ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১ এপ্ৰিল ঃ যি সময়ত অভিভাৱকসকলে নিজৰ সন্তানক সু-শিক্ষা দিয়াৰ উপযুক্ত স্থান হিচাপে ব্যক্তিগত শিক্ষানুষ্ঠানক বাচি লৈছে৷ সেই সময়ত নগাঁও জিলাৰ একাংশ চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে নামভৰ্তিৰ বাবে হেতা-ওপৰা লগোৱা পৰিলক্ষিত হৈছে৷ প্ৰাপ্ত তথ্য মতে, জিলাখনৰ ঐতিহ্যমণ্ডিত চৰকাৰী উচ্ছতৰ মাধ্যমিক বালক বিদ্যালয়ত চলিত শিক্ষাবৰ্ষত ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে বিগত দুদিন ধৰি অভিভাৱক আৰু শিক্ষাৰ্থীসকলে বিদ্যালয় চৌহদত ব্যাপক ভিৰ কৰিছে৷ বিদ্যালয় কতৃৰ্পক্ষই জানিবলৈ দিয়া মতে, ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে ইতিমধ্যে প্ৰায় আঢ়ৈ শতাধিকে প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে৷ ইয়াৰ বিপৰীতে বিদ্যালয়খনত আসনৰ সংখ্যা আছে ১১০ খন৷ উল্লেখ্য ১৮৬৫ চনত প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানখনত এইদৰে নামভৰ্তিৰ বাবে বৃহৎসংখ্যক প্ৰ-পত্ৰ সংগ্ৰহ কৰাটো নিশ্চিতভাৱে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ বাবে এক আশাব্যঞ্জক খবৰ৷ কিয়নো নগাঁও চহৰত বহু কেইখন আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান আছে৷ তেনে স্থলত চৰকাৰী শিক্ষানুষ্ঠানখনৰ প্ৰতি অভিভাৱক তথা শিক্ষাৰ্থীয়ে আগ্ৰহ বৃদ্ধি পোৱাটো এক শুভ লক্ষণ৷ একেদৰে ১৮৯৫ চনতে প্ৰতিষ্ঠিত নগাঁও টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ত চলিত শিক্ষা বৰ্ষত প্ৰথম শ্ৰেণীত সন্তানৰ নাম ভৰ্তিৰ বাবে অভিভাৱকসকলে আগ্ৰহ প্ৰকাশ কৰিছে৷ ইতিমধ্যে ৭৬গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰা বুলি বিদ্যালয় কতৃৰ্পক্ষই জানিবলৈ দিছে৷ কিন্তু এই শিক্ষানুষ্ঠানত প্ৰকৃততে ৫০গৰাকী শিক্ষাৰ্থীক নামভৰ্তিৰ সুবিধা আছে৷ তৎসত্ত্বেও ৰাইজৰ ব্যাপক দাবীত বিদ্যালয় কতৃৰ্পক্ষই এইদৰে আসনৰ সংখ্যা বৃদ্ধি কৰিব লগা হৈছে৷ ইয়াৰ পিছতো বৰ্তমানেও একাংশ অভিভাৱকে তেওঁলোকৰ সন্তানক ‘ক’ শ্ৰেণীত নামভৰ্তিৰ বাবে বিদ্যালয়খনৰ প্ৰধান শিক্ষকক তীব্ৰ হেচা অব্যাহত ৰাখিছে৷ ইপিনে, জিলাখনৰ উত্তৰাঞ্চলত অৱস্থিত উদমাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত ষষ্ঠ আৰু নৱম শ্ৰেনীৰ নাম ভৰ্তিৰ বাবে ইতিমধ্যে পাঁচ শতাধিক শিক্ষাৰ্থীয়ে প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে৷ বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে, শিক্ষানুষ্ঠানখনত ষষ্ঠ আৰু নৱম এই দুটা শ্ৰেনীৰ বাবে আসনৰ মুঠ সংখ্যা হৈছে ৮০খন৷ এইদৰে দুটা শ্ৰেনীত নামভৰ্তিৰ বাবে বৃহৎ পৰিমাণৰ প্ৰ-পত্ৰ দাখিল কৰাৰ বাবে বিদ্যালয় কতৃৰ্পক্ষই বাছনি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে৷ তাৰবাবে অহা চ্ছ্ৰ এপ্ৰিলৰ দিনটো ধাৰ্য কৰিছে৷ উল্লেখ্য যে বিদ্যালয়খনৰ চৌদিশে কেবাখনো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে৷ অকল এই কেইখন শিক্ষানুষ্ঠানেই নহয়, জিলাখনৰ আন একাংশ চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী ভিৰ কৰা পৰিলক্ষিত হৈছে৷ এনে শিক্ষানুষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ বাবে পৰীক্ষাৰ ফলাফল ভাল হৈছে৷ ইয়াৰ বিপৰীতে অৱশ্যে একাংশ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি তথা শিক্ষা ব্যৱস্থা উন্নত নহয়৷ তথাপি নগাঁৱৰ এইকেইখন শিক্ষানুষ্ঠানৰ প্ৰতি ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ আগ্ৰহ বাস্তৱিকতে ভাল খবৰ৷
Home নগাঁও নগাঁৱৰ কেইবাখনো চৰকাৰী শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে শিক্ষাৰ্থীৰ ভিৰ, চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ...