Home স্থানীয় ১৬০০ পেলনীয়া প্লাষ্টিকৰ বটলেৰে এখন সৰু নাও সাজি ফেনে ফুটুকাৰে বাঢ়ি অহা...

১৬০০ পেলনীয়া প্লাষ্টিকৰ বটলেৰে এখন সৰু নাও সাজি ফেনে ফুটুকাৰে বাঢ়ি অহা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি দুঃসাহসিক যাত্ৰা ১ জন যুৱকৰ

103
0

প্ৰতিবেদক, নাজিৰা, ২৩জুনঃ প্লাষ্টিকৰ নাও সাজি ব্ৰহ্মপুত্ৰত যাত্ৰা কৰা ডিব্ৰুগড়ৰ বুমনি মঙলবাৰে উপস্থিত হ’ল মাজুলীত ৷ মাজুলীত উপস্থিত হোৱাৰ পাছত মাজুলী পৰ্যটনৰ জড়িত একাংশ যুৱকে গামোচা পিন্ধাই আদৰণি জনায় উক্ত যুৱকজনক । উল্লেখ্য যে প্ৰায় ১৬০০ পেলনীয়া প্লাষ্টিকৰ বটলৰ (plastic bottle) পৰা এখন সৰু নাও সাজি উলিয়াইছিল ডিব্ৰুগড়ৰৰ বুমনিয়ে ৷ নাওখন নিৰ্মাণ হোৱাৰ পিছত সম্প্ৰতি সেই টুলুঙা সৰু নাওখনৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাত্ৰা কৰিছে বুমনি নামৰ এজন যুৱকে । যি সময়ত বানৰ আগমনৰ লগে লগে ফেনে ফুটুকাৰ মহাবাহু ব্ৰহ্মপুত্ৰ ওফন্দি উঠিছে সেই সময়তে নদীৰ বুকুৱেদি বগীবিলৰ পৰা মাজুলীলৈ দুঃসাহসিক যাত্ৰা চলাইছে যুৱকজনে । এই যুৱকজনৰ বুকুত এটাই সপোন ব্ৰহ্মপুত্ৰ নদীখন এদিন প্লাষ্টিক মুক্ত হ’ব ৷ মূলত ব্ৰহ্মপুত্ৰ নদীক প্লাষ্টিক তথা প্ৰদূষণমুক্ত কৰাৰ বাবে সমগ্ৰ অসমতে সজাগতা মূলকবাণী বিলোৱাৰ উদ্দেশ্যে সোমবাৰৰ পৰা নিজা প্ৰচেষ্টাৰে ডিব্ৰুগড় জিলাৰ বগীবিলৰ পৰা যা‌ত্ৰা আৰম্ভ কৰিছে যুৱকজনে ৷ প্ৰায় ১২ ঘন্টাৰ বিপদ সংকুল যাত্ৰা অতিক্ৰম কৰি শিৱসাগৰ জিলা অন্তৰ্গত দিচাংমুখৰ অফলাৰ লুইতৰ চাপৰিত তেওঁ সোমবাৰৰ নিশাটো যাপন কৰে । পুনৰ নিৰ্দিষ্ট লক্ষ্যৰ পমখেদি পুৱাই ব্ৰহ্মপুত্ৰৰ বুকুৱেদি শিৱসাগৰ জিলা অতিক্ৰম কৰি মাজুলিলৈ বুলি ৰাওনা হয় বুমনি ৷ এবিচিডি (abcd exploration)ৰ উদ্যোগত এই প্ৰচেষ্টা লোৱা ডিব্ৰুগড়ৰ বুমনি অৰ্থাৎ ধীৰাজ বিকাশ গগৈক দিখৌমুখতো প্ৰকৃতিপ্ৰেমী ৰাইেজ উষ্ম আদৰণি জনোৱা দেখা গ’ল আৰু অৱশেষত মঙলবাৰে মাজুলীত উপস্থিত হ’ল যুৱকজন ৷ ইফালে এয়াই প্ৰথম নহয় বিগত ডেৰমাহ ধৰি যধে মধে পেলোৱা প্লাষ্টিকৰ বটল সমূহ বুটলি লুইতৰ কাষৰীয়া এলেকা সমূহ পৰিষ্কাৰ কৰাৰ কামতো ব্যস্ত আছিল যুৱকজন ৷ যি সময়ত সমগ্ৰ বিশ্বত প্লাষ্টিকৰ ব্যৱহাৰ নিয়ন্ত্ৰণকলৈ ব্যাপক প্ৰতিক্ৰিয়া তথা জল্পনা কল্পনাৰ সৃষ্টি হৈছে সেই সময়তে ধীৰাজ বিকাশ গগৈৰ এনে প্ৰচেষ্টাত প্লাষ্টিকৰ নতুন ব্যৱহাৰৰ দিশ মুকলি কৰাৰ বাবেও এতিয়া যুৱকজনৰ উক্ত কৰ্মৰাজিক লৈ শলাগ লৈছে বিভিন্ন মহলে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here