Home স্থানীয় এজাক বৰষুণতে জলমগ্ন সমগ্ৰ যোৰহাট নগৰ; কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীলৈ...

এজাক বৰষুণতে জলমগ্ন সমগ্ৰ যোৰহাট নগৰ; কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ আছুৰ

134
0

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২২ জুলাই : এফালে ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে তলাবন্ধৰ পৰিবেশ,আনফালে এজাক বৰষুণতেই জলমগ্ন হৈ পৰা সমগ্ৰ যোৰহাট নগৰ । এক কথাত যোৰহাটবাসী ৰাইজে চৰম দুৰ্দশাৰ মাজত নিজৰ জীৱন যাত্ৰা অব্যাহত ৰাখিবলগীয়া হৈছে । কালি নিশাৰ ভাগত দিয়া এজাক বৰষুণে সৃষ্টি কৰা কৃত্ৰিম বানৰ ফলত যোৰহাট নগৰৰ ক্লাব ৰ’ড, চন্দন নগৰ , ন-আলি , তৰাজান, টি.আৰ. ফুকন ৰ’ড , ৰজীমৈডাম, ৰজাবাৰী ,মালৌআলিকে আদি কৰি সমগ্ৰ যোৰহাট নগৰ আজি এআঁঠু পানীৰ তলত থাকিবলগীয়া এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে । পূৰ্বেও কৃত্ৰিম বানপানীৰ সন্মুখীন হোৱা যোৰহাটবাসী ৰাইজৰ বাবে আজিপৰ্যন্ত এটা স্থায়ী ফলপ্ৰসূ সমাধানসূত্ৰ উলিয়াব নোৱাৰি বাৰে বাৰে সমস্যা সমাধানৰ নামত সংশ্লিষ্ট কৰ্তৃপক্ষই কৰা ভেকুঁভাওনাক আজিৰ জলমগ্ন যোৰহাটে উদঙাই দিয়াৰ সময়তেই যোৰহাট নগৰৰ এই কৃত্ৰিম বানৰ সমস্যাৰ এক স্থায়ী বিজ্ঞানসন্মত সমাধানৰ বাবে আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীলৈ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ আৰু সাধাৰণ সম্পাদক দীপ দত্ত স্বাক্ষৰ সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে । বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয় , বিগত দিনত কোটি-কোটি টকা ব্যয় সাপেক্ষে যোৰহাট নগৰৰ নলা-নৰ্দমা সমূহ নিৰ্মাণ কৰা হ’ল যদিও যোৰহাট নগৰৰ ঘাই সমস্যা হিচাপে চিহ্নিত এই কৃত্ৰিম বানপানীৰ সমস্যাৰ কেৱল সমস্যা হৈয়ে ৰ’ল । বিভিন্ন সময়ত বিভিন্ন সমিতি গঠন , ৰিম’ট চেঞ্চিঙৰ জৰিয়তে এৰিয়েল ছাৰ্ভে ইত্যাদি কৰি বিগত পৌৰসভা সমূহে ধন চপোৱাৰ অচিলাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলে যদিও এই সমস্যা সমাধানৰ মূল আধাৰস্বৰূপ নগৰৰ নলা-নৰ্দমাৰ এখনি মাষ্টাৰপ্লেন প্ৰস্তুতৰ ক্ষেত্ৰত আজি পৰ্যন্ত পৌৰসভা কিম্বা জনপ্ৰতিনিধি কোনেও উদ্যোগ গ্ৰহণ নকৰিলে । স্বাধীনোত্তৰ কালত যোৰহাট নগৰত এখনো ড্ৰেইনেজ মাষ্টাৰপ্লেন নথকাটো অতি দুৰ্ভাগ্যজনক বিষয় । আচলতে গত দিন সমূহত যোৰহাটৰ নিৰ্বাচিত জনপ্ৰতিনিধিৰ অমনোযোগিতা , বিভাগসমূহৰ মাজত সমন্বয়হীনতা , যোৰহাট পৌৰসভাৰ সীমাহীন দুৰ্নীতি ,বিভিন্ন স্থানৰ বেদখল , আসোঁৱাহপূৰ্ণ নলা-নৰ্দমা নিৰ্মাণ,যধে-মধে আৱাসিক আৰু বাণিজ্যিক বিল্ডিং নিৰ্মাণৰ অনুমতি ইত্যাদি কাৰণসমূহক যোৰহাট নগৰৰ এই কৃত্ৰিম বানপানীৰ প্ৰধান কাৰক হিচাপে চিহ্নিত হৈ আহিছে । তাৰলগতে জলসিঞ্চন বিভাগে পানী যোগানৰ স্বাৰ্থত তৰাজান নৈ ভেটি মালৌআলিৰ সৰলা পুলপ সমীপত শ্লুইছ গেট নিৰ্মাণ কৰাৰ বাবেও কৃত্ৰিম বানপানীৰ সমস্যাই গা কৰা কথাটো নুই কৰিব নোৱাৰি । তাৰ সমান্তৰালভাৱে টোকোলাই , তৰাজান,ভোগগৈ আদিত অবৈধ ভাৱে বেদখল কৰাৰ ফলতো নলাৰ পানী ওলাই যাব নোৱাৰাৰ বাবে জমা হোৱা পানী নগৰতেই ৰৈ যাবলগীয়া হয় যাৰ ফলত এজাক বৰষুণ দিলেই নগৰৰ জমা পানীয়ে সমগ্ৰ নগৰখনক জলমগ্ন কৰি তোলে । অতি আশ্চৰ্যজনক বিষয় যে , যোৰহাটৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ স্বাৰ্থত নগৰৰ নলা-নৰ্দমাকে ধৰি বিভিন্ন বিষয় সমূহ নিৰীক্ষণ আৰু কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে পূৰ্বে এখন সমিতি গঠন কৰা হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত এই সমিতিখন চৰকাৰী তথা বিভাগীয় গাফিলতিৰ বাবে প্ৰহসনলৈ পৰিণত হৈছিল । বৰদলৈয়ে লগতে কয়,এই সমস্যা সমাধানৰ স্বাৰ্থত বিগত সময়ত কৰা কামবোৰ তথা যুগুতোৱা পৰিকল্পনাবোৰ পৰ্য্যবেক্ষণ আৰু ধাৰাবাহিকতাৰ অভাবত ফুটুকাৰ ফেনত পৰিণত হ’ল ৷ ছাত্ৰ সন্থাৰ স্পষ্ট দাবী , অনতিপলমে ৰাইজে দীৰ্ঘদিন দুৰ্ভোগ ভুগি অহাৰ লগতে ৰাইজৰ বিস্তৰ ক্ষতিসাধন হোৱা এই কৃত্ৰিম বানপানীৰ জ্বলন্ত সমস্যাৰ এক স্থায়ী বিজ্ঞানসন্মত সমাধানৰ ক্ষেত্ৰত মুখমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰি এক ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰিব লাগে । অন্যথা চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিৰ চূড়ান্ত অমনোযোগিতা আৰু অৱহেলাৰ বাবেই এজাক বৰষুণে সৃষ্টি কৰা এই কৃত্ৰিম বানপানীৰ সমস্যাৰ মাজেৰেই যোৰহাটবাসীৰাইজে নিজৰ জীৱন যাত্ৰা অতি দুৰ্বিসহভাৱে চলাই নিব লাগিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here