Home Main Stories জনসাধাৰণৰ কুশল-মংগল কামনাৰে দেৱী দুৰ্গাৰ চৰণত সেৱা মুখ্যমন্ত্ৰীৰ : বৰাক নৈৰ ওপৰত...

জনসাধাৰণৰ কুশল-মংগল কামনাৰে দেৱী দুৰ্গাৰ চৰণত সেৱা মুখ্যমন্ত্ৰীৰ : বৰাক নৈৰ ওপৰত নিৰ্মাণৰত দলঙৰ কাম-কাজৰ পৰ্যালোচনা

58
0

গুৱাহাটী, ১২ অক্টোবৰ ঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কাছাৰ জিলাৰ উদাৰবন্দস্থিত কাঁচাকান্তি  মন্দিৰ দৰ্শন কৰি ৰাজ্যখনৰ জনসাধাৰণৰ কুশল-মংগল কামনা কৰি সেৱা আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে লগতে শ্যামানন্দ ভৈৰৱ বাৰী, পঞ্চানন শিৱবাৰী সাৰ্বজনীন দুৰ্গা পূজা, প্ৰেমতলা সাৰ্বজনীন দুৰ্গা পূজা, শেওৰাতোলা সাৰ্বজনীন দুৰ্গা পূজা, ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত আয়োজিত দুৰ্গা পূজা, বিলপাৰ দুৰ্গাবাৰী দুৰ্গা পূজা, তৰুণ ক্লাব দুৰ্গা পূজা, বজৰংপুৰ চাহ বাগিচা দুৰ্গা পূজা, তাৰাপুৰ সাৰ্বজনীন দুৰ্গা পূজা, তাৰাপুৰ সাৰ্বজনীন দুৰ্গা পূজা (মটৰ ষ্টেণ্ড), অল মেডিকেল ছেলছ পিপল দুৰ্গা পূজাস্থলীলৈ গৈ দুৰ্গা দেৱীলৈ সেৱা আগবঢ়াই ৰাজ্যখনৰ জনসাধাৰণৰ কুশল-মংগল কামনা কৰে। পূজাথলীসমূহ দৰ্শনৰ  সময়ত পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ডাঃ ৰাজদীপ ৰয়, বিধায়কসকল ক্ৰমে মিহিৰ কান্তি সোম, দীপায়ন চক্ৰৱৰ্তী উপস্থিত থাকে। ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে  ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (এন আই টি), শিলচৰ চৌহদলৈ গৈ শুভাংকৰ পণ্ডিত স্মাৰক উদ্যান  উদ্বোধন কৰাৰ লগতে বকুল বিথিআউটাৰ ৰিং ৰোড উদ্বোধন কৰে।

অনুষ্ঠানত সাংসদ ডাঃ ৰাজদীপ ৰয়, বিধায়দ্বয় দীপায়ন চক্ৰৱৰ্তী আৰু কৌশিক ৰয়; এন আই টিৰ সঞ্চালক শিৱাজী বন্দোপধ্যায় আৰু শুভাংকৰ পণ্ডিতৰ পিতৃ-মাতৃ উপস্থিত থাকে। আনহাতে, মুখ্যমন্ত্ৰীয়ে আজি শিলচৰৰ কাঠাললৈ গৈ কাছাৰ জিলা প্ৰশাসনে চিনাক্ত কৰা সংহত উপায়ুক্ত কাৰ্যালয়ৰ এডোখৰ ভূমি পৰিদৰ্শন কৰে। তদুপৰি শিলচৰৰ অন্নপূৰ্ণা ঘাট আৰু  বৰখলা বিধানসভা সমষ্টিৰ অন্তৰ্গত দুধপলি সংযোগী বৰাক নৈৰ ওপৰত নিৰ্মাণৰত দলঙৰ কাম-কাজৰ অগ্ৰগতিৰো বুজ লয়। আজিৰ পৰিদৰ্শনৰ সময়ত সাংসদ ডাঃ ৰাজদীপ ৰয়, বিধায়কদ্বয় কৌশিক ৰয় আৰু দীপায়ন চক্ৰৱৰ্তী, উপায়ুক্ত কীৰ্তি জালী প্ৰমুখ্যে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে লগতে শিলচৰৰ শিলকুড়িস্থিত বৰম বাবা মন্দিৰ দৰ্শন কৰি সেৱা আগবঢ়ায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here