Home Main Stories ঙাইগাঁৱৰ স্বাগত হাস্পতালত প’জিটিভ মহিলাই জন্ম দিলে নিগেটিভ সন্তান

ঙাইগাঁৱৰ স্বাগত হাস্পতালত প’জিটিভ মহিলাই জন্ম দিলে নিগেটিভ সন্তান

44
0

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁওঃ, ১২ মেঃ ক’ৰোনা মহামাৰীৰ বিশ্বব্যাপী সংহাৰী ৰূপত এতিয়া চিকিৎসা ক্ষেত্ৰখনত চিকিৎসা প্ৰদান প্ৰত্যাহ্বান হিচাপে দেখা দিছে ৷ কিন্তু তাৰ মাজতো কেতিয়াবা দুই এটা খবৰ ভাল খবৰ হিচাপে বিবেচিত হয় ৷ তেনে এক ভাল খবৰ আহিল বঙাইগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ স্বাগত হাস্পতালৰ পৰা ৷ হাস্পতালখনত বুধবাৰে এগৰাকী প’জিটিভ গৰ্ভৱতী মহিলাই জন্ম দিলে এটি নিগেটিভ সন্তান ৷ উল্লেখ্য যে বুধবাৰে পোন প্ৰথমবাৰৰ বাবে বঙাইগাঁও চহৰৰ স্বাগত হাস্পতালত এগৰাকী ক’ভিড পজিটিভ গৰ্ভৱতী মহিলাক হাস্পতালখনৰ প্ৰসূতীৰোগ বিভাগৰ চিকিৎসক ডাঃ এছ কে দাসৰ তত্বাৱধানত অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় ৷ মহিলাগৰাকীয়ে জন্ম দিয়া সন্তানটি নিগেটিভ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে ক’ভিড ৰোগৰ বাবে আছুতীয়া অস্ত্ৰোপচাৰ কক্ষ, আছুতীয়া আই চি ইউ ৰ ব্যৱস্থা কৰা হয় ৷ যিটো সকলো হাস্পতালৰ বাবে সম্ভৱ নহয়। প্ৰাইভেট হাস্পতালৰ এনে প্ৰচেষ্টা নিশ্চয়কৈ স্বাস্থ্যখণ্ডৰ বাবে ভাল খবৰ৷ আনহাতে মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কাৰ্যত জড়িত হাস্পতালখনৰ চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলো ইয়াৰ বাবে নিশ্চয়কৈ প্ৰশংসাৰ পাত্ৰ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here