Home Popular সংস্কাৰ অবিহনে এখন ঘৰ অসম্পূৰ্ণ

সংস্কাৰ অবিহনে এখন ঘৰ অসম্পূৰ্ণ

469
0

✍️ হাচান উল্লাহ

প্ৰায় প্ৰতিজন ব্যক্তিয়েই অসমীয়া সমাজ জীৱনত সৰুৰে পৰা এটা নৈতিক বাক্য শুনি আহিছে যে ‘ঘৰখনেই শিক্ষাৰ কঠিয়াতলি’। এই বাক্যশাৰীক সাৰোগত কৰিয়েই বহুজনে নিজা ঘৰখন নিকা তথা সাৰুৱা কৰি ৰখাৰ প্ৰতি যত্নবান হৈছে, যাৰ ফল তেওঁলোকে লাভ কৰাৰ সমান্তৰালভাৱে সমাজ তথা দেশেও লাভ কৰিছে কিছুমান অমূল্য সম্পদ। এই সম্পদসমূহ কিন্তু কেতিয়াও নীতি-আদৰ্শৰ প্ৰতিকূলে যোৱা নাই, বৰঞ্চ সমাজ আৰু দেশৰ অনুকূলে থাকি সঠিক দিশত সকলোকে আগবঢ়াই নিয়াৰ লগতে ভৱিষ্যত প্ৰজন্মৰ প্ৰতি নিজকে আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আমি কেতিয়াবা ভাবি চাইছো নে যে ‘আমাৰ ঘৰখনত তেনে এটা পৰিৱেশ আছে নে য’ত আমাৰ সন্তানে নীতি-আদৰ্শৰ মাজেৰে ডাঙৰ হোৱাৰ সুযোগ পাব পাৰে’? কেতিয়াবা সিহঁতে পিতৃ-মাতৃকেই সিহঁতৰ ‘ৰ’ল মডেল’ বুলি গণ্য কৰিব পাৰে’?প্ৰসঙ্গ প্ৰতিজন অভিভাৱকৰ বাবে তেওঁলোকৰ সন্তানসকলেই হৈছে আটাইতকৈ ডাঙৰ সম্পদ। সাধাৰণতে, আমি সদায়েই চেষ্টা কৰো আমাৰ সন্তানে সকলো সা-সুবিধা যাতে বিচৰা মতেই পায়। সিহঁতৰ বিচৰাবিলাকৰ প্ৰতি বিশেষভাৱে তেতিয়াৰ পৰাই আমি যত্নপৰ হওঁ, যেতিয়াৰ পৰা সিহঁতে সিহঁতৰ প্ৰয়োজনীয়তাবিলাক আমাক বুজাই দিবলৈ সক্ষম হয়। মুখত অস্ফুতঃ শব্দ নিগৰাৰ সময়তো সেই মাতৰ অৰ্থ আমি নিজেই বিচাৰি উলিওৱাৰ প্ৰয়াস কৰো। সেই অৰ্থৰ আব্দাৰতেই আমি সিহঁতৰ হাতত তুলি দিওঁ আমাৰ হেঁপাহৰ দিয়াবিলাক। লাহে লাহে সিহঁত ডাঙৰ হয়, আৰু ক্ৰমাৎ দীঘলীয়া হয় সিহঁতৰ বিচৰাবিলাকৰ তালিকাখন। সেই ক্ৰমত আমাৰ মাজতো এটা অভ্যাসে গঢ় লৈ উঠে। সেয়া হৈছে সন্তানৰ তাগিদা পুৰোৱাৰ এক অবিৰত মানসিকতা। আমাৰ অভিভাৱকসকলৰ মাজত গঢ় লোৱা এই মানসিকতা আমাৰ সন্তানৰ বাবে কিমান মঙ্গলজনক সেয়া হয়তো আমি এবাৰো ভাবি নাচাওঁ। এটা সীমালৈকে আমাৰ সেই আচৰণ বা সন্তানৰ সেই আব্দাৰ পূৰণ কৰাটো সঠিক হিচাপেই পৰিগণিত হ’ব পাৰে। কিন্তু তাৰ পাছৰ পৰ্যায়ত সেই অভ্যাসে অভিভাৱক আৰু সন্তানৰ মাজত এক ব্যৱধান আনি দিয়ে। সেই ব্যৱধান সৃষ্টিৰ মূলতেই হৈছে সৰুৰে পৰা সিহঁতৰ বিচৰাবিলাক বিনা বাক্য ব্যয়েই পুৰণ কৰি অহাৰ আমাৰ এক অভ্যাস। সন্তানে বিচৰা সকলো বস্তুৱেই আমি সিহঁতক দিয়াটো কিমান সমীচিন? মৰমৰ তাগিদাত সৰুৰে পৰা সিহঁতক ‘না’ নোকোৱাৰ যি এক অভ্যাসে আমাৰ মাজত গঢ় লয়, সেই একেই অভ্যাস সিহঁতৰ মাজতো গঢ়ি উঠে যে ‘আমি বিচৰা কোনো ক্ষেত্ৰতেই মা-দেউতাই কেতিয়াও ‘না’ নকয়’। আমি সিহঁতৰ মাজত ৰুচিশীল মানসিকতা গঢ়াৰ ক্ষেত্ৰত কিমান সচেতন? সন্তানে ভাল-বেয়া সকলো আচৰণেই কৰে। ভাল আচৰণৰ বাবে সিহঁতক উৎসাহিত কৰাৰ লগে লগেই বেয়া কিবা দেখিলেও অকণো পলম নকৰাকৈ সিহঁতক তাৰ পৰা বাৰণ কৰা বা সেই সম্পৰ্কে সিহঁতক যথোচিত শিক্ষা দিয়াৰ ক্ষেত্ৰত আমি কিমান সতৰ্ক?চকলেট, চিপচ আৰু বন্দুক আৰম্ভণি হয় আমাৰ সন্তানে সৰুতে বিচৰা ‘মৰ্টন, চকলেট আৰু চিপচ’ৰ পৰাই। সু-স্বাদু হোৱাৰ বাবেই সিহঁতৰ এনে বস্তুবিলাকৰ প্ৰতি এক সাংঘাতিক দুৰ্বলতা থাকে। ঘৰলৈ অহা আলহীজনেও ঘৰৰ কণমানিবোৰৰ বাবে হেঁপাহেৰে লৈ অহা বস্তুবিধ সাধাৰণতে এইকেইবিধৰ ভিতৰতেই কোনোবা এবিধ হয়। এটি কণমানিক প্ৰকৃততে এনেধৰণৰ বস্তুবিলাকে কিমান উপকৃত কৰে? এনে এটা চিন্তা আমি সাধাৰণতে নকৰো। এটা সময়ত এই বস্তুবিলাকৰ প্ৰতি সিহঁতৰ আকীৰ্ণতা ইমানেই বৃদ্ধি পায় যে সিহঁত ‘আসক্ত’ৰ শাৰীলৈ পৰ্যবেশিত হৈ পৰে। আমি ডাঙৰসকলেও এই বিষয়টোক খুউব সাধাৰণভাৱে লওঁ আৰু সৰু ল’ৰা-ছোৱালীয়ে ভাল পোৱা বস্তু বুলি কেৱল এই কেইবিধ বস্তুকেই গণ্য কৰিবলৈ ধৰে। কেতিয়াও ভাবি নাচাওঁ যে এনেকৈ যদি সকলোৱে সিহঁতক ‘মৰ্টন, চকলেট আৰু চিপচ’ দিয়ে, তেন্তে সিহঁতৰ নিশ্চয়কৈ দাঁত বেয়া হ’ব আৰু যকৃতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে, সেয়া কেইজন জ্যেষ্ঠই