Home যোৰহাট যোৰহাটৰ নতুন বালিবাটত ভয়ংকৰ অগ্নিকাণ্ড : জুইত জাহ যায় কেইবালাখ টকাৰ সামগ্ৰী

যোৰহাটৰ নতুন বালিবাটত ভয়ংকৰ অগ্নিকাণ্ড : জুইত জাহ যায় কেইবালাখ টকাৰ সামগ্ৰী

517
0

গণ বাৰ্তা,যোৰহাট, ২২ ফেব্ৰুৱাৰী :- যোৰহাট নগৰৰ নতুন বালিবাটত আজি সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। নগৰৰ বাহাদুৰ গাঁওবুঢ়া পথৰ ন-মছজিদৰ সমীপৰ ৰুমী চাকিল চৌধুৰী তথা অধ্যাপিকা ৰুনা লাইলা হ’কৰ বাসগৃহত আজি সন্ধিয়া প্ৰায় ৭ মান বজাত সংঘটিত হয় অগ্নিকাণ্ড। তিনিখন অগ্নি নিৰ্বাপকৰ গাড়ী আহে যদিও বহু সামগ্ৰী জুইত জাহ যায় ।প্ৰায় পাঁচ লাখ মান টকাৰ সামগ্ৰী জুই জাহ যোৱা বুলি গৃহস্থই উল্লেখ কৰে । অগ্নিকাণ্ডৰ কেনেকৈ সূত্ৰ পাত হয় সেই কথা এতিয়াও পোহৰলৈ অহা নাই । আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপকৰ বাহিনীয়ে বহু কষ্ট কৰি জুই নিৰ্বাপিত কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here