Home স্থানীয় VIDEO | ডিগবৈ ইটাভাটাত ভয়ংকৰ অগ্নিকাণ্ড৷অগ্নিত সম্পূৰ্ণভাৱে ভস্মীভূত চাৰিটাকৈ বাসগৃহ৷কেইবা লাখ টকাৰ...

VIDEO | ডিগবৈ ইটাভাটাত ভয়ংকৰ অগ্নিকাণ্ড৷অগ্নিত সম্পূৰ্ণভাৱে ভস্মীভূত চাৰিটাকৈ বাসগৃহ৷কেইবা লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত

168
0

দ্বীপেন শইকীয়া৷, ডিগবৈ, ১২ জুলাইঃ তৈলনগৰী ডিগবৈ চহৰৰ ইটাভাটা শ্মশান ঘাটৰ সমিপত আজি পুৱা প্ৰায় ১০:৩০ বজাত এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনাই সমগ্ৰ ডিগবৈ চহৰত এক চাঞ্চল্যৰ সৃষ্টি কৰে ৷ভয়ংকৰ অগ্নিকাণ্ডটোত সম্পূৰ্ণ ৰূপে ভষ্মিভূত হয় চাৰিটাকৈ বাসগৃহৰ লগতে বাসগৃহৰ ভিতৰত থকা কেইবালাখো টকাৰ সা-সামগ্ৰী৷জানিবলৈ পৰা অনুসৰি ,একেটা চৌহদৰে ওচৰা-ওচৰিকৈ থকা নিমাই দাস আৰু নীৰু দাস নামৰ দুই আত্মীয়ৰ বাসগৃহৰ গাঁতে লাগি থকা মালা থাপা আৰু ৰুবুল সোনোৱাল নামৰ দুটা পৰিয়ালৰ ভাড়াঘৰতো অগ্নি সংযোগ হোৱাত সম্পূৰ্ণভাৱে জুইত ভস্মীভূত হয়৷উল্লেখ যে, অগ্নিকাণ্ডৰ ফলত ভাড়াতীয়া হিচাপে থকা ৰাজমিস্ত্ৰি বৃত্তিধাৰী ৰুবুল সোনোৱালে নিজৰ ছোৱালীৰ বিশেষ কৰ্মৰ বাবে যোৱা সপ্তাহৰ শুক্ৰবাৰে সাচঁতীয়া জমা ৰখা ডেৰ লাখ টকা বেংকৰ পৰা উলিয়াই আনি বাসগৃহ ৰাখিছিল৷কিন্ত পৰিতাপৰ বিষয় যে অগ্নি সংযোগ হোৱাত চাৰিওটা পৰিয়ালৰে বাসগৃহৰ ভিতৰত থকা এপদো সা-সামগ্ৰী বচাবলৈ সক্ষম নোহোৱাৰ লগতে সোনোৱালৰ নগদ ডেৰ লাখ টকা জুইত ভস্মীভূত হয়৷ ভস্মীভূত হোৱা আটাইকেইটা আবাসগৃহ মূল সংযোগী পথৰ পৰা কিছু ভিতৰত হোৱাৰ হেতুকে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈও বাসগৃহসহ সা – সামগ্ৰী অগ্নিৰ পৰা বচাবলৈ সক্ষম নহ’ল৷ অগ্নিকাণ্ডৰ সূত্ৰপাত প্ৰকৃততে কিহৰ পৰা ঘটিল বৰ্তমান পৰ্যন্ত স্পষ্ট নহয় যদিও ভাড়াঘৰৰৰ বৈদ্যুতিক সংযোগী তাঁৰ বিজুতি ঘটি ভয়ংকৰ অগ্নিকাণ্ড সংঘঠিত হোৱা বুলি ধাৰণা কৰিছে স্হানীয় ৰাইজে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here