Home স্থানীয় চিৰাঙৰ বাসুগাঁৱত তিনি দিনৰ বাবে লকডাউন ঘোষণা ৮ টাকৈ সামাজিক সংগঠনৰ

চিৰাঙৰ বাসুগাঁৱত তিনি দিনৰ বাবে লকডাউন ঘোষণা ৮ টাকৈ সামাজিক সংগঠনৰ

87
0

সঞ্জয় সৰকাৰ, কাজলগাঁও, ২১ মে’ : ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে বি টি আৰৰ চিৰাং জিলাতো কোৰোনাৰ দ্বিতীয় ঢৌত আক্ৰান্তৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাই আহিছে । চিৰাং জিলাখনৰ ব্যৱসায়িক চহৰ বাসুগাঁও অঞ্চলত কোৰোনাৰ দ্ৰুত সংক্ৰমণ আৰম্ভ হৈছে । জিলা প্ৰশাসনে চহৰখনৰ চাৰিটাকৈ এলেকাক ইতিমধ্যে কন্টেইনমেন্ট জ’নৰ আওতাত ৰাখিছে । তথাপি কোৰোনাৰ সংক্ৰমণ ৰোধ হোৱা নাই । সেয়ে বাসুগাঁও চহৰখনত দ্ৰুত গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বাসুগাঁও অঞ্চলত সক্ৰিয় সামাজিক সংগঠন ক্ৰমে বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচন, নিখিল বড়ো ছাত্ৰ সন্থা (এবছু), সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু), সদৌ অসম ছাত্ৰ সন্থা (আছু), সদৌ বি টি এ ডি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু), বাসুগাঁও বজাৰ কমিটী আৰু বাসুগাঁও ব্যৱসায়িক সন্থাৰ যৌথ উদ্যোগত হোৱা এক আলোচনা মৰ্মে অহা ২১ মে’ (শুকুৰবাৰ)ৰ পৰা ২৩ মে’(ৰবিবাৰ)লৈকে তিনিদিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। উক্ত তিনি দিনত জৰুৰীকালীন সেৱাৰ বাহিৰে চহৰখন স্তব্ধ হৈ পৰিব। উক্ত সংগঠনসমূহে ৰাইজক এই সমূহীয়া লকডাউন কাৰ্যসূচীত সহযোগ কৰিবলৈ আহ্বান জনাইছে । প্ৰশাসন সূত্ৰে জানিব পৰা মতে আজিৰ দিনটোত জিলাখনত পুনৰ জিলাখনত ৩৮গৰাকী লোকৰ শৰীৰত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত দ্বিতীয় ঢৌত মুঠ ৭৪৮গৰাকী লোকৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰিছে। উল্লেখ্য যে জিলাখনত ইতিমধ্যে কোৰোনাৰ প্ৰথম আৰু দ্বিতীয় ঢৌত মুঠ ১৮গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here