Home স্থানীয় বানাক্ৰান্ত ৰাইজৰ কাষত সমাজৰ কাম কৰি ভালপোৱা এজন ব্যক্তি আৰু এদল মানৱতাৰ...

বানাক্ৰান্ত ৰাইজৰ কাষত সমাজৰ কাম কৰি ভালপোৱা এজন ব্যক্তি আৰু এদল মানৱতাৰ প্ৰকৃত জয়গান গোৱা মানুহ

797
0

গণৰ্বাতা, মাজুলি , ৩১ আগষ্ট : প্ৰকৃতিয়ে প্ৰায়ে মহা প্ৰলয়ৰ সৃষ্টি কৰে সেইয়া লাগিলে ধুমুহা, ভূমিকম্প, নাইবা বানপানীয়ে যিয়ে নহওক। কেতিয়াবা ডাঙৰ কেতিয়াবা সৰু হয় কিন্তু নৈ পৰীয়া ৰাইজৰ বাবে প্ৰতি বছৰেই মহাবাহু ব্ৰহ্মপুত্ৰই প্ৰলয় বোৱাই আনে। এইবাৰো ব্যক্তিক্ৰম নহলইয়াৰ । উজনি মাজুলীৰ বৃহত্তৰ শালমৰা অঞ্চলত শতাধিক পৰিয়ালৰ মাজত হাহাকাৰ লগাই ব্ৰহ্মপুত্ৰই ভদীয়া বানৰ তাণ্ডৱ তুলি মুহূৰ্ততে ৰাইজৰ চোতালত একাঠু, একঁকাল পৰ্যন্ত পানী উঠি আহিল । ইফালে পানী বাঢ়ি অহা লগে লগে ফেৰী সমূহ বন্ধ । দৈনিক বজাৰ কৰি পেটৰ ভোক নিবাৰণ কৰি অহা বন্যাত ৰাইজে আহাৰৰ নামত জটিল সমস্যাত পৰিল । এফালে কৰনা ৰ বাবে কেনিও ওলাই গৈ দুটকা আর্জন  কৰি আনিব নোৱাৰা পৰিৱেশ অন্যফালে বানপানী । ৰাইজৰ এই দুৰ্দশা দেখি ৰাইজৰ ওচৰত খবৰ লবলৈ সদায় অহা দৰেই আজিও আহিল যুৱ প্ৰজন্মৰ আস্থাৰ ব্যক্তি বিতোপন দলে । গাঁঠিৰ ধন ভাঙি দলে ৰাইজৰ বাবে ক্ৰয় কৰিলে কিছু খাদ্য সামগ্ৰী আৰু যাক যেনেকৈ পাৰে দি গল । এইয়া আজিৰ দিনটোৰ এক যোগাত্মক বাৰ্তা । ঘৰত বহি আমাৰ মাজৰে বহুতেই এনেকৈ সমাজৰ বাবে কাম কৰিবলৈ ওলাই অহা ব্যক্তি সকলক সমালোচনা কৰিব জানে কিন্তু নিজে কাকো একো দিব নোৱাৰে । সেয়েহে এই দৰে দিবলৈ ওলাই অহা সকলেও আজিকালি ভয় কৰে মিছা অপবাদ কিছুমান লবলৈ  নিদিয়াকৈ ঘৰত বহি থাকিলেও কোনেও একো কব নোৱাৰে কিন্তু দিবলৈ ওলাই গলেই কেইজনমান স্বয়ম্ভূ ঘৰ গোনাই ফেচবুকত গৰজি থাকে । যিয়ে এইবোৰ নিজে কৰিব নোৱাৰি লোকে কৰাও দেখিব নোৱাৰে সেই বোৰেই এনেকুৱা সমালোচনা কৰে।  অৱশ্যে ভাল কামত এতিয়াও বহুতেই শলাগ লয় বাবেই আজিও এনেকুৱা বহুত মানুহেই সহায় কৰিবলৈ আগুৱাই আহে । বিতোপন দলেৰ লগতে আজি বানাক্ৰান্ত সকলক এষাৰ মাত দিয়া প্ৰতিগৰাকী ব্যক্তিক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছ শালমৰা বাসী ৰাইজে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here