Home Main Stories এজন সফল বিজ্ঞান শিক্ষকৰ কথা

এজন সফল বিজ্ঞান শিক্ষকৰ কথা

85
0

  ✍️ খবিৰ আহমেদ

বৰপেটা জিলাৰ মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসৰী অধ্যক্ষ ওমৰ উদ্দিন খান চাহাবৰ যোৱা ওঠৰ তাৰিখে পৰলোক প্ৰাপ্তি ঘটে। প্ৰতি নিয়ত হেজাৰ হেজাৰ খবৰ পাৰ হৈ যোৱাৰ দৰে কিছুমান বাতৰি কাকতত তেখেতৰ মৃত্যু সংবাদো আছিল অতি সাধাৰণ এটা খবৰ। কিন্তু যিসকলে তেখেতৰ ছাত্ৰ-ছাত্ৰী আছিল, যিসকলে তেওঁৰ ওচৰত বিজ্ঞান বিষয়টো পঢ়িছিল তেওঁলোকৰ ওচৰত  এই খবৰটো নিশ্চয় সাধাৰণ খবৰ নাছিল।

ওমৰ উদ্দিন খান চাৰৰ মৃত্যুৱে আমাৰ মনতো গভীৰ ভাবে ৰেখা পাত কৰিৰ গ’ল, কিয়নো যোৱা শতিকাৰ সত্তৰৰ দহকত আমিও তেখেতৰ ছাত্ৰ আছিলো। অষ্টম, নবম আৰু দশম মান শ্ৰেণীত তেখেতে আমাক সাধাৰণ বিজ্ঞান শিকাইছিল। হওঁতে অংক আৰু বিজ্ঞান বিষয়ত আমি আছিলো একেবাৰেই নিশকতীয়া ছাত্ৰ। কিয় যেন বাৰু অংক আৰু বিজ্ঞান বিষয়টো আমাৰ মূৰত একেবাৰে সোমোৱাইই নাছিল। সেয়েহে অংক আৰু বিজ্ঞান বিষয়ৰ ক্লাছৰ পৰা মই আৰু মোৰ নিচিনা বিজ্ঞান ভীতিত সদা-সৰ্বক্ষণ  বিতত হৈ থকা সহপাঠী কেইজনমান (নাম উল্লেখ কৰাৰ পৰা বিৰত থাকিলো) সদায় পলাই ফুৰিছিলো। আৰু আমি যে অংক আৰু বিজ্ঞানৰ ক্লাছৰ পৰা পলাই ফুৰিছিলো সেই কথা চাৰেও জানিছিল। আমাৰ বিদ্যালয়ৰ গাতেই লাগি আছিল (এতিয়াও আছে) দিক্ষন বৰপেটাৰ  বিখ্যাত আৰু আটাইতকৈ ডাঙৰ বজাৰ—মন্দিয়া বজাৰ। এদিন মই আৰু সহপাঠী দুজনে ‘পাল-ছুইটৰ’ আগেদি বজাৰৰ পৰা চিগাৰেটৰ ধুৱা উৰুৱাই উৰুৱাই বীৰদৰ্পে বিদ্যালয়লৈ আহি আছিলো। এনেদৰে আহি থাকোতে কেনেকৈ যে আমি হঠাৎ খান চাৰৰ একেবাৰে সমূখত পৰি গ’লো সেয়া তৰ্কিবই নোৱাৰিলো। মোৰ সহপাঠী দুজনে দুফালৰ পৰা দৌৰি পলাই পত্ৰং দিলে। মই কিংকৰ্তব্য বিমূৰ হৈ বজ্ৰপাত পৰা গছৰ দৰে থিয় হৈ থাকিলো। দৌৰিবলৈ সাহস অথবা সুযোগ নহ’ল। মই সম্ভিত ঘূৰাই পোৱাৰ আগতেই চাৰে মাত লগালেঃ ‘‘শুন খবিৰ, এটা সমস্যাৰ পৰা পলাই ফুৰিলে সমস্যাটো কেতিয়াও শেষ হৈ নাযায়। সমস্যাটো বাঢ়িহে যায়। তহঁতে অংক আৰু বিজ্ঞানৰ ক্লাছত উপস্থিত থাকিবি। অন্ততঃ পাছ কৰাৰ জোখাৰে বিষয় দুটা শিকি ল‘। নহ’লেতো নিগমে মৰিবি।” কথাখিনি কৈ খান ছাৰে তৰিৎ গতিত সমুখৰ ফালে খোজ ললে।

