Home অসম ধন লৈ গাঁওবুঢ়া নিযুক্তিৰ কথা স্বীকাৰ ছইবুৰৰ বিশেষ আদালতত ছইবুৰৰ বিৰুদ্ধে দ্বিতীয়টো...

ধন লৈ গাঁওবুঢ়া নিযুক্তিৰ কথা স্বীকাৰ ছইবুৰৰ বিশেষ আদালতত ছইবুৰৰ বিৰুদ্ধে দ্বিতীয়টো গোচৰৰ ছাৰ্জশ্বিট দাখিল

114
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ নৱেম্বৰ : ৰাজপত্ৰিত বিষয়া হোৱাৰ সুবাদতে নিজৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়া ছইবুৰ ৰহমান মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জালত পৰাৰ পিছতেই এটাৰ পিছত আন এটা কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে৷ আৰক্ষীৰ জেৰাত সকলো স্বীকাৰ কৰাৰ পিছতে দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাত অতিৰিক্ত উপায়ুক্ত হৈ থকা সময়ত ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ সত্য বুলি প্ৰমাণিত হৈছে৷ আয়তকৈ অধিক সম্পত্তি গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছতেই ছইবুৰ ৰহমানৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰা হৈছিল৷ ভাৰতীয় দণ্ডবিধি ১২০ বিয৪০৬য৪০৯ ধাৰাৰ লগতে আৰ ডব্লিউ আইনৰ ১৩ [ৰ] [বি] য১৩ [২] ধাৰাত দুটাকৈ গোচৰ ৰুজু কৰিছিল৷ ইয়াৰে ৩য২০২১ নম্বৰ প্ৰথমটো গোচৰৰ অভিযোগনামা পূৰ্বেই দাখিল কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই৷ আজি ছইবুৰ ৰহমানৰ বিৰুদ্ধে থকা উক্ত ধাৰাৰ প্তয২০২১ নম্বৰ গোচৰৰ অভিযোগনামা দাখিল কৰে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই৷ গোচৰ ৰুজু কৰাৰ ৫১ দিনৰ ভিতৰত আজি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বিশেষ আদালতত ৩০৫ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই জানিবলৈ দিয়া অনুসৰি মানকাচৰৰ ৰুহুল আমিনকে ধৰি ২৮ জন ব্যক্তিয়ে জিলাখনত গাঁওবুঢ়া নিযুক্তিত কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল৷ ২০১৮ চনত জিলাখনত অতিৰিক্ত উপায়ুক্ত হিচাপে ছইবুৰ ৰহমানে গাঁওবুঢ়া নিযুক্তিত দক্ষিণ শালমাৰা ৰাজহ চক্ৰত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ ইয়াৰ পিছতে গোচৰৰ তদন্ত আৰম্ভ কৰাৰ পিছতেই মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই পৰ্যাপ্ত তথ্য আৰু প্ৰমাণ লাভ কৰিছিল৷ তথ্য প্ৰমাণ লাভ কৰাৰ পিছতেই ছইবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি জেৰা চলোৱাৰ পিছতেই গাঁওবুঢ়া কেলেংকাৰীৰ সকলো তথ্য ওলাই পৰিছিল৷ জেৰাৰ সময়ত ছইবুৰ ৰহমানে উৎকোচ লৈ নিজৰ পছন্দৰ প্ৰাৰ্থীক গাঁওবুঢ়াৰ পদত নিযুক্তিৰ কথা স্বীকাৰ কৰাৰ লগতে ইচ্চা অনুসাৰে প্ৰাৰ্থীৰ নাম আৰু স্বাক্ষৰ সলনি কৰিছিল৷ গাঁওবুঢ়া নিযুক্তি বৰ্ডৰ সদস্য সচিব হিচাপে থকাৰ সুবিধা গ্ৰহণ কৰি ব্যাপক ধনৰ লেনদেনেৰে গাঁওবুঢ়া নিযুক্তিত কেলেংকাৰী সংঘটিত কৰিছিল৷ লক্ষণীয় যে ছইবুৰ ৰহমানৰ বিৰুদ্ধে থকা দ্বিতীয়টো গোচৰ অৰ্থাৎ প্তয২০২১ নম্বৰ গোচৰৰ তদন্ত এতিয়াও অব্যাহত আছে৷ এই তদন্তৰ অংশ হিচাপে ২০১৮ চনত কেলেংকাৰীৰ সময়ত দক্ষিণ শালমাৰা মানকাচৰৰ উপায়ুক্ত হিচাপে দায়িত্বত থকা আতিকা চুলতানাকো জেৰা চলাই আছে চি এম ভিলিলেন্সে৷ তেনেক্ষেত্ৰত ছইবুৰৰ সৈতে আন কোন কোন ৰাজপত্ৰিত বিষয়া এই কেলেংকাৰীত জড়িত হৈ আছে, তাৰ তথ্য শীঘ্ৰে ফাদিল হোৱাৰ সম্ভাৱনীয়তা জাগি উঠিছে:

LEAVE A REPLY

Please enter your comment!
Please enter your name here