ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ অক্টোবৰ ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনৰ সভাকক্ষৰ পৰা ‘অৰুণোদয়’ আঁচনিৰ হিতাধিকাৰীসকলৰ বৰ্তমানৰ আৰ্থিক অৱস্থা আৰু তেওঁলোকৰ নিৰীক্ষণ সন্দৰ্ভত বিধায়ক, উপায়ুক্ত আৰু অসমৰ প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সদস্যসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক পৰ্যালোচনা বৈঠকত মিলিত হয়৷ বৈঠকত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অৰুণোদয় আঁচনিৰ অধীনত অসমৰ প্ৰায় ২০ লাখ হিতাধিকাৰীৰ বৰ্তমানৰ আৰ্থিক অৱস্থা আৰু তেওঁলোকৰ স্থিতি সন্দৰ্ভত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা চলোৱা জৰীপৰ জৰিয়তে হিতাধিকাৰীৰ নাম পুনৰীক্ষণ কৰি সেই তালিকা ইতিমধ্যে উপায়ুক্তসকললৈ প্ৰেৰণ কৰা হৈছে৷ উপায়ুক্তসকলৰ পৰা সেই তালিকা সংগ্ৰহ কৰি ১০ দিনৰ ভিতৰত তালিকাৰ পৰা বাদ পৰি ৰোৱা হিতাধিকাৰী সংক্ৰান্তত অনুসন্ধান কৰাৰ লগতে পুনৰ অন্তৰ্ভুক্তিৰ বাবে কাৰণসহ তালিকা প্ৰস্তুত কৰিবলৈ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিসমূহক বৈঠকত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে৷ তদুপৰি নিয়মিতভাৱে প্ৰদান কৰি থকা ধনৰাশি যাতে অৰুণোদয়ৰ হিতাধিকাৰীসকলে নৱেম্বৰ মাহতো সময়মতে লাভ কৰিব পাৰে তাৰবাবে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিক অহা ২২ অক্টোবৰত সভা আয়োজন কৰাৰ লগতে ২৫ অক্টোবৰৰ ভিতৰত তথ্যসমূহ চূড়ান্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ৩ান জনায়৷ অহা ২৮ অক্টোবৰৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি হিতাধিকাৰীৰ চূড়ান্ত তথ্য তালিকা আপলোড কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে কয়৷ ৰাজনীতিৰ ঊধ্বৰ্ত থাকি প্ৰকৃত হিতাধিকাৰী নিৰ্বাচন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বৈঠকত উপস্থিত থকা বিধায়ক, উপায়ুক্ত আৰু জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সদস্যসকলক আহ৩ান জনায়৷ আজিৰ বৈঠকত মন্ত্ৰী অতুল বৰা, উৰ্খাও গৌৰা ব্ৰহ্ম, ডাঃ ৰণোজ পেগু, অজন্তা নেওগ, যোগেন মোহন, সাংসদ পল্লৱ লোচন দাস, সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ছৈয়দ্দিন আব্বাছী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্হা, আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰ, যুটীয়া সচিব স্ব›Ÿীল পাল প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্ছপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে৷
Home অসম ৰাজনীতিৰ উদ্ধৰ্ত থাকি হিতাধিকাৰী নিৰ্বাচন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ :‘অৰুণোদয়’ আঁচনিৰ হিতাধিকাৰী সন্দৰ্ভত...