বিবেচনা কৰে? খেলা-ধূলাৰ সামগ্ৰী বুলিয়েই আমি সিহঁতৰ হাতত তুলি দিয়া পুতলা বন্দুক আদিয়ে সিহঁতৰ মানসিকতাত সাংঘাতিক ধৰণেৰে ক্ৰিয়া কৰে। বন্দুকেৰে মানুহক আঘাত কৰিব পৰা আৰু হত্যা কৰিব পৰাৰ প্ৰাৰম্ভিক শিক্ষাটো এই কণমানি বয়সত আমিয়েই অসাৱধানবশতঃ সিহঁতৰ বিবেকত ভৰাই দিওঁ। লগতে এটা বিষয়ক একেবাৰে সাধাৰণভাৱে গ্ৰহণ কৰো যে ‘আজিকালিৰ ল’ৰা-ছোৱালীয়ে এইবোৰেই খেলি ভাল পায়।’ শাৰীৰিক সমস্যাৰ ওপৰিও আন এটা ডাঙৰ সমস্যাও সকলোৰে অলক্ষিতে ইয়াৰ সমানেই গা কৰি উঠে। ‘মৰ্টন, চকলেট আৰু চিপচ’ৰ স্তৰ অতিক্ৰমী সন্তান ডাঙৰ হৈ অহাৰ পিছৰ সময়চোৱা হৈছে অভিভাৱকৰ বাবে আটাইতকৈ কঠিন প্ৰত্যাহবানৰ সময়। বয়ঃসন্ধিৰ এই সময়চোৱাত সিহঁতৰ মাজত পুৰণি এটা প্ৰবৃত্তিয়ে সিহঁতৰ লগ নেৰে, সেয়া হৈছে মৰ্টন, চকলেট, চিপচ আৰু অন্যান্য খেলা-ধূলাৰ বস্তু (পুতলা মৰণাস্ত্ৰ আদি) বিচৰাৰ সেই মানসিকতা য’ত সিহঁতে কেতিয়াও ‘না’ শুনি পোৱা নাছিল। বৰঞ্চ ‘মা-দেউতা’ ঘৰলৈ ওভতি আহোতে অথবা আপোনজন ফুৰিবলৈ আহোতে নিবিচৰাকৈয়ে লৈ অহা ‘চকলেট আৰু চিপচ’ৰ সেই দৃশ্যবোৰে সিহঁতৰ বিবেকত সেই সময়তো অহৰহ ক্ৰিয়া কৰি থাকে। ফলত সিহঁতৰ মানসিকতাত বয়ঃসন্ধিৰ সময়ছোৱাতো নিত্য নব্য ফৰমাইছে ঠাই পায়। এনে সময়তেই সিহঁতৰ কিছুমান অদ্ভ²ত দাবীৰ সন্মুখীন হ’বলগীয়া হয় পিতৃ-মাতৃসকল, যিবিলাক কিন্তু ‘চকলেট আৰু চিপচ’ৰ দৰে ইমান সহজে মানি ল’ব পৰা বিধৰ নহয়। এনে দাবীসমূহ শুনি সেই সময়ত হয়তো পিতৃ-মাতৃসকল বিবুধিত পৰে। কণমানি বুলি ভাবি থকা সন্তানটোৱে নিজৰ বয়স বঢ়াৰ এক আচহুৱা ইংগিত দিয়ে। ‘চকলেট আৰু চিপচ’ বিচৰা কণমানিটোৱে একে কোবেই মোবাইল ফোন, বাইক আদিৰ ফৰমাইছ দিবলৈ আৰম্ভ কৰে। অন্যথা এটা আকোঁৰগোজ মনোভাৱেৰে সিহঁতে সেই দাবীক লৈ নানান অপকৰ্ম কৰিবলৈকো কুণ্ঠাবোধ নকৰা হয়। বহু সময়ত নিজৰে অনিষ্ট কৰি নতুবা আত্মহত্যাৰ দৰে ভাবুকি প্ৰদান কৰি হ’লেও বিচৰা বস্তুবিধ অভিভাৱকৰ পৰা আদায় কৰাৰ নিকৃষ্ট প্ৰচেষ্টা চলায়।জিয়া পাখিৰ দৰে চুটি চুটি চোলা কিছুমান কাপোৰে কণমানিবোৰক বৰ মৰমলগা কৰি তোলে। পিতৃ-মাতৃয়ে নিজৰ সন্তানক পুতলাৰ ৰূপতেই কল্পনা কৰে আৰু সন্তানৰ মানসিকতাতো সেই প্ৰতিচ্ছবিকেই ৰোপন কৰে। ইয়াৰে ফলশ্ৰুতিতেই তাহানিৰ পৰী-ৰাজকুমাৰৰ কোমল মনৰ ধাৰণাসমূহ লাহে লাহে লোপ পাবলৈ আৰম্ভ কৰিছে। নিজৰ সন্তানক বাৰ্বী সদৃশ কৰি তোলাৰ মানসিকতাৰে কিনি অনা পোছাকযোৰে প্ৰকৃততে সেই কণমানিবোৰক পৰী বা ৰাজকুমাৰৰ সেই সৰল পৃথিৱীখনৰ পৰা হাজাৰ যোজন আঁতৰলৈ বেলেগ এখন অতি কৃত্ৰিম বিশ্বলৈ লৈ যায়। সেই বিশ্ব অৱশ্যেই যান্ত্ৰিকতাৰ প্ৰভাৱত গঢ় লোৱা এখন নতুন বিশ্ব, য’ত সৰলতা অৰ্থহীন হৈ পৰে। কোমল মনবিলাকে তাতেই বিচাৰিবলৈ বাধ্য হয় সিহঁতৰ খেলাৰ সংগী তথা খেলাৰ বিষয়। লাহে লাহে সেই পুতলা সংগীৰ পোছাকযোৰকেই সিহঁতে নিজৰ শৰীৰত কল্পনা কৰিবলৈ আৰম্ভ কৰে। এটা সময়ত সেয়া সিহঁতৰ দাবী হৈ পৰি ‘চকলেট আৰু চিপচ’ৰ দৰেই। বজাৰত উপলব্ধ পুতলা কিনাও আজি এক ডাঙৰ সমস্যা। অতি পৰিতাপৰ বিষয় যে পুতলা এটিক আকৰ্ষণীয় কৰি তোলাৰ বাবে কোম্পানীসমূহে নগ্নতাৰ আশ্ৰয় ল’বলৈ আৰম্ভ কৰিছে যাৰ প্ৰভাৱ কণমানিহঁতৰ ওপৰত পৰাৰ আগতেই দুৰ্ভাগ্যজনকভাৱে অভিভাৱকসকলৰ ওপৰত পৰিছে। ইয়াৰ ফলশ্ৰুতিতেই আজিকালি দেখা যায় যে পিতৃ-মাতৃসকলে নিজৰ কণমানি সন্তানক তেনে ধৰণৰেই কিছুমান পোছাক পিন্ধায়, যি পোছাক সিহঁতৰ শৰীৰ ঢাকি ৰাখিব পৰাকৈ পৰ্যাপ্ত নহয়। কেতিয়াও ভাবি নাচায় যে তেনে এযোৰ পোছাক সিহঁতৰ বাবে আনি দিয়াটো সমীচিন হয় নে? কেতিয়াবা আমি ভাবি চাইছো নে যে আমাৰ মৰমৰ সন্তানটোৱে পৰিধান কৰিবলগীয়া সাজ-পোছাক সম্পৰ্কে আমি কিমান সচেতন? সৰু হৈ থকাৰ অচিলাৰে নিজৰ সন্তানক এনেধৰণৰ (আপত্তিজনক) সাজপাৰ দিবলৈ কুণ্ঠাবোধ নকৰা পিতৃ-মাতৃসকল এটা সময়লৈকে এই বিষয়টো সম্পৰ্কে একেবাৰে উদাসীন হৈ থাকে। সন্তান ডাঙৰ হৈ আহে যদিও অভ্যাসগতভাৱে