Home Main Stories ৰাজ্যত যুগৰ পিছত যুগ পাঠদান কৰি শিক্ষকৰ বিনাবেতনে অৱসৰৰ বেদনাদায়ক পৰিঘটনা অব্যাহত:...

ৰাজ্যত যুগৰ পিছত যুগ পাঠদান কৰি শিক্ষকৰ বিনাবেতনে অৱসৰৰ বেদনাদায়ক পৰিঘটনা অব্যাহত: এজন শিক্ষকে কৰিলে আত্মহনন

174
0

গণ বাৰ্ত বাইহাটা চাৰিআলি, 2 ডিচেম্বৰ : ৰাজ্যত এটা যুগৰ পিছত আনটো যুগ শিক্ষানুষ্ঠানত পাঠদান কৰি প্ৰাদেশীকিকৰণৰ অভাৱত জীৱনৰ অৰ্ধেক কাল অতিবাহিত কৰিও সময়ৰ গতিত প্ৰাদেশীকিকৰণৰ আশা বুকুতে বান্ধি ৰাখি বিনাবেতনে অৱসৰলৈ খুদাহাতে এচাম শিক্ষক-কৰ্মচাৰীয়ে কৰ্মথলী ত্যাগ কৰি ওভতনি যাত্ৰা আৰম্ভ কৰিবলগা হোৱা বেদনাদায়ক ধাৰাবাহিক পৰিঘটনাৰ এতিয়াও পৰিসমাপ্তি ঘটা নাই ।এনে ঘটনাৰ পুনৰাবৃত্তি ঘটিয়েই থকাত শেহতীয়াকৈ কামৰূপ জিলাৰ আৰু এগৰাকী শিক্ষকে বহু আশাৰে স্থাপন কৰা শিক্ষানষ্ঠান এখনৰ পৰা অতি বিষণ্ণমনে বিনাবেতনে অৱসৰ লবলগাত পৰে। এই শিক্ষক গৰাকী হৈছে জিলাখনৰ কমলপুৰ সমষ্টিৰ ডোৰাকঁহৰাৰ চন্দ্ৰমল কাকতি উচ্চ মাধ্যমিক কন্যা বিদ্যালয়ৰ প্ৰধান শিক্ষক  ধীৰেন্দ্ৰ কাকতি।তেওঁ ১৯৯৪ চনত এই অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানখনত যোগদান কৰি  সুদীৰ্ঘ ২৭ বছৰ বিনাবেতনে শিক্ষাদানৰ মহৎ কৰ্মত আত্মনিয়োগ কৰি ৩১  ডেচেম্বৰ অৱসৰ লাভ কৰে । এই উপলক্ষ্যে সেইদিনা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেবেন ডেকাৰ পৰিচালনাত আয়োজিত বিদায় সম্বৰ্ধনা অনুষ্ঠানত বিদায়ী শিক্ষক কাকতিক মানপত্ৰ,কিতাপৰ টোপোলা, জাপি-শৰাই আদিৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত সভাপতি গৰাকীৰ লগতে সম্পাদক ড° সুমনজিৎ কাকতি সমন্বিতে বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী সকলে অৱসৰী শিক্ষক গৰাকীৰ ২৭ বছৰীয়া অৱদানৰ বিষয়ে আলোকপাত কৰি ভৱিষ্যতেও তেওঁৰ পৰা দিহা-পৰামৰ্শ কামনা কৰে। তদুপৰি,বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক ড° সুমনজিৎ কাকতিয়ে নিজাববীয়াকৈ শিক্ষক কলিতালৈ এই সেৱাৰ বাবে মাননীস্বৰূপে ১০ হাজাৰ টকাৰ চেক এখন আগবঢ়ায়। সুদীৰ্ঘ ২৭ বছৰ বিনাবেতনে শিক্ষাদানৰ মহৎ কৰ্মত আত্মনিয়োগ কৰি অৱসৰ লোৱা শিক্ষক গৰাকীয়ে এইখিনি লৈয়ে অশ্ৰুসিক্ত নয়নৰে বিদ্যালয়খনৰ পৰা বিদায় ঘৰলৈ ঢাপলি মেলে। তেওঁৰ অৱসৰৰ পিছত চৈয়দ তৰমুজ আলীক প্ৰধান শিক্ষকৰ দায়িত্ত অৰ্পণ কৰা হয় উল্লেখ্য, ২৭ বছৰ বিনাবেতনে শিক্ষাদান কৰি শিক্ষানুষ্ঠানখনৰ পৰা শিক্ষক গজেন কলিতায়ো কেইদিনমান পূৰ্বে প্ৰাদেশীকিকৰণৰ আশা বুকুতে বানধি ৰাখি অৱসৰ লবলগা হৈছিল। অকল এয়াই নহয়, শিক্ষানুষ্ঠানখনৰ বিজ্ঞান শিক্ষক কণক ডেকায়ো প্ৰাদেশীকৰণৰ সপোন ত্যাগ কৰি কাকতিৰ বিদায়ৰ দিনটোৰ নিশা ৰেলৰ সম্নুখত পৰি আত্মহনন কৰিছিল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here