এই ঘটনাৰ পিছত আমি যিদনা প্ৰথম খান চাৰৰ ক্লাছত উপস্থিত হ’লো, সেইদিনটো আছিল মোৰ জীৱনৰ বাবে এটা উল্লেখযোগ্য দিন। খান চাৰ ক্লাছত সোমোৱাৰ লগে লগেই সমগ্ৰ শ্ৰেণী কোঠাৰ পৰিবেশটো সলনি হৈ গ’ল। উৎকট গৰমৰ মাজত হঠাৎ এচাটি মলয়া বতাহে যেনদৰে মন প্ৰাণ সতেজ কৰি তোলে, তেখেতে ক্লাছত ভৰি দিয়াৰ লগে লগেই ঠিক তেনেকৈ সকলো ছাত্ৰ-ছাত্ৰী সষ্টম হৈ পৰিল। বিজ্ঞানৰ ক্লাছ বুলি মোৰ মন মগজু ভয়-ভীতিৰে ভাৰাক্ৰান্ত হৈ আছিল। ক্লাছ আৰম্ভ  হ’ল। কিন্তু ইকি! ইতো বিজ্ঞানৰ ক্লাছ নহয়, যেন বিশ্ব ব্ৰহ্মান্ডৰ এক ৰহস্যভৰা পৃথিবী, যেন বিজ্ঞান বিষয়ৰ এক নাট্যশালা! পিছলৈ গৈ মানব কম্পিউটাৰ শকুন্তলা দেবীৰ ‘Matheability’ নামৰ অংক বিষয়ৰ ওপৰত লিখা জনপ্ৰিয় কিতাপখন পঢ়িবলৈ লৈ যেনেদৰে মূহুৰ্তৰ ভিতৰত আত্মহাৰা হৈ পৰিছিলো, সেইদিনাও মোৰ আছিল ঠিক তদ্ৰূপ অবস্থা। সেই দিনা চাৰে ছাত্ৰ সকলক বিজ্ঞান মনস্কতা আহৰণ কৰিবলৈ উপদেশ দি আছিল। সমুখৰ বেঞ্চৰ পৰা কোনোবা এজনে চাৰক প্ৰশ্ন কৰিলেঃ ‘ছাৰ, বিজ্ঞান মানসিকতা কেনেকৈ আহৰণ কৰিম?’ ছাৰে টপৰাই উত্তৰ দিলেঃ‘‘ Doubt everything. সকলো বস্তুকেই সন্দেহ কৰিবা। কোনো কথা শুনাৰ লগে লগেই বিশ্বাস নকৰিবা, যিকোনো ঘটনা-পৰিঘটনা সদায় জ্ঞান আৰু যুক্তিৰে বিচাৰ কৰি চোৱাটোৱই  বিজ্ঞান।” তাৰ পিছত চাৰে কৈ গ’ল বিজ্ঞানৰ বৈশিষ্ঠৰবোৰৰ কথা। Observation, experimentation and implementation. এটা বস্তু বিজ্ঞান ভিত্তিক হয়নে নহয় সেই কথা প্ৰতিষ্ঠা কৰিবলৈ বস্তুটোৱে তিনিটা চৰ্ত পূৰণ কৰিব লাগিব—আৰু চৰ্ত কেইটা হৈছে নীৰিক্ষণ, পৰীক্ষণ আৰু  তাৰ সফল প্ৰয়োগ। বৈজ্ঞানিক বিশ্লেষনৰ বাবে সদায় মনত ৰাখিব লাগিব ঘটনাবোৰ ‘কি’, ‘কিয়’ আৰু ‘কেনেকৈ’ ঘটে?  খান চাৰৰ  নাটকীয়, আত্ম-প্ৰত্যয় দৃপ্ত আৰু অতি ৰসাল উপস্থাপনে বিজ্ঞানৰ সেই কঠিন বিষয়বস্তুয়ো আমাৰ ওচৰত অতি সহজ-সৰল আৰু মনোগ্ৰাহী কৰি তুলিলে। ইমান দিনে ভয়ত পলাই ফুৰা মই মানুহজনে হঠাৎ যেন বিজ্ঞান বিষয়টো উপভোগ কৰিবলৈ ধৰিলো। খান চাৰৰ সেই ক্লাছটোৱ বিজ্ঞানৰ প্ৰতি মোৰ দৃষ্টি ভংগীয়েই সলনি কৰি দিলে। 

