Home স্থানীয় হোজাইৰ উত্তৰ ডিমৰুপাৰত ভয়ংকৰ অগ্নিকাণ্ড৷; জুইত জাহ গল বাসগৃহ৷

হোজাইৰ উত্তৰ ডিমৰুপাৰত ভয়ংকৰ অগ্নিকাণ্ড৷; জুইত জাহ গল বাসগৃহ৷

67
0

মাহমুদ আলী, নীলবাগান, ২২ জুলাই : হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত উত্তৰ ডিমৰুপাৰত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা৷ অগ্নিকাণ্ডত নিমিষতে জাহ যায় জাকিৰ হুছেইন নামৰ লোকজনৰ বাসগৃহ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে সংঘটিত হৈছে এই অগ্নিকাণ্ড৷জুইত জাকিৰ হুছেইনৰ সম্পুৰ্ণ ঘৰখন জ্বলি ছাৰখাৰ হয়৷ ইয়াৰোপৰি ঘৰত থকা বৃহৎ পৰিমানৰ ধান আৰু কাঠৰ লগতে প্ৰায় ১০ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়৷জুইত পৰিয়ালটিৰ ভোটাৰ আই ডি, পান কাৰ্ড, স্কুলৰ নথিপত্ৰ আদি সকলো জ্বলি ভস্মীভূত হয়৷অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খৱৰ দিয়ে যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ অহাৰ অভিযোগ কৰিছে ৰাইজে৷ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী অহাৰ পূৰ্বেই জুইত জ্বলি ছাৰখাৰ হয় ঘৰখন৷অগ্নিকাণ্ডত নিজৰ সকলো সম্পত্তি জাহ যোৱাত পানীত হাঁহ নচৰা হৈছে পৰিয়ালটোৰ৷নিজৰ জ্বলি যোৱা ঘৰখন দেখি উচুপি উঠিছে পৰিয়ালৰ লোকসকলে৷ ৰাতিলৈ এসাঁজ খাবলৈ নথকা পৰিয়ালটোৱে চৰকাৰ তথা যমুনামুখৰ বিধায়ক সিৰাজুদ্দিন আজমলৰ সহায় ভিক্ষা খুজিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here