পোছাক-পৰিচ্ছদৰ বেলিকা সচেতন হোৱাৰ কিবা থল সিহঁতে বিচাৰি নাপায়। সিহঁতৰ ভাৱধাৰা এনে হৈ পৰে যে তেনে পোছাক যৌৱনপ্ৰাপ্ত হোৱাৰ পিছতো আপত্তিজনক নহয় যিহেতু সেই ধৰণৰ পোছাক সিহঁতে সৰুৰে পৰাই পৰিধান কৰি আহিছে। এই সময়ত যদি পিতৃ-মাতৃসকলে সিহঁতক বাৰণ কৰিবলৈ যায়, সেয়া এক বিতৰ্কৰ বিষয় হৈ পৰে। বিষয়টোৱে এনে পৰ্যায় পাইগৈ যে অভিভাৱকে নিজৰ সন্তানৰ আঁকোৰগোজ স্থিতিৰ আগত সমৰ্পণ কৰাৰ বাদে আন কোনো পথ নাথাকে। অস্ফুতঃ মাতৰ মাজত ডাঙৰে গুজি দিয়া অশ্লীল শিশুহঁতৰ প্ৰথম মাত ফুটাৰ সময়ছোৱা খুবেই ভাল লগা হয়। মনত পৰে আমাৰ পৰিয়ালৰে পোৱালি এটাৰ কথা, এই ব’হাগতে তাৰ বিয়া। সি প্ৰথম কথা ক’বলৈ আৰম্ভ কৰোতে তাৰ মুখত শুনি ভাল লগা এটা বাক্য আছিল ‘মালবোদ তল তালে মানু তটত অয়’! এনে কথা অস্বাভাৱিকো নহয় আৰু এনেধৰণৰ অভিজ্ঞতা হয়তো প্ৰায় প্ৰতিজন মানুহৰেই আছে। কিন্তু এই সময়চোৱাই হৈছে কণমানিবোৰৰ বাবে এক সাংঘাতিক সময়, যিটো সময়ত সিহঁতক বহুতে শুনিবলৈ ভাল লাগে কাৰণেই বহুত অশ্লীল শব্দ শিকায় আৰু সিহঁতেও তাক সহজেই আয়ত্ব কৰে। সিহঁতৰ মুখত ফুটি উঠা অস্ফুতঃ অশ্লীল শব্দবিলাক শুনি যেতিয়া বাকীসকলে হাঁহিৰ খলকনি তোলে, তেতিয়া কিন্তু সেই কণমানিবোৰৰ উৎসাহ দুগুণে বৃদ্ধি পায়। লাহে লাহে এয়া সিহঁতৰ অভ্যাসলৈ পৰিণত হয়। জ্যেষ্ঠজনৰ এনে আচৰণৰ প্ৰভাৱ এই কণমানি সন্তানবোৰৰ ওপৰত কিমান বেয়াকৈ পৰিব পাৰে তাক সাধাৰণভাৱে বহুজনে চিন্তাই নকৰে। কিন্তু যেতিয়াই কোনো আলহী বা অচিনাকি মানুহৰ আগত সেই কণমানিটোৱে তেনে শব্দবিলাক হঠাৎ কৈ পেলায়, তেতিয়াই সৃষ্টি হয় এনে এক লজ্জাজনক পৰিস্থিতিৰ যাৰ উমান হয়তো কোনোৱে পাব নোৱাৰে। ক’ত লুকাম, ক’ত পলাম অৱস্থাটোত তেতিয়া কিন্তু ঘৰখনৰ পৰিৱেশ আৰু নম্ৰতাৰে আনৰ লগত বাৰ্তালাপ কৰে সেয়াই হৈছে শিশুহঁতৰ ভাষিক সংস্কাৰৰ আদিপাঠ। ভাষিক সৌজন্যতাৰ ক্ষেত্ৰত সেয়েহে আমাৰ যথেষ্ট কৰণীয় আছে যাৰ দ্বাৰা আমাৰ ভৱিষ্যত প্ৰজন্মৰ ব্যক্তিত্ব বহু পৰিমাণে নিৰ্ভৰ কৰে।