Home স্থানীয় চিকিৎসালয়ৰ বিছনাৰ পৰাই নিজ কৰ্তব্য সম্পাদন কৰিছে এজন স্বাস্থ্য কৰ্মীয়ে

চিকিৎসালয়ৰ বিছনাৰ পৰাই নিজ কৰ্তব্য সম্পাদন কৰিছে এজন স্বাস্থ্য কৰ্মীয়ে

35
0

ক’ভিডত আক্ৰান্ত স্বাস্থ্য কৰ্মী সঞ্জুমনি বৰাৰ স্বাস্থ্যৰ বুঁজ ললে বিধায়ক মৃনাল শইকীয়াই

গণ বাৰ্তা : বাদুলিপাৰ ,২৫ মে’ : অৱশেষত চিকিৎসালয়ৰ বিছনাৰ পৰাই নিজ কৰ্তব্য সম্পাদন কৰিবলগা হৈছে এজন ক’ভিড যোদ্ধাই।উল্লেখ্য যে দীৰ্ঘদিন ধৰি কৰ্তব্যত কোনো ধৰনৰ গাফিলতী নকৰাকৈ নিষ্ঠাসহকাৰে স্বাস্থ্য কেন্দ্ৰৰ তেঁওৰ কৰণিয়সমূহ সম্পাদন কৰি অৱশেষত যোৱা ২৩মে’ তাৰিখে ক’ভিডত আক্ৰান্ত হৈ খুমটাই ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ আছে বি.পি.এম.সঞ্জুমনি বৰা। গোলাঘাট জিলাৰ চাৰিঙীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি.পি.এম.সঞ্জুমনি বৰাই চিকিৎসালয়খনৰ অন্তৰ্গত ১০খন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু এখন মডেল হস্পিটেলৰ বাবে নিৰ্দিষ্ট সময়ত গ্ৰহণ কৰিবলগা আচঁনিসমূহ নিৰ্দিষ্ট সময়তেই গ্ৰহণ কৰি নীয়মিত ভাৱে স্বাস্থ্য কেন্দ্ৰসমূহক প্ৰয়োজনীয় যোগান ধৰাৰ লগতে স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন আঁচনি ৰুপায়ণৰ ক্ষেত্ৰত সন্মুখৰ পৰা আগ-ভাগ লৈ আহিছিল।বিশেষকৈ সাম্প্ৰতিক ক’ৰোণাসিষ্ট এই জতিল ক্ষণত এই গৰাকী স্বাস্থ্য কৰ্মীয়ে এজন সুদক্ষ সেনাৰ হিচাপে কাম কৰি আহিছিল।বৰ্তমান তেঁও চিকিৎসালয়ৰ বিচনাৰ পৰাই সম্পাদন কৰিবলগা হৈছে নিজ কৰ্তব্য।আজি খুমটাই বিধান সভা সমষ্টিৰ বিধায়ক তথা জননেতা মৃনাল শইকীয়া চিকিৎসালয়খনত উপস্থিত হৈ সঞ্জুমনিৰ স্বাস্থ্যৰ বুঁজ লোৱাৰ লগতে চাৰিঙীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সকলো ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিশেষকৈ (ক’ভিড আক্ৰান্তসকলৰ) সামগ্ৰীক পৰিস্থিৰো বুঁজ লয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here