাতিৰ প্ৰাককালীন পৰীক্ষা কৰি কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ দ্বাৰা অনুমোদন লাভ আৰু পালকৰ মাজত প্ৰচলন, কম খৰচী চাঙত পলু পালন পদ্ধতি, পৰম্পৰাগত জালিৰ সলনি নৱতম খোলা বন্ধা যতন আদি পলু পালন কৰাৰ কৌশল উদ্ভাৱন তেখেতৰ উল্লেখযোগ্য অৱদান ।‌ এৰী শিল্পৰ ক্ষেত্ৰত কিতাপৰ সংখ্যা তেনেই সীমিত । ড° মৃদুল চন্দ্ৰ শৰ্মাৰ সহযোগী ‌ কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ ৰেচম বিজ্ঞানী ড° বীৰেন্দ্ৰ নাথ চৰকাৰ, ড° ছিদ্দিক আলি আহমেদ আৰু বড়োলেণ্ডৰ ৰেচম সঞ্চালক ড° যোগেশ দেউৰীক লগতলৈ কিতাপখন প্ৰণয়ন কৰিছে । এৰী পালনৰ ক্ষেত্ৰত জড়িত বিভিন্ন কাৰিকৰী কৌশলৰ ওপৰত লিখা হৈছে । কিতাপখনৰ আৰম্ভণিতে ঐতিহাসিক ৰেচম পথ আৰু এৰী সূতাৰ ক্ৰমবৰ্ধমান উৎপাদনৰ ওপৰত আলোকপাত কৰা হৈছে । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰেচম বুৰঞ্জীৰ বিষয়ে এটি বিবৰণ সন্নিৱিষ্ট কৰা হৈছে । এৰী পলুৰ খাদ্য বৃক্ষ‌ ৰোপন, এৰা গছৰ উন্নত প্ৰজাতি যেনে, এন.বি.আৰ‌-১ আৰু উচ্চতেল উৎপাদনকাৰী তথা এৰী পলু পুহিবলৈ উপযোগী GCH-5, GCH-4, DCH-519, DCH-177, CO1, Aruna আদি পুহি লাভৱান হোৱাৰ কথা উল্লেখ কৰিছে । অন্য এবিধ মুখ্য খাদ্য বৃক্ষ‌ কেচেৰু গছৰ নাৰ্চাৰী, পুলি ৰোপন আৰু প্ৰতিপালন, আন্তবৰ্তীকালিন শস্য আদা, হালধি ৰোপনৰ দ্বাৰা অৰ্থনৈতিক ভাৱে অধিক লাভান্বিত হ’ব পৰা তথ্য সন্নিৱিষ্ট কৰা হৈছে ।পলু পালনৰ ক্ষেত্ৰত অতি অত্যাৱশ্যকীয় উন্নত সঁচ উৎপাদন পদ্ধতি বিস্তৃত ভাবে উপস্থাপন কৰা হৈছে । পলু পালন ক্ষেত্ৰৰ‌ বিবৰণত ২৬ টা এৰী পলুৰ স্থানীয় প্ৰজাতিৰ ভিতৰত উন্নত উচ্চ উৎপাদনক্ষম বৰদুৱাৰ, তিতাবৰ আদি প্ৰজাতি পুহিবলৈ অনুমোদন কৰা হৈছে । খাদ্য বৃক্ষ‌ তথা পলুৰ ক্ষেত্ৰত অপকাৰী কীট পতংগ আৰু বেমাৰ প্ৰতিৰোধৰ পদ্ধতি বিস্তাৰিত ভাবে লিখা হৈছে । পলুৰ বেমাৰ ফুটুকা (Pebrine), মুখলগা (Flacherie) বিষয়ে বিস্তাৰিত ভাবে বিবৰণ কৰি ইয়াৰ প্ৰতিৰোধ ব্যৱস্থাৰ ওপৰত আলোকপাত কৰা হৈছে । ইয়াৰ ওপৰিও পৰম্পৰাগত টাকুৰি আৰু উন্নত মেচিন ব্যৱহাৰ কৰি সূতা কটাৰ‌ পদ্ধতি বিবৰণ কৰা হৈছে । আধুনিক সূতা কটা মিলৰ বিষয়েও উল্লেখ কৰা হৈছে । বিভিন্ন ধৰণৰ এৰীজাত সামগ্ৰী যেনে, মহিলাৰ বেগ, অফিচৰ ফাইলৰ পৰা আৰম্ভ কৰি বিচিত্ৰ ধৰণৰ কাপোৰ যেনে টাই, শ্ব’ল, মাফলাৰ, চুৱেটাৰ, দখনা, শাৰী আদিৰ‌ সম্ভাৱনা উল্লেখ কৰা হৈছে । তাৰোপৰি, নানা প্ৰকাৰৰ পাৰ্শ্ব উৎপাদনৰ সম্ভাৱনীয়তাৰ ওপৰত সুন্দৰকৈ আলোকপাত কৰা হৈছে । এৰী লেটা প্ৰমূখ্যে এৰী লাদৰ বিভিন্ন পাৰ্শ্ব উৎপাদনৰ দিশত আলোকপাত কৰা হৈছে । ইয়াৰ ওপৰিও ‌খাদ্যবৃক্ষৰ পৰা নানাবিধ পাৰ্শ্ব উৎপাদনৰ সম্ভাৱনা ডাঙি ধৰা হৈছে । কাগজকল, জুইশলা কাৰখানা, গৃহনিৰ্মাণ আদিৰ ‌ক্ষেত্ৰত‌ এৰা, বৰপাত আদি খাদ্যবৃক্ষ‌ৰ ব্যৱহাৰ কৰাৰ বিষয়ে উল্লেখ কৰিছে । পলুপালন, সূতা কটা, বস্ত্ৰ বয়নশিল্পৰ অৰ্থনৈতিক লাভালাভৰ বিস্তাৰিত বিবৰণ সংলগ্ন কৰা হৈছে । এৰী শিল্পৰ ক্ষেত্ৰত সততে মনলৈ অহা প্ৰশ্নোত্তৰ শিতান এটাও ৰখা হৈছে । মুঠৰ ওপৰত, এৰী শিল্পৰ সকলো‌ কাৰিকৰী ‌দিশ সামৰি ৰচনা কৰা ‌এই কিতাপখনক এৰী পালকৰ হাতপুথি আখ্যা দিব পাৰি । সমগ্ৰ ভাৰত তথা অসমৰ এৰী শিল্পৰ লগত জড়িত ব্যক্তি সকলৰ বাবে এখন সুন্দৰ আলোক চিত্ৰ সম্বলিত কিতাপখনৰ অৱদান অনস্বীকাৰ্য্য ।
( আলোচকৰ ভ্ৰাম্যভাষ : ৬৯০১৬২০০২০ )

LEAVE A REPLY

Please enter your comment!
Please enter your name here