Home স্থানীয় ঘৰৰ চাৰিওপিনে পেট্ৰল ঢালি পৰিয়ালৰ আটাইকেইজনক একেলগে মৰাৰ এক বিৰাট ষৰযন্ত্ৰঃ

ঘৰৰ চাৰিওপিনে পেট্ৰল ঢালি পৰিয়ালৰ আটাইকেইজনক একেলগে মৰাৰ এক বিৰাট ষৰযন্ত্ৰঃ

33
0

গণ বাৰ্তাঃ, পালহাজী, ২১ মে’ঃ বৰপেটা সদৰ থানাৰ অন্তৰ্গত পালহাজীৰ সমীপৱৰ্তী গৰেমাৰী গাঁৱৰ বাছেৰ ভূঞাৰ ঘৰত ঘটে বিৰাট অঘটন ৷ কালি ৰাতি অনুমান ২ -০০ বজাত পৰিয়ালৰ লোকে ঘুমন্ত অৱস্থাত কোনোবা দুৰ্বৃত্তই ঘৰত লগাই দিয়ে জুই৷ চাৰিও পিনে টিনপাতেৰে আৱেষ্টনীৰে আৱৰি থকা মাটি গুচাই দি দুৰ্বৃত্তই প্ৰৱেশ কৰে চ’ৰা ঘৰত ৷ লগত লৈ আহে ৩ গেলেন পেট্ৰল ৷ তাৰ এক গেলেন বাছেৰ ভূঞা থকা ঘৰৰ পূবপিনে সিচৰিত কৰি জুই লগাই দিয়ে ৷ বাকী দুই গেলেন চ’ৰা ঘৰৰ বিছনাৰ ওপৰত থৈ দিয়ে ৷ বাছেৰ ভূঞা ব্যৱসায় সূত্ৰে এজন হাৰ্ডওৱেৰৰ দোকানদাৰ আৰু কালি ৰাতি গৰেমাৰী গাঁৱৰ বজাৰৰ দোকানত শুই আছিল৷ জুই জ্বলি থকা শব্দ আৰু টিনপাতৰ মেৰমেৰ শব্দত ভূঞাৰ পৰিবাৰ আৰু পুত্ৰ-বোৱাৰী সাৰ পাই উঠে৷ বাছেৰ ভূঞাক বজাৰ পৰা ফোন কৰি আনে ৷ তেওঁলোকৰ চিঞৰবাখৰত ওচৰচুবুৰীয়াই দৌৰাদৌৰিকৈ বেৰা ভাঙি আহি জুই নুমাবলৈ চেষ্টা কৰে আৰু ইতিমধ্যে দুষ্কৃতিকাৰী পেট্ৰলৰ গেলান তিনিটা এৰি পলায়ন কৰিবলৈ সক্ষম হয় ৷ বাছেৰ ভূঞাৰ পৰিবাৰ, পুত্ৰ-বোৱাৰী আৰু ওচৰচুবুৰীয়াই আমাৰ প্ৰতিবেদকৰ আগত দিয়া ভাষ্যমতে সেই সময়ত চাৰিওপিনে কেৱল পেট্ৰলৰ গোন্ধ আৰু জুইৰ শিখাই ছানি ধৰিছিল ৷ সৌভাগ্যক্ৰমে আকাশৰ পৰা পৰা বৰষুণ আৰু কাষৰীয়াৰ সহযোগত জুই নুমাবলৈ সক্ষম হয় আৰু বিৰাট অঘটনৰ পৰা কোনোমতে ৰক্ষা পৰে ৷ প্ৰায় দুই লক্ষাধিক টকাৰ সম্পত্তি পুৰি নষ্ট হয় আৰু ৭০/৮০ হাজাৰ টকাৰ ষাঁড়গৰুটো ঘৰৰ টিনপাত বেৰা ভাঙি জীৱনটো লৈ পলায়ন কৰে যদিও আংশিক পুৰি জখম হয়৷ বৰপেটা সদৰ থানাত আজি এখন এজাহাৰ দাখিল কৰিছে আৰু উক্ত ঘটনাৰ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here