ইয়াৰ পিছৰ পৰা আমি কোনোদিনেই খান ছাৰৰ বিজ্ঞানৰ ক্লাছ মিচ্ কৰা নাছিলো। তেখেতৰ অসাধাৰণ উপস্থাপন শৈলীৰে বিজ্ঞানৰ নিচিনা এটা জটিল বিষয়ক আমাৰ ওচৰত ৰোমাঞ্চকৰ কৰি তুলিছিল, আমাৰ সেই কৈশোৰ কালৰ মনটোক আলোকিত কৰি তুলিছিল। তেওঁ লোৱা প্ৰতিটো ক্লাছত আমি ৰোমাঞ্চিত অনুভৱ কৰিছিলো। খান ছাৰে আমাক শিকাইছিল কি পদ্ধতিৰে হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৰ পৰা গীত-মাতবোৰ আমি ঘৰত বহি শুনি থকা ৰেডিঅ’ ছেট্লৈ পঠোৱা হয়। কেনেকৈ শব্দক মেগনেট  তৰংগলৈ পৰিবৰ্তন কৰা হয়, কেনেকৈ সেই মেগনেট তৰংগক বায়ুৰ আয়নস্ফিয়াৰেদি চৌদিশে পঠিয়াই দিয়া হয়, কেনেদৰে আকৌ সেই মেগনেট তৰংগক ৰেডিঅ’ ছেটৰ ভিতৰত থকা মেগনেটে টানি আনি আকৌ গীত মাতলৈ ৰূপান্তৰিত কৰে। তেওঁৰ মাত কথাত জীৱন্ত হৈ উঠিছিল ৰেডিঅ’ৰ আবিস্কাৰক মাৰ্কনি, আইনষ্টাইন, চাৰ আইজাক নিউটন অথবা টমাচ আলভা এডিচন। সৌৰজগতত বিচৰণ কৰা গ্ৰহ-নক্ষত্ৰৰবোৰৰ সেই অপাৰ বিস্ময় ভৰা কথাবোৰ তেওঁৰ স্বভাবসিদ্ধ শৈলীৰে যেতিয়া আমাৰ আগত উপস্থাপন কৰিছিল, তেতিয়া আমি কেবল অবাক হৈ তেওঁৰ মুখলৈ চাই থাকিছিলোঁ।

