Home Main Stories গুৱাহাটীৰ মাজমজিয়াত নিৰ্মাণ হ’ব ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ সুবিশাল প্ৰতিমূৰ্তি

গুৱাহাটীৰ মাজমজিয়াত নিৰ্মাণ হ’ব ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ সুবিশাল প্ৰতিমূৰ্তি

315
0

বিজেপি অসম প্ৰদেশৰ উদ্যোগত ৰাজ্যজুৰি ‘সু-শাসন’ দিৱস উদ্‌যাপন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ ডিচেম্বৰ ঃ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীদেৱৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশৰ লগতে অসমতো ‘সু-শাসন’ দিৱস উদ্‌যাপন কৰা হয়। ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত বিজেপি অসম প্ৰদেশৰ  সভাপতি ভৱেশ কলিতা, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিষয়ববীয়াৰ উপস্থিতিত আজি দিনজেৰা কাৰ্যসূচীৰে সু-শাসন দিৱসৰ আয়োজন কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যিক সভাপতি কলিতাই কয় যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু আপুৰুগীয়া অৱদানৰ বাবেই ভাৰতীয় জনতা পাৰ্টী আজি এক বটবৃক্ষত পৰিণত হৈছে তথা সমগ্ৰ বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী, স্বপ্নদ্ৰষ্টা বাজপেয়ীদেৱে ভাৰতবাসীলৈ যি মহান অৱদান আগবঢ়া থৈ গৈছে তাক প্ৰতিজন ভাৰতীয়ই চিৰদিন সজীৱ কৰি ৰাখিব। বাজপেয়ীদেৱৰ দৰে হিমালয়সদৃশ উচ্চ চিন্তা, সাগৰসদৃশ বহল মনৰ নেতা, বিশ্ববৰেণ্য নেতা হয়তো পুনৰাই সৃষ্টি নহ’ব বুলি মন্তব্য কৰি কলিতাই কয়, এই মহান নেতাজনৰ আকৰ্ষণীয় ব্যক্তিত্বই সংসদৰ ভিতৰে-বাহিৰে সকলো বিৰোধীকে সম্মোহিত কৰি ৰাখিছিল। এনে এজন বৰেণ্যে ব্যক্তিৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজৰ বাবে কাম কৰিবলৈ পোৱাটো পৰম সৌভাগ্য। তেওঁ লগতে কয় যে ভাৰতবৰ্ষৰ ইতিহাসত প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ী আনসকলতকৈ পৃথক আৰু সফল আছিল।

বাজপেয়ী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকাল গ্ৰহণ কৰি থকা অৱস্থাত ‘সৰ্বশিক্ষা’, ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’ আদিৰ দৰে জনহিতৈষী আঁচনিৰ সৃষ্টি কৰি সমাজৰ নিম্ন শ্ৰেণীৰ জনসাধাৰণৰ প্ৰকৃত উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাজপেয়ীদেৱৰ জীৱন আৰু মহান কৰ্মপদ্ধতিৰ ওপৰত বিস্ত´তভাৱে আলোকপাত কৰাৰ লগতে দলৰ কাৰ্যকৰ্তাসকলক তেখেতৰ আদৰ্শৰে বাট বুটলিবলৈ আহ3ান জনায়। ভাষণ প্ৰসংগত শৰ্মাই কয় যে প্ৰয়াত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই অসমক সদায় এক বিশেষ দৃষ্টিৰে চাইছিল। প্ৰধানমন্ত্ৰী হিচাপে থকা সময়ছোৱাত তেখেতে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ হকে দায়বদ্ধসহকাৰে কাম কৰি যোৱা পৰিলক্ষিত হৈছিল। তেখেতৰ প্ৰধানমন্ত্ৰিত্বৰ কালছোৱাতেই অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈদেৱক মৰণোত্তৰভাৱে দেশৰ সৰ্ববৃহৎ অসামৰিক সন্মান ‘ভাৰতৰত্ন’ প্ৰদান কৰা হৈছিল। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে মূল্যবাধেৰ ৰাজনীতিৰ যোগেদি সমাজৰ শেষৰ গৰাকী ব্যক্তিলৈকে সেৱা আগবঢ়োৱাৰ যি পণ লৈছিল তাক ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই আগুৱাই নিব লাগিব বুলি ড০ শৰ্মাই বক্তব্যত উল্লেখ কৰে। অটল বিহাৰী বাজপেয়ীদেৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য গুৱাহাটীৰ মাজমজিয়াত তেখেতৰ এটি সুবিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব বুলিও আজিৰ সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে। উক্ত অনুষ্ঠানত লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি মৃগেন শৰণীয়াই প্ৰয়াত বাজপেয়ীদেৱৰ জীৱনৰ ওপৰত আলোকপাত কৰি বক্তব্য প্ৰদান কৰে।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ নেতৃত্বত মহানগৰীত সহস্ৰাধিক যুৱ কাৰ্যকৰ্তাই বাইক ৰেলী কাৰ্যসূচী গ্ৰহণ কৰে। দিনজোৰা কাৰ্যসূচীৰে আয়োজন হোৱা উক্ত অনুষ্ঠানত প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ সোঁৱৰণত চিত্ৰাংকণ, কবিতা পাঠ আদি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া ৩,০০০ৰো অধিক বন্তি প্ৰজ্বলন কৰা হয়। আনহাতে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত দলৰ উপ-সভাপতি অজয় কোঁৱৰ, জ্যেষ্ঠ নেতা ড০ প্ৰদীপ ঠাকুৰীয়া, ৰাজ্যিক কাৰ্যালয় সম্পাদক সুশান্ত বিশ্বাসৰ লগতে দলৰ কাৰ্যকৰ্তাৰ উপস্থিতিত বাজেপয়ীদেৱৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰা হয়। একেদৰে ৰাজ্যিক বিজেপিৰ সহযোগ আৰু জিলা বিজেপিৰ উদ্যোগত আজিৰ সমগ্ৰ ৰাজ্যৰ ৪০০টা মণ্ডলতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, দলৰ সাংসদ, মন্ত্ৰী, বিধায়ক, জিলা সভাপতি, প্ৰভাৰীসকলৰ উপস্থিতিত ‘সু-শাসন’ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী আয়োজিত হৈ যায় বুলি দলৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰে এক প্ৰেছ বিবৃতিযোগে সংবাদ মাধ্যমক জানিবলৈ দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here