Home Main Stories প্ৰতি ছমাহত উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ যৌথ সন্মিলন অনুষ্ঠিত হ’ব...

প্ৰতি ছমাহত উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ যৌথ সন্মিলন অনুষ্ঠিত হ’ব : মুখ্যমন্ত্ৰী

330
0

কাৰ্বি আংলং জিলাৰ ডিফুত দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে উপায়ুক্ত সন্মিলন

গুৱাহাটী, ২২ আগষ্ট : ৰাজ্যখনৰ উন্নয়নমূলক কাম-কাজসমূহ আলোচনা কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলং জিলাৰ ডিফুৰ মাটিপুঙত থকা উদ্ভিদ উদ্যান তথা কাৰু শিল্প কেন্দ্ৰত এক উপায়ুক্ত সন্মিলন অনুষ্ঠিত হয়৷ এই সন্মিলনত প্ৰতিখন জিলাতে উন্নয়নমূলক আঁচনিসমূহ ক্ষিপ্ৰতাৰে আৰু সময়নিদ্ধাৰিতভাৱে ৰূপায়ণ কৰাৰ বিষয়সমূহ আলোচনা কৰা হয়৷
সন্মিলনৰ প্ৰথম দিনৰ কাৰ্যসূচীত অংশ গ্ৰহণৰ পিছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে শাসন ক্ষমতালৈ অহাৰ পিছতে জিলা প্ৰশাসন আৰু স্থানীয় প্ৰশাসনৰ লগত সম্পৰ্ক বজাই ৰখাৰ বাবে সিদ্ধান্ত লৈছিল৷ এই সিদ্ধান্ত অনুসৰি চৰকাৰ গঠন হোৱাৰ পিছত জিলা উপায়ুক্তসকলৰ সৈতে আজি প্ৰথমখন বৈঠক ডিফুত অনুষ্ঠিত হৈছে৷ ইয়াৰ পূৰ্বে কাজিৰঙাত আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্ৰতি ছমাহত তিনিখন সন্মিলন অনুষ্ঠিত হ’ব৷ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে সুকীয়াকৈ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত এখন আৰক্ষী অধীক্ষক আৰু উপায়ুক্তৰ সৈতে যৌথ সন্মিলন অনুষ্ঠিত হ’ব৷ এই সন্মিলনসমূহ গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস চলাইছে৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত ডিফুত অনুষ্ঠিত এই সন্মিলনত তেওঁৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলেও অংশগ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ কয় যে এই সন্মিলনত আজি দিল্লীৰ পৰা অহা জল জীৱন মিশ্যনৰ সঞ্চালকে এক প্ৰেজেক্টশ্যনো আগবঢ়ায়৷ আজিৰ এই সন্মিলনত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, কেইবাগৰাকীও মন্ত্ৰী, কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে অংশ গ্ৰহণ কৰে৷
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ডিফুৰ মাটিপুঙত উদ্ভিদ উদ্যান তথা কাৰু শিল্প কেন্দ্ৰ উদ্বোধন কৰে৷ মুখ্যমন্ত্ৰীয়ে আজি ডিফুত উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সঞ্চালকৰ নৱনিৰ্মিত ভৱনটোও উদ্বোধন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here