Home স্থানীয় ঢেকীয়াজুলিত লোমহৰ্ষক হত্যাকাণ্ড: কুঠাৰেৰে ঘপিয়াই হত্যা এজনক

ঢেকীয়াজুলিত লোমহৰ্ষক হত্যাকাণ্ড: কুঠাৰেৰে ঘপিয়াই হত্যা এজনক

82
0


গণ বাৰ্তা বিশেষ, ঢেকীয়াজুলি, ২৫ অক্টোবৰ: ঢেকীয়াজুলি থানাৰ অন্তৰ্গত ভোটপাৰাৰ পলাশবস্তীত যোৱা নিশা সংঘটিত এক হত্যাকাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷ পলাশবস্তীৰ দুই সন্তাৰ পিতৃ বিপুল ওৰাং নামৰ লোকজনে কাষৰ ঘৰৰ বন্ধু নিভাষ কৰ্মকাৰৰ ঘৰত দুয়ো মিলি সেৱন কৰিছিল চুলাই মদ৷ ইয়াৰ পিছত কাজিয়াত লিপ্ত হৈ নিভাষ কৰ্মকাৰে বিপুল ওৰাঙৰ ডিঙিত কুঠাৰেৰে আঘাত কৰি হত্যা কৰে৷ হত্যা কৰি বস্তাত ভৰাই নিজ ঘৰৰ চোতালতে পেলাই থোৱাত পুৱাৰ ভাগত হত্যাকাৰী নিভাষৰ পত্নীয়ে প্ৰত্যক্ষ কৰে মৃতদেহ৷ ইফালে হত্যাকাৰী নিভাষে পুৱাৰ ভাগতে পলায়নৰ চেষ্টা কৰিছিল যদিও স্থানীয় ৰাইজে আটক কৰি ৰাখিছিল৷ ইতিমধ্যে হত্যাকাৰী নিভাষ কৰ্মকাৰক আটক কৰিছে ঢেকীয়াজুলি আৰক্ষীয়ে৷স ুৰাৰ ৰাগীত মাতাল হৈ কাজিয়াত লিপ্ত হোৱাৰ বাবেই হত্যাকাণ্ডটো সংঘটিত হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ ইপিনে, মৃতদেহটো আৰক্ষীয়ে আজি পুৱাৰ ভাগত উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here