Home স্থানীয় বিজনীৰ ৪ নং দক্ষিণ মাক্ৰাত এছএছবিৰ অভিযানত এডাল কেকোঁ সাপসহ এজন লোক...

বিজনীৰ ৪ নং দক্ষিণ মাক্ৰাত এছএছবিৰ অভিযানত এডাল কেকোঁ সাপসহ এজন লোক গ্ৰেপ্তাৰ।

367
0

গণ বাৰ্তা, বিজনী, ১৪ মাৰ্চ: চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ৪ নং দক্ষিণ মাক্ৰাত এছএছবিৰ অভিযানত  এডাল কেকোঁ সাপসহ এজন লোক গ্ৰেপ্তাৰ হয় এছএছবিৰ ১৫ নং বেটেলিয়নৰ অভিযানত গ্ৰেপ্তাৰ হোৱা লোকজন ৩ নং দক্ষিণ  মাক্ৰা নিৱাসী  অনন্ত দৈমাৰী (৩৫)। পাছত এছএছবিয়ে জব্দকৃত  কেকোঁ সাপসহ ধৃত সৰবৰাহকাৰীটোক বন বিভাগৰ কুকলুং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত চমঝাই দিয়ে। উল্লেখ্য,  ৪ নং দক্ষিণ মাক্ৰাৰ আনাৰ আলীয়ে উক্ত কেকোঁ সাপডাল ৩ নং দক্ষিণ মাক্ৰাৰ অনন্ত দৈমাৰীৰ ঘৰত থৈ গৈছিল। অনন্ত দৈমাৰীয়ে উক্ত কেকোঁ সাপডাল আনাৰ আলীক ওভতাই দিবলৈ তেখেতৰ বাসভৱনলৈ যাওঁতেই এছ‌এছবিয়ে‌ কেকোঁ সাপসহ অনন্ত দৈমাৰীক গ্ৰেপ্তাৰ কৰে। ইফালে, ৪ নং দক্ষিণ মাক্ৰাৰ আনাৰ আলী সম্প্ৰতি পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here