Home অসম পবিতৰাত পোৱা গ’ল ১০৭ টা গঁড়

পবিতৰাত পোৱা গ’ল ১০৭ টা গঁড়

243
0


গণ বাৰ্তা, মায়ং, ২৪ মাৰ্চ ঃ পবিতৰা অভয়াৰণ্যৰ গঁড় গণনা কাৰ্যসূচী আজি সফল সামৰণি পৰে৷ গণনাৰ অন্তত অভয়াৰণ্যখনত মুঠ ১০৭টা গঁড়ৰ অৱস্থিতি ধৰা পৰে৷ ইয়াৰ ভিতৰত পোৱা গ’ল মতা গঁড় ৩০টা, মাইকী গঁড় ৫০টা আৰু পোৱালি ২৭টা৷ পবিতৰাৰ দায়িত্বত থকা ডি এফ অ’ জয়শ্ৰী নাইডিঙে গণনাৰ অন্তত জানিবলৈ দিয়ে৷ পবিতৰা অভয়াৰণ্যত দুদিনীয়াকৈ আৰম্ভ হোৱা ২০২২ বৰ্ষৰ গঁড় গণনা কাৰ্যসূচী আজি পুনৰ আৰম্ভ হয় পুৱা প্ত বজাৰ পৰা৷ বন বিভাগৰ উদ্যোগত পবিতৰাত আৰম্ভ কৰা গঁড় গণনাত বিভাগীয় বিষয়া-কৰ্মচাৰীসকলক মুঠ জ্ঝটা ভাগত বিভক্ত কৰি লোৱা হৈছিল৷ ৩৮ বৰ্গকিলোমিটাৰ এলেকা জুৰি আগুৰি থকা অভয়াৰণ্যখনৰ ৰজা মায়ং খণ্ডত জ্জটা আৰু বুঢ়া মায়ং, দুবৰী তলীক লৈ জ্ঝটা ভাগত ভাগ কৰি লোৱা হৈছিল৷ ২০১৮ বৰ্ষৰ গঁড় গণনাত অভয়াৰণ্যখনত পোৱা গৈছিল ১০২টা গঁড়৷ তাৰ ভিতৰত ২০টা গঁড়ৰ স্বাভাৱিক মৃত্যু আৰু দুটা মানাহলৈ স্থানান্তৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ উল্লেখযোগ্য যে ২০১৪ চনৰ পৰা পবিতৰাত চোৰাং চিকাৰীৰ হাতত এটাও গঁড় নিধন হোৱা নাই৷ এইক্ষেত্ৰত বিভাগৰ সমান্তৰালকৈ পবিতৰাৰ চৌপাশে থকা গাঁওবোৰৰ জনসাধাৰণৰ সজাগতা আৰু সহযোগিতাৰ শলাগ ল’বই লাগিব৷ আজি গণনাৰ অন্তত পূৰ্বৰ তুলনাত গঁড়ৰ বংশ বৃদ্ধি হোৱাৰ বাতৰিয়ে স্বাভাৱিকতে উৎফুল্ল কৰিছে বন বিভাগৰ লগতে স্থানীয় ৰাইজক৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল বিগত সময়ত গঁড় গণনাৰ সময়ত স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠনৰ কৰ্মকৰ্তা আৰু সচেতন দুই-চাৰি লোকক দেখা পোৱা যায় যদিও এইবাৰ কি কাৰণত বন বিভাগৰ তৰফৰ পৰা বিষয়টো এৰাই চলা হ’ল তাক লৈ চৰ্চা হৈছে৷ উল্লেখযোগ্য যে দুয়োদিনৰ গণনাত বন বিভাগৰ ভালেকেইগৰাকী উচ্ছ পদস্থ বিষয়া, ডি এফ অ’ আৰু বনাঞ্চলিক বিষয়া উপস্থিত থাকে৷ এইক্ষেত্ৰত পবিতৰাৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসে শলাগ লৈছে ডব্লিউ ডব্লিউ এফ, আৰণ্যক, শিপা, জিলা প্ৰশাসন, আৰক্ষী-প্ৰশাসন, জীপ ছাফাৰী সন্থা, হোটেল ৰিজ’ৰ্ট আৰু সংবাদ মাধ্যমক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here