সংস্কাৰ কেনেকৈ আহিব? সততা, নিষ্ঠা আৰু অনুশাসনৰ এটা পৰিৱেশৰ দ্বাৰাহে আমাৰ সন্তানসমূহক এই বিকাৰগ্ৰসস্ততাৰ পৰা মুক্ত কৰি ৰখা সম্ভৱ। তাৰ কাৰণে প্ৰয়োজন অভিভাৱকৰ আচাৰ-ব্যৱহাৰৰ মাজত দেখা পাব। তেনে এটা পৰিৱেশ সৃষ্টিৰ পাছৰ পৰ্যায়ত আমি নিজকে প্ৰশ্ন কৰা উচিত যে সন্তানে বিচৰা প্ৰতিটো বস্তুৱেই সিহঁতৰ বাবে প্ৰয়োজনীয় হয় নে? আমি জনা উচিত যে সিহঁতক এটা বস্তুৰ প্ৰয়োজনীয়তা কিমান, সেয়া সন্তানতকৈ সিহঁতৰ অভিভাৱকে বেছি ভালকৈ জানে। যদিহে তেনে এটা বস্তুৰ প্ৰয়োজনীয়তা সন্তানৰ আছে বুলি অভিভাৱকে অনুভৱ কৰে, তেতিয়াহে অভিভাৱকে সেয়া সিহঁতক দিয়া উচিত। অন্যথা, বস্তুবিধ দিব নোৱাৰাৰ কাৰণ অথবা সেই বস্তুটোৰ অপকাৰিতা সম্পৰ্কে সন্তানক ভালদৰে বুজাই দিয়া উচিত। কিন্তু কোনো কাৰণতেই সিহঁতক সেই বস্তু দিব নালাগে যাৰ সিহঁতক কোনো প্ৰয়োজনা নাই নতুবা যি বস্তুৰ দ্বাৰা সিহঁতৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে, সেয়া লাগে ‘চকলেট-চিপচ’ হওঁক বা বেলেগ কিবা। পিতৃ-মাতৃৰ এনেধৰণৰ মৃদু অথচ দৃঢ় অনুশাসনে লাহে লাহে সিহঁতৰ মাজত গঢ়ি তুলিব ভাল-বেয়া বুজি পোৱাৰ মানসিকতা। ফলস্বৰূপে সিহঁতে এইটোও বুজিব পাৰিব যে ‘যদিহে প্ৰয়োজনীয় নহয়, মোৰ মা-দেউতাই বিচাৰিলেই কিবা এটা দি নিদিয়ে।’ ইয়াৰ লগে লগে সিহঁতে সিহঁতৰ দাবীসমূহৰ ন্যাৰ্যতা সম্পৰ্কেও বুজিব পাৰিব আৰু বাস্তৱ জীৱনৰ সৈতে নিজকে খাপ খুৱাই লোৱাৰ সুযোগ পাব। এনে ধাৰণাৰে লালিত-পালিত হোৱা সন্তান এটায়ে আচহুৱা দাবী কৰাৰ মানসিকতাৰ পৰা মুক্ত হৈ থকাৰ এটা সুযোগ লাভ কৰিব। পোছাক-পৰিচ্ছদৰ ক্ষেত্ৰতো অভিভাৱকৰ যথেষ্ট কৰণীয় আছে। পোছাক-পৰিচ্ছদ প্ৰকৃততে কেনে হোৱা উচিত তাৰ আভাস আমি সিহঁতক সৰুৰে পৰাই দিয়া উচিত, যাতে সিহঁতে স্বতঃস্ফুৰ্তভাৱে মাৰ্জিত পোছাকৰ সংজ্ঞা বুজিব পাৰে। মাৰ্জিত পোছাক-পৰিচ্ছদো যে