Home স্থানীয় যমুনামুখত ব্ৰাউন চুগাৰসহ এজন ড্ৰাগছ্ সৰবৰাহকাৰী আটক

যমুনামুখত ব্ৰাউন চুগাৰসহ এজন ড্ৰাগছ্ সৰবৰাহকাৰী আটক

423
0

গন বাৰ্তা, ডবকা, ১৩ মাৰ্চঃ-হোজাই জিলাৰ যমুনামুখত যোৱা  নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজন যুৱকক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি হোজাই জিলা আৰক্ষীৰ অধীক্ষক বৰুণ পুৰকাইস্থৰ নিৰ্দেশত এক গোপন সূত্ৰৰ পমখেদি যমুনামুখ আৰক্ষীয়ে নিশা বৰঝাৰিমাজ গাঁৱৰ পৰা অভিযান চলায় ফয়াজ আহমেদ নামৰ এজন যুৱকক আটক কৰে।ধৃত যুৱকজনৰ পৰা প্ৰায় লক্ষাধিক টকাৰ ব্ৰাউন চুগাৰ,ড্ৰাগছৰ ২৩০ টা খালী কন্টেইনাৰ,তিনিটাকৈ মোবাইল ফোন,এখন এটিএম কাৰ্ড,এখন ড্ৰাগছ জোখা ডিজিটেল পাল্লা আৰু নগদ প্ৰায় ৩১ হাজাৰ টকা উদ্ধাৰ হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক নিশা আৰক্ষীয়ে জেৰা চলোৱাৰ অন্তত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ২১(b) ধাৰাত যমুনামুখ আৰক্ষী থানাৰ ১৯/২০২২ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰে। আজি যুৱকজনক হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰায় জেল হাজতলৈ প্ৰেৰণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here