ওমৰ উদ্দিন খান ছাৰৰ সেই অসাধাৰণ বিজ্ঞান বিষয়ৰ উপস্থাপন শৈলীয়ে বাৰে বাৰে মোৰ মনত দোলা দিছিল যেতিয়া চাকৰি কালত বিদ্যালয় সমূহত বিজ্ঞানৰ ক্লাছবোৰ পৰিদৰ্শন কৰিছিলোঁ। সমগ্ৰ দেশতেই আজি বিজ্ঞান আৰু গণিত বিষয়টো ছাত্ৰ-ছাত্ৰীৰ ওচৰত অতি দ্ৰূত গতিত অপ্ৰিয় হৈ পৰিব ধৰিছে। অসমৰ শিক্ষানুষ্ঠান সমূহত বিজ্ঞান বিষয় আৰু কলা বিষয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যালৈ চালেই তাৰ প্ৰমাণ পোৱা যায়। আমাৰ ৰাজ্যখনত যেতিয়া কলা শাখাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় তিনি লাখ, সেই সময়ত বিজ্ঞান বিষয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মাত্ৰ বিশ হাজাৰৰ পৰা পচিশ হাজাৰৰ মাজত থাকে। বিজ্ঞান আৰু কলা শাখাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ মাজত এই বিৰাট ব্যবধানৰ কাৰণ কি? বিজ্ঞান আৰু গণিত বিষয়টো ছাত্ৰ-ছাত্ৰী সকলে কিয় ইমান বেয়া পায়? বিষয় দুটা যেন ছাত্ৰ-ছাত্ৰীৰ ওচৰত এক ধৰণৰ ভয় আৰু আতংকৰ কাৰণ। বিজ্ঞান বিষয় থকা অসমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত কৰবাত দুই এজন ছাত্ৰ আছে, কৰবাত নায়েই। অথচ শিক্ষক সকলে দা-দৰমহা লৈয়েই আছে। অসমৰ শিক্ষা বিভাগৰ ই এক জলন্ত সমস্যা। শিক্ষা জগতৰ এই পৰিঘটনাটোৱে ইতিমধ্যে দেশৰ বৌদ্ধিক মহলক চিন্তিত কৰি তুলিছে। দেশৰ বাবে, জাতিৰ বাবে অদূৰ ভবিষ্যতত এইয়া অশনি সংকেত। কিন্তু এই ক্ষেত্ৰত প্ৰকৃততে দোষ কাৰ? শিক্ষক সকলৰ নে ছাত্ৰৰ? বিফল কোনে হৈছে? শিক্ষক সকল বিফল হৈছে নে ছাত্ৰ-ছাত্ৰী সকল বিফল হৈছে? এই সম্পৰ্কে আমাৰ দেশৰ মানব কম্পিউটাৰ শকুন্তলা দেবীয়ে কয় যে গণিত আৰু বিজ্ঞান বিষয়টো যে ছাত্ৰ-ছাত্ৰীৰ মাজত অপ্ৰিয় হৈ পৰিছে তাৰ কাৰণে সম্পূৰ্ণ ভাবে দায়ী হৈছে শিক্ষক সকল। তেওঁ কৈছে যে কোনো বিষয়েই ইমান কঠিন নহয় যে ছাত্ৰ-ছাত্ৰীয়ে সেইবোৰ আয়ত্ব কৰিব নোৱাৰিব। আচলতে শিক্ষক সকলে গণিত আৰু বিজ্ঞান বিষয় দুটাক যেনেদৰে মনোগ্ৰাহীকৈ সজোৱা, উপস্থাপন আৰু বিপণন (attractive packaging, presenting and marketing) কৰিব লাগে সেই ক্ষেত্ৰত বিফল হৈছে। গণিত আৰু বিজ্ঞানৰ শিক্ষক সকলে তেওঁলোকৰ বিষয় দুটাৰ শিক্ষা পদ্ধতিক মনোগ্ৰাহী, আকৰ্ষণীয় কৰি তুলিব পৰা নাই, যাৰ বাবে বিষয় দুটাৰ এই দুৰাবস্থা। তাৰ কাৰণেই এইবোৰ বিষয়ৰ জনপ্ৰিয়তা ছাত্ৰ-ছাত্ৰীৰ মাজত দ্ৰূতগতিত হ্ৰাস পাই আছে।

     আমি দেখি আহিছো যে একাংশ অংক আৰু বিজ্ঞানৰ শিক্ষক মানেই যেন গুৰু-গম্ভীৰ ঋষি বা মুনি। তেওঁলোকে কথা কমকৈ কয়, কাচিৎহে তেওঁলোকৰ মুখত হাঁহি দেখা পোৱা যায়। মৰম-চেনেহতো দূৰৰেই কথা, তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ লগত কোনো ধৰণৰ যোগাযোগ নাৰাখে। লঘু দোষত ছাত্ৰ-ছাত্ৰীক মাত্ৰাধিক শাস্তি দিয়ে। ভয়ত ল’ৰা ছোৱালীবোৰ তেওঁলোকৰ পৰা আঁতৰি থাকে। নিজকে মহাজ্ঞানী বুলি ভাবি লৈ অহংকাৰত গঙাটোপ হৈ থাকে। অথচ বিজ্ঞানৰ মহাগুৰু এলবাৰ্ট আইনষ্টাইনে কৈছিলঃ “ যদি তুমি কব লগা কথাটো ছবছৰীয়া শিশু এটাক বুজাই কব পৰা নাই, তেন্তে তুমি নিজেই কথাটো বুজি পোৱা নাই।” বিদ্যালয় সমূহ পৰিদৰ্শন কালত এনেকুৱা বিজ্ঞানৰ শিক্ষক লগ পাইছো যে তেওঁলোকে নিজে অসমীয়া মাধ্যমত শিক্ষালাভ কৰিছে, অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিজ্ঞান শিকাই আছে অথচ তেওঁলোক অসমীয়াত ‘বিজ্ঞান’ শব্দটো বানান কৰিব নোৱাৰে। এইয়াই হৈছে একাংশ বিজ্ঞান শিক্ষকৰ অবস্থা। 

এই খিনিতেই আছিল ওমৰ উদ্দিন খান ছাৰৰ লগত বেলেগ বিজ্ঞান শিক্ষকৰ পাৰ্থক্য। ছাৰে তেওঁ শিকোৱা বিষয়টোৰ attractive packaging, presenting and marketing কৰিব জানিছিল। তেখেতে বিজ্ঞান বিষয়টোক আবেগিক ভাবে ভাল পাইছিল। বিজ্ঞানৰ প্ৰতিটো অধ্যায়ৰ বিষয়বস্তুৰ গভীৰ অভ্যন্তৰলৈ তেওঁ সোমাই গৈছিল, নিজে ভালকৈ বুজি লৈছিল সেই বিষয়ৰ মৰ্ম কথা আৰু তাৰ পিছত অতি সহজ সৰল, প্ৰাঞ্জল ভাষাত ছাত্ৰ সকলৰ সমুখত উপস্থাপন কৰিছিল। কোনোবাই পাঠ বুজি নাপালেও বা হোমওৱাৰ্ক নকৰিলেও ছাৰে কাকো বেয়াকৈ কোৱা নাছিল বা শাস্তি প্ৰদান কৰা নাছিল। 

এসময়ৰ কটন কলেজৰ বিজ্ঞানৰ স্নাতক খান চাৰ আছিল সকলো বিষয়ত অতিকৈ সপ্ৰতিভ। সদায় বগা পায়জামা-পাঞ্জাবী  পিন্ধি ক্লাছ লবলৈ অহা, হৃষ্ট-পুষ্ট, ধুনীয়া চেহেৰাৰ, হাঁহি মুখীয়া খান ছাৰৰ বিজ্ঞানৰ ক্লাছবোৰ এতিয়াও আমাৰ চকুত ভাহি আছে। বিজ্ঞানৰ এগৰাকী সফল শিক্ষক ওমৰ উদ্দিন খান চাৰৰ প্ৰতি তেওঁৰেই একালৰ এজন নিশকতীয়া ছাত্ৰৰ এইয়া যৎসামান্য অশ্ৰু অঞ্জলি। 

[ লেখকৰ ফোন নম্বৰ: 📞 9954033111 ]

LEAVE A REPLY

Please enter your comment!
Please enter your name here