আমাৰ, বিশেষকৈ আমাৰ সমাজ ব্যৱস্থাৰ এক অভিন্ন অংগ সেয়া যাতে সিহঁতে সহজেই অনুধাৱন কৰিব পাৰে, তাৰ প্ৰতি আমি যথেষ্ট সতৰ্ক হোৱা প্ৰয়োজন। কাৰণ, পশ্চিমীয়া সংস্কৃতি আৰু আভিজাত্যৰ ধামখুমীয়াত আমি যিমানেই উটি-ভাঁহি নাযাওঁ কিয়, আমাৰ সমাজ জীৱনৰ যি শালীনতাবোধ তাৰ তুলনা কেতিয়াও বিশ্বৰ অন্য সমাজৰ মাজত বিচাৰি পোৱা সম্ভৱ নহয়। কিন্তু পৰিতাপৰ বিষয় এয়ে যে আমাৰ মাজৰে বহু গুণী জ্ঞানী লোকে আজি এনে কথাত আপত্তি দৰ্শায় যে পৃথিৱীখন বহুত আগবাঢ়ি গ’ল, এতিয়া আৰু সেই পুৰণি ৰীতি-নীতি অপ্ৰাসংগিক। তেওঁলোকে হয়তো বহু সময়ত পাহৰি পেলায় যে পৰম্পৰাগত বহু ৰীতি-নীতিয়েহে আমাৰ সমাজখনৰ গৰিমা অটুত ৰাখি এক সুস্থ বাতাবৰণ বৰ্তাই ৰাখিছে।  টি চাৰ্ট বা জিন্স পিন্ধাটো আপত্তিজনক নহয়। আপত্তিজনক তেতিয়া হয়, যেতিয়া পোছাক পিন্ধাৰ নামত ল’ৰা-ছোৱালী অৰ্ধনগ্ন হয় নতুবা নতুন কাপোৰ এযোৰকে ফালি-কাটি চিৰাচিৰ কৰি পিন্ধে। আপত্তিজনক তেতিয়া হয়, যেতিয়া কিম্ভূত-কিমাকাৰ চেহেৰাৰে, চুলিৰ অদ্ভ²ত ডিজাইনেৰে নিজকে ব্যতিক্ৰম সজোৱাৰ বিকৃত প্ৰচেষ্টা কৰে। সিহঁতৰ এনে অস্বাভাৱিকতাৰ আঁৰত কিন্তু আমি অভিভাৱকসকলহে। কাৰণ, আমি সিহঁতক সৰুৰে পৰা সু-ৰুচিশীলতাৰ শিক্ষা দিয়াৰ কোনো প্ৰয়াস কৰা নাই। সিহঁতৰ অস্বাভাৱিক আচৰণ বা সাজ-সজ্জা সম্পৰ্কে কোনোদিনেই সিহঁতক প্ৰশ্ন কৰা নাই আৰু এই সম্পৰ্কে সংবেদনশীল হোৱাৰ জোখাৰে সিহঁতক কোনো শিক্ষা দিয়া নাই। সিহঁতে প্ৰথম যিদিনা আচহুৱা বেশভূষাৰে ঘৰলৈ আহে, সেইদিনায়ে আমি সিহঁতক সেই সম্পৰ্কে প্ৰশ্ন কৰি তাৰ বেয়া দিশবিলাক ভালদৰে বুজাই দিয়া উচিত। সিহঁতৰ জীৱনৰ এনে প্ৰথম ভুলবোৰক আমি সদায়েই ‘প্ৰথম ভুল’ বুলি গণ্য কৰাটোৱেই সিহঁতৰ জীৱনত সেই ভুলৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনীয়তাক বৃদ্ধি কৰে। সিহঁতৰ মাজত শালীনতাবোধ জাগ্ৰত কৰাৰ বাবে মাৰ্জিত সাজ-সজ্জা তথা এক পৰিস্ফুট ব্যক্তিত্ব যে অতি প্ৰয়োজন সেয়া সিহঁতৰ বিবেকত সৰুৰে পৰাই সোমোৱাই দিয়াৰ এক অবিৰাম প্ৰচেষ্টা আমাৰ মাজত থকা উচিত। এনে সচেতনতাই সিহঁতৰ মানসিকতাক বহুৱালি আৰু বিকৃততাৰ পৰা নিলগাই ৰখাত সহায় কৰিব। কথোপকথনৰ বেলিকা আমি কিমান সচেতন সেয়া আমাৰ সন্তানসকলৰ কথা-বতৰাতেই প্ৰকাশ পায়। সাৰ্বজনীন স্থান হওঁক বা নিজৰ ঘৰখন, আমি আমাৰ কথা বতৰা আৰু আচৰণৰ প্ৰতি কিমান যত্নপৰ হ’ব পাৰিছো, তাৰ বহিঃপ্ৰকাশ ঘটে যেতিয়া আমাৰ সন্তানে কথা ক’বলৈ আৰম্ভ কৰে। ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে কথা বতৰাত প্ৰকাশ পোৱা মাৰ্জিত আচৰণ আৰু নম্ৰতাই এজন ব্যক্তিৰ ব্যক্তিত্বক প্ৰতিফলিত কৰে। সেয়েহে, আমাৰ সন্তানবোৰৰ লালন-পালনৰ বেলিকা এই ক্ষেত্ৰত আমি যথেষ্ট সাৱধানতা অৱলম্বন কৰা জৰুৰী যাতে সিহঁতে কোনো কাৰণতেই ভাষাৰ গৰিমা পাহৰি নাযায় আৰু ঘৰখনৰ সমান্তৰালকৈ ৰাজহুৱা স্থানটো নিজৰ ব্যক্তিত্বৰ উজ্জ্বল দিশটোক দাঙি ধৰাৰ ক্ষেত্ৰত সচেতন হয়।সংকল্প বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ সংকল্প লওঁ। সাধাৰণতে আমাৰ জন্মদিন আৰু নৱবৰ্ষৰ দিনটোকেই আমি কোনো সংকল্প লোৱাৰ বাবে নিৰ্ধাৰিত কৰি লওঁ। অসমীয়াৰ বাপতি সাহোন এই ব’হাগ বিহুতেই আমি সকলোৱে এটা সংকল্প ল’ব নোৱাৰো নে? আমি কিয় সংকল্প নলওঁ যে আমাৰ প্ৰত্যেকৰে ঘৰখন একোখন আদৰ্শ ঘৰ হওঁক? কিয় আমি দৃঢ়তাৰে আমাৰ ঘৰখনক আমাৰ সন্তানসকলৰ উজ্জ্বল ভৱিষ্যতৰ অৰ্থে এটি সংস্কাৰপূৰ্ণ কাৰখানা কৰি তোলাত যত্নপৰ নহওঁ? কিয় আমি প্ৰতিজন অভিভাৱকে নিজকে নিকা আচৰণ তথা ব্যক্তিত্বৰে পৰিশোধিত নকৰো যাৰ দ্বাৰা আমাৰ সন্তানসকলৰ মাজত সৎ আৰু নিকা ভাৱমূৰ্তিৰ সঞ্চাৰ কৰা সম্ভৱ? আহক আমি সকলোৱে আমাৰ সন্তানসকলক এনে এখন ক্ষেত্ৰ প্ৰদান কৰো, য’ত আমাৰ সন্তানসকলে লাভ কৰিব সংস্কাৰমুখী এক পৰিৱেশ।

লেখকৰ ফোন: 📞 +91 – 9101488151



LEAVE A REPLY

Please enter your comment!
